ব্ৰেকফাষ্টৰ ব্ৰেড হ’ব পাৰে কেঞ্চাৰৰ কাৰক! গৱেষণাত পোহৰলৈ চাঞ্চল্যকৰ তথ্য

আপুনি জানিলে হ’ব আচৰিত, স্বাস্থ্যকৰ জ্ঞান কৰা পুৱাৰ এই ব্ৰেড আপোনাৰ স্বাস্থ্যৰ বাবে হৈ উঠিব পাৰে মাৰাত্মক। নতুন গৱেষণাত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। এই গৱেষণা মতে পাউৰুটী, ৱাইন আৰু প্ৰচেছড মিট খালে কৰ্কট অৰ্থাৎ কেঞ্চাৰ ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে।

ব্ৰেকফাষ্টৰ ব্ৰেড হ’ব পাৰে কেঞ্চাৰৰ কাৰক! গৱেষণাত পোহৰলৈ চাঞ্চল্যকৰ তথ্য

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

08 Jan 2026 | 10:40 PM

প্ৰতিটো পুৱাতে এক স্বাস্থ্যকৰ ব্ৰেকফাষ্ট অতি প্ৰয়োজনীয়। এই কথা স্বাস্থ্য বিশেষজ্ঞসকলে সদায়ে পৰামৰ্শ দি আহিছে। ব্ৰেকফাষ্টত আমাৰ অধিকাংশ লোকৰে হয়তো ব্ৰেড বা পাউৰুটী গ্ৰহণ কৰে। পিছে আপুনি জানিলে হ’ব আচৰিত, স্বাস্থ্যকৰ জ্ঞান কৰা পুৱাৰ এই ব্ৰেড আপোনাৰ স্বাস্থ্যৰ বাবে হৈ উঠিব পাৰে মাৰাত্মক। ফ্ৰান্সত হোৱা দুটাকৈ নতুন গৱেষণাত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। এই গৱেষণা মতে পাউৰুটী, ৱাইন আৰু প্ৰচেছড মিট খালে কৰ্কট অৰ্থাৎ কেঞ্চাৰ ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে।

এই গৱেষণাৰ ফলাফল CNN আৰু চিকিৎসা জাৰ্ণাল The BMJ-ত প্ৰকাশিত হৈছে। প্ৰায় ১.৭ লাখ লোকৰ খাদ্যভাস বিশ্লেষণ কৰি বিজ্ঞানীসকলে জানিবলৈ দিছে যে এই খাদ্যসমূহ সতেজ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা সংৰক্ষক (Preservatives) সমূহে শৰীৰত কৰ্কট কোষ বৃদ্ধি কৰাত সহায় কৰে।

মাৰাত্মক হিচাপে চিহ্নিত ৬ বিধ সংৰক্ষক

বিজ্ঞানীসকলে মুঠ ৫৮ বিধ প্ৰিজাৰ্ভেটিভ পৰীক্ষা কৰিছিল, ইয়াৰ ভিতৰত ৬ বিধ অতি বিপজ্জনক হিচাপে প্ৰমাণিত হৈছে। এই সংৰক্ষকসমূহ হৈছে ক্ৰমে ছ’ডিয়াম নাইট্ৰাইট, পটাছিয়াম নাইট্ৰেট, ছৰবেট, পটাছিয়াম ছৰবেট, পটাছিয়াম মেটাবিছালফাইট, এচিটিক এচিড।

কোনটো উপাদানে কি কৰ্কট ৰোগৰ আশংকা বঢ়ায়

ছডিয়াম নাইট্ৰাইট মাংস সংৰক্ষণত ব্যৱহাৰ হয়। ইয়াৰ ফলত প্ৰ’ষ্টেট কেন্সাৰৰ আশংকা ৩২% লৈ বৃদ্ধি পাব পাৰে। একেদৰে পটাছিয়াম নাইট্ৰেটৰ ফলত স্তনৰ কৰ্কট ৰোগ আশংকা ২২% বৃদ্ধি পায়। পটাছিয়াম ছৰবেট বিশেষকৈ পাউৰুটীত মিলাই দিয়া হয়। ই স্তনৰ কৰ্কট ৰোগৰ আশংকা ৩২% পৰ্যন্ত বঢ়াই দিয়ে। ৱাইনত ব্যৱহাৰ কৰা পটাছিয়াম মেটাবিছালফাইটেও স্তনৰ কৰ্কট ৰোগৰ সম্ভাৱনা ২২% বৃদ্ধি কৰে।

বিশেষজ্ঞৰ পৰামৰ্শ

গৱেষণাটোৰ নেতৃত্ব দিয়া বিজ্ঞানী ড° মেথিল্ড টুভিয়াৰৰ মতে, এই খাদ্যসমূহৰ দীৰ্ঘদিনীয়া সেৱনে শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছ বঢ়ায় আৰু কৰ্কট কোষৰ বৃদ্ধিত ইন্ধন যোগায়। মাজে-সময়ে এবাৰ-দুবাৰ খালে বিশেষ ক্ষতি নহয় যদিও, নিয়মিতভাৱে এনে খাদ্য গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজনক।

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ