ফেটি লিভাৰ হ’লে প্ৰাৰম্ভিক অৱস্থাত শৰীৰৰ কি ৫ টা পৰিবৰ্তন হয়? জানক চিকিৎসকৰ পৰা…

আজিকালি মানুহৰ ফেটি লিভাৰৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ। ফেটি লিভাৰ হ'লে প্ৰথম অৱস্থাত লক্ষণবোৰ অতি সাধাৰণ হয়। যি মানুহে আওকান কৰে।

ফেটি লিভাৰ হলে প্ৰাৰম্ভিক অৱস্থাত শৰীৰৰ কি ৫ টা পৰিবৰ্তন হয়? জানক চিকিৎসকৰ পৰা...

যকৃত

Published: 

03 Jul 2025 20:16 PM

আজিকালি যুৱক-যুৱতীসকলৰ মাজত ফেটি লিভাৰৰ সমস্যা বৃদ্ধি পোৱা দেখা যায়। ফেটি লিভাৰ (Fatty liver) অৰ্থাৎ যকৃতত চৰ্বি জমা হোৱা আজিকালি এক সাধাৰণ সমস্যা হৈ পৰিছে। আগতে মদ্যপান কৰা লোকসকলৰ মাজত এই সমস্যা অধিক দেখা গৈছিল। কিন্তু আজিকালি মদ্যপান নকৰা সকলেও এই সমস্যত ভোগে। আজিকালি একাংশই নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (NAFLD) ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে খাদ্যাভ্যাস বেয়া, মেদবহুলতা, বহি থকা জীৱনশৈলী আৰু মানসিক চাপ আদি। পৰিৱৰ্তিত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে প্ৰতি চতুৰ্থজন ব্যক্তিয়ে ফেটি লিভাৰৰ সমস্যাৰ সন্মুখীন হৈছে।

যকৃতত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰাৰ লগে লগে যকৃতে সংকেত দিবলৈ আৰম্ভ কৰে। কিন্তু বহু সময়ত সাধাৰণ বুলি এই লক্ষণবোৰ আওকান কৰা যায়। যেতিয়া অৱস্থা গুৰুতৰ হৈ পৰে তেতিয়া বহুতে এই ৰোগৰ বিষয়ে জানিব পাৰে। কিন্তু যদি প্ৰথম অৱস্থাতে লক্ষণ ধৰিব পাৰি তেতিয়া চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই। জীৱনশৈলী আৰু খাদ্যাভ্যাসত কিছু পৰিৱৰ্তন কৰি আপুনি আৰম্ভণিতে চৰ্বিযুক্ত যকৃতৰ সমস্যা দূৰ কৰিব পাৰে।

ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণ ইমানেই সাধাৰণ যে মানুহে ইয়াক আওকাণ কৰে। কিন্তু শৰীৰে ক্ৰমান্বয়ে লিভাৰ বিপদত পৰাৰ ইংগিত দিয়ে। গ্ৰেটাৰ নয়ডাৰ সৰ্বোদয় হাস্পতালৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগৰ মুৰব্বী ডাঃ অশোক কুমাৰে ফেটি লিভাৰৰ কিছু লক্ষণৰ বিষয়ে বৰ্ণনা কৰিছে।

  1. সকলো সময়তে ভাগৰুৱাঃ যদি আপুনি বেছি কাম নকৰাকৈও ভাগৰ অনুভৱ কৰে আৰু গোটেই দিনটো শক্তিৰ অভাৱ অনুভৱ কৰে তেন্তে এয়া লিভাৰ ডিছঅৰ্ডাৰৰ লক্ষণ হ’ব পাৰে। ফেটি লিভাৰৰ বাবে ৰীৰৰ ডিটক্স প্ৰক্ৰিয়া লেহেমীয়া হয়, বিপাকীয় ক্ৰিয়া দুৰ্বল হয় আৰু আপুনি ভাগৰুৱা অনুভৱ কৰে।
  2. পেটৰ সোঁফালে গধুৰতা বা সামান্য বিষঃ যদি আপুনি পেটৰ সোঁফালে গধুৰতা বা সামান্য বিষ অনুভৱ কৰে তেন্তে এয়া ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে। এই বিষৰ পেটৰ সোঁফালে অলপ ওপৰৰ পিনে থাকে। ই যকৃতত চৰ্বি জমা হোৱাৰ আৰম্ভণি হ’ব পাৰে। প্ৰায়ে মানুহে ইয়াক গেছ বা বদহজম বুলি ভাবি আওকাণ কৰে।
  3. ওজন বৃদ্ধিঃ ওজন বৃদ্ধিও ইয়াৰ লক্ষণ হ’ব পাৰে। বিশেষকৈ পেটৰ আশে-পাশে চৰ্বি জমা হ’ব পাৰে। ফেটি লিভাৰ মেদবহুলতাৰ লগত জড়িত, বিশেষকৈ পেটৰ চৰ্বিৰ লগত। যদি আপোনাৰ কঁকাল দ্ৰুতগতিত শকত হৈ যায় বা পেটটো উখহি উঠে, তেন্তে ই ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে।
  4. ছাল আৰু চকু হালধীয়াঃ ছাল আৰু চকু হালধীয়া (সামান্য জণ্ডিছ) হ’ব পাৰে। অৱশ্যে পিছৰ পৰ্যায়ত এই লক্ষণে দেখা দিয়ে। কিছুমান ক্ষেত্ৰত আৰম্ভণিতে ছাল আৰু চকুৰ ৰং সলনি হ’বলৈ ধৰে। চকুৰ বগা অংশ হালধীয়া হোৱা বা ছাল নিস্তেজ হোৱা লিভাৰৰ ক্ষতিৰ লক্ষণ হ’ব পাৰে।
  5. ভোক নলগাঃ ভোক কমি যোৱা আৰু সোনকালে পেট ভৰি যোৱা অনুভৱ কৰা ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে। যকৃতৰ কাৰ্য্যক্ষমতা হ্ৰাস পালে হজম শক্তিত প্ৰভাৱ পৰে। ফলত সামান্য পৰিমাণৰ খাদ্য খোৱাৰ পিছত ভোক কমি যায়, পেট ফুলা বা বমি ভাব হয়। এই লক্ষণসমূহ মৃদু, কিন্তু বহুদিনলৈ আওকাণ কৰিলে গুৰুতৰ হ’ব পাৰে।

 

আওকান কৰিব নালাগে

ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণ আওকান কৰিলে ই গুৰুতৰ ৰূপ ল’ব পাৰে। প্ৰাথমিক লক্ষণ দেখা দিলে খাদ্য নিয়ন্ত্ৰণ কৰি এই গুৰুতৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। যদি ই বাঢ়ি যায় পাছত আন ডাঙৰ সমস্যাও হ’ব পাৰে। গতিকে এই লক্ষণসমূহ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

 

অন্য খবৰ পঢ়কঃ বাৰে বাৰে বেয়া সপোন দেখিলে স্বাস্থ্যত কি প্ৰভাৱ পৰে? তথ্য প্ৰকাশ

ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই
বয়স হোৱাৰ পাছতো ছাল কেনেকৈ ধুনীয়া হৈ থাকিব? জানক উপায়...
বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ জন্মদিন কেতিয়া?