চাউলৰ পৰা পোক আঁতৰ কৰাৰ ৫টা সহজ আৰু ঘৰুৱা উপায়, জানক…

চাউলত পোক লগা সাধাৰণ কথা। কিন্তু ইয়াৰ বাবে ৰান্ধনীৰ সমস্যা হয়। ইয়াৰোপৰি ই চাউলৰ গুণগতমান হ্ৰাস কৰে। পিছে আপুনি জানেনে, কিছুমান ঘৰুৱা সহজ উপায়ৰ দ্বাৰা এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

চাউলৰ পৰা পোক আঁতৰ কৰাৰ ৫টা সহজ আৰু ঘৰুৱা উপায়, জানক...

চাউল

Published: 

04 Nov 2025 | 12:22 PM

বিভিন্ন সময়ত চাউলত পোক-পৰুৱা ধৰা দেখা যায়। সাধাৰণতে চাউল বহু দিনলৈ জমা কৰি ৰখা হয়। এনে অৱস্থাত পৰিৱৰ্তিত বতৰত চাউলত পোকে ধৰে। ই চাউলৰ গুণগত মান হ্ৰাস কৰাৰ লগতে ইয়াৰ সোৱাদ কম হৈ যায়। ইয়াৰোপৰি চাউলৰ পৰা পোকবোৰ বিচাৰি বিচাৰি উলিয়াবলগীয়া হয়। কিন্তু কিছুমান ঘৰুৱা উপায়ৰ দ্বাৰা এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

চাউলৰ পৰা পোক আঁতৰ কৰাৰ উপায়

ৰ’দত ৰাখিবঃ একেবাৰে সহজ পদ্ধতি হ’ল চাউলখিনি ৰ’দত ৰাখিব। ৰ’দৰ ৰশ্মিয়ে পোকবোৰ আঁতৰি যোৱাত সহায় কৰে। এটা ডাঙৰ পাত্ৰত চাউলখিনি থৈ সেয়া ৰ’দত ২-৩ ঘন্টা ৰাখিব পাৰে। ইয়াৰ উত্তাপৰ ফলত পোকবোৰ আঁতৰি যাব।

নিম পাতঃ নিম পাতে পোক আঁতৰ কৰাত সহায় কৰে। নিমৰ প্ৰাকৃতিক বীজাণুনাশক গুণ আছে, যিয়ে পোকবোৰ আঁতৰাই পঠিয়ায়। ইয়াৰ গোন্ধ পোকবোৰে সহ্য কৰিব নোৱাৰে। এনে অৱস্থাত কেইটামান নিমপাত চাউল থোৱা পাত্ৰত থৈ দিব পাৰে।এনে কৰিলে পোকবোৰ আঁতৰি যাব।

তেজপাতঃ তেজপাতৰ গোন্ধ পোকে সহ্য কৰিব নোৱাৰে। গতিকে ২-৩ টা তেজপাত আপুনি চাউলৰ পাত্ৰত থৈ দিব পাৰে। ইয়াৰ ফলত চাউলৰ পৰা পোক আঁতৰিব। আটা, দাইল আদিতো ৰাখিব পাৰে।

নিমখঃ পোক-পৰুৱা আঁতৰ কৰিবলৈ নিমখেও সহায় কৰে। চাউলৰ পাত্ৰটোৰ তলত বা ওপৰত কেইটামান নিমখৰ টুকুৰা ৰাখিব। ইয়াৰ ফলত আৰ্দ্ৰতা কমি যায় আৰু পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে।

ভিনেগাৰঃ ভিনেগাৰৰ লগত হিং মিহলাই ইয়াক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে চাউল এটা পাত্ৰত উলিয়াই লওক। পাছত এটা সৰু বাটিত হিং আৰু ভিনেগাৰ মিহলাই চাউলৰ পাত্ৰটোৰ মাজত ৰাখক। ইয়াৰ গোন্ধ পালে পোকবোৰ আঁতৰি যায়।

 

 

অন্য খবৰ পঢ়কঃ পোক-পৰুৱাই সমস্যা দিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা লাভ কৰক সমাধান…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...