কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাত ভুগিছে নেকি? এই সহজ উপায়ৰ দ্বাৰা পাব পৰিত্ৰাণ…

Gas Problem Solution: আজিকালি বহুতৰে কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা হোৱা দেখা যায়। এই সমস্যাই মানুহক অশান্তি দিয়ে। দীৰ্ঘদিন সমস্যা হৈ থাকিলে এয়া গুৰুতৰ হৈ পৰিব পাৰে।

কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাত ভুগিছে নেকি? এই সহজ উপায়ৰ দ্বাৰা পাব পৰিত্ৰাণ...

পেটৰ সমস্যা

Published: 

16 Oct 2025 17:56 PM

আজিকালি মানুহৰ মাজত কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা সাধাৰণ হৈ পৰিছে। খাদ্যভাস, জীৱনশৈলী, পৰ্যাপ্ত পানীৰ অভাৱ, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আদিৰ ফলত এই সমস্যা হয়। বহু সময় বহি থকা আৰু খাদ্য সময়মতে নোখোৱা অভ্যাসেও পেটৰ সমস্যা সৃষ্টি কৰিব পাৰে। মানসিক চাপ, টোপনিৰ অভাৱ, দুৰ্বল পাচনতন্ত্ৰ আদিও কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাৰ কাৰণ হ’ব পাৰে।

কোষ্ঠকাঠিন্য হ’লে পেটৰ বিষ, ভোক নলগা, গধুৰ অনুভৱ হ’ব পাৰে। দীৰ্ঘদিন এই সমস্যাই মানুহক অশান্তি দিব পাৰে। কিন্তু যোগাসনে আপোনাক এই সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে। বাবা ৰামদেৱৰ মতে নিয়মীয়া যোগাভ্যাসে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু অন্ত্ৰৰ গতিশীলতা বৃদ্ধি কৰে। যাৰ ফলত কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা হ্ৰাস হয়। যোগাসন কৰিলে শৰীৰত তেলৰ প্ৰবাহ শক্তিশালী হয় লগতে পেটৰ পেশীবোৰ টান খাই যাৰ ফলত খাদ্য হজম হয়।

বাবা ৰামদেৱৰ মতে, কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যাৰ বাবে তলত দিয়া যোগাসন কেইটা উপকাৰী-

পৱনমুক্তাসনঃ এই আসনে পেটত জমা হোৱা গেছ বাহিৰ কৰাত সহায় কৰে। ইয়াৰ ফলত পেট ফুলা কম হয় আৰু শৌচ ভাল হয়। ই হজমশক্তি উন্নত কৰে।

উত্তৰায়ণপদাসনঃ এই আসনে পেটৰ পেশী শক্তিশালী কৰি অন্ত্ৰৰ গতি বৃদ্ধি কৰে। ইয়াৰ ফলত জমা হোৱা গেছ নিৰ্গত হয় আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ পোৱা যায়।

নৌকাসনঃ এই আসনৰ ফলত পেটৰ পেশী মজবুত হয় আৰু হজম শক্তি ভাল হয়। ই গেছ আৰু কোষ্ঠকাঠিন্য হ্ৰাস কৰে।

সেতুবন্ধাসনঃ এই আসন কৰাৰ ফলত পেট আৰু বুকুত সামান্য চাপ পৰে। যিয়ে হজম শক্তি ভাল কৰে। ইয়াৰ ফলত গেছ, এচিডিটি, পেটৰ বিষৰ পৰা সকাহ পোৱা যায়।

মালাসনঃ এই আসনে শৌচ কৰাত সহায় কৰে। কোষ্ঠকাঠিন্য দূৰ কৰাৰ বাবে ই বিশেষ উপকাৰী। এই আসনৰ লগত আপুনি কুহুমীয়া পানী খাব পাৰে।

গুৰুত্বপূৰ্ণ

  • খালী পেটত বা কম খাদ্য খাই ব্যায়াম কৰিব।
  • অনুশীলন লাহে লাহে বৃদ্ধি কৰিব।
  • পানী খাব।
  • মাজে মাজে খোজ কাঢ়িব।
  • যোগগুৰুৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ বুকুৰ পৰা অস্বাভাৱিক মাত ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, কেনেকৈ যত্ন ল’ব জানক সকলো…

মূলা খাই পাত পেলাই দিয়াৰ ভুল নকৰিব, এনে গুণাৱলীৰ কথা জানিলে হ’ব আচৰিত
কি কি অভ্যাসে বৈবাহিক জীৱনত বিভেদ আনে জানেনে?
সলনি হ'ব জীৱন, মাথোঁ হনুমানক আগবঢ়াওক এইসমূহ সামগ্ৰীৰ ভোগ
সোঁ চকু লৰা ভাল নে বেয়া? জানক ইয়াৰ কাৰণ...