তীব্ৰ পেটৰ বিষ, বমি…পিত্তথলীৰ কৰ্কট ৰোগৰ লক্ষণ, কাৰণসমূহ কি কি জানক…
বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে দেশতো কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। বিভিন্ন কৰ্কট ৰোগৰ ভিতৰত পিত্তথলীৰ কৰ্কট ৰোগো আছে। গতিকে ইয়াৰ লক্ষণসমূহৰ বিষয়ে জনা দৰকাৰ।

পেটৰ বিষ
দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা।পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছিল যে যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে, হাজাৰ হাজাৰ লোক এই ৰোগত আক্ৰান্ত হৈছে। কৰ্কট ৰোগৰ প্ৰকাৰ বহু আছে। ইয়াৰ ভিতৰত পিত্তথলীৰ কৰ্কট ৰোগ অন্যতম। এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা কম যদিও ই অতি বিপদজনক। আজিকালি কৰ্কট ৰোগ সন্দৰ্ভত মানুহক সজাগ কৰিবলৈ চৰকাৰ বা বিভিন্ন এন জি অ আদিয়ে বহু ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু তাৰ পাছতো এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা কম হোৱা নাই।
চি কে বিৰলা হাস্পতাল দ্য অংক’লজী চেণ্টাৰৰ সঞ্চালক ডাঃ বিনয় গাইকৱাদে এই সন্দৰ্ভত সবিশেষ জনাইছে। তেওঁ কয় যে, কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পেলোৱাতো আৱশ্যক। কেতিয়া ইয়াৰ উন্নত চিকিৎসা লাভ কৰা হয় আৰু ৰোগীৰ ঠিক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
পিত্তথলীৰ কৰ্কট ৰোগ হ’লে কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক আওকান কৰি চলে। গতিকে এনে লক্ষণ আওকান নকৰি সময়মতে চিকিৎসা গ্ৰহণ কৰা আৱশ্যক।
কাৰণ
- পিত্তথলীত হোৱা পাথৰ।
- ওজন বৃদ্ধি।
- পোৰ্চিলেন পিত্তাশয়। এনে অৱস্থাত পিত্তথলীৰ দেৱালত কেলছিয়াম জমা হয়।
- বয়স বৃদ্ধি।
- ডায়েবেটিছ।
- ধূমপান, সুৰা।
- পিত্ত নলী ফুলা, যাক পিএছচি বুলি কোৱা হয়। আদি।
গোলব্লাডাৰ বা পিত্তথলীৰ কৰ্কট ৰোগৰ লক্ষণসমূহ-
- পেটৰ বিষঃ এই কৰ্কট ৰোগ হ’লে পেটৰ ওপৰৰ সোঁফালৰ অংশটোত তীব্ৰ বিষ হৈ থাকে। এই বিষ অনবৰতে হয়।
- জণ্ডিছঃ ছাল আকু চকু হালধীয়া হোৱা দেখা যায়। ইয়াৰ লগতে খজুৱতি আৰু গাঢ় ৰঙৰ প্ৰস্ৰাৱ হ’ব পাৰে।
- ওজন কমঃ কোনো কাৰণ নোহোৱাকৈ ওজন কম হ’বলৈ ধৰে।
- ভোক নলগাঃ ভোক কমি যায়, খাবলৈ মন নাযায়।
- পেটঃ পেটৰ ওপৰৰ অংশত টেমুনা বা ওজন ওজন অনুভৱ হোৱা।
- ইয়াৰোপৰি বমি, বমি বমি ভাব, পেট ফুলা, জ্বৰ, ভাগৰ আদি লক্ষণে দেখা দিব পাৰে।
গতিকে দীৰ্ঘদিন ধৰি এনে লক্ষণে দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
পিত্তথলী কি
পেটৰ সোঁফালে নাচপতিৰ দৰে থকা অংশটোকে পিত্তথলী বুলি কয়। ই যকৃতৰ ঠিক তলত থাকে। বহু ক্ষেত্ৰত পিত্তথলীৰ কৰ্কট ৰোগৰ লক্ষণসমূহ দেখা যায়। দেখা দিলেও এইবোৰ সাধাৰণ যেন লাগে। যাৰ বাবে মানুহে আওকান কৰে। কিন্তু লক্ষণ চিনাক্ত কৰি চিকিৎসা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। উল্লেখ্য যে, পিত্তথলীৰ কৰ্কট ৰোগ দুৰ্লভ।
অন্য খবৰ পঢ়কঃ প্ৰস্ৰাৱৰ ৰং সলনি, পেটৰ বিষ! হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…