নিশা শুৱাৰ পূৰ্বে মাত্ৰ ২টাকৈ ইলাচি খালে কি হয়? জানক সকলো…

Elaichi Benefits; ইলাচিৰ বহু উপকাৰী গুণ আছে। মানসিক স্বাস্থ্যৰ পৰা শাৰীৰিক স্বাস্থ্যলৈ ই বহু ফলপ্ৰসূ। নিশা শুৱাৰ পূৰ্বে আপুনি দুটা ইলাচি খাব পাৰে। মাত্ৰ কেইটামান দিনৰ ভিতৰতে ইয়াৰ সুফল দেখিব পাব আপুনি।

নিশা শুৱাৰ পূৰ্বে মাত্ৰ ২টাকৈ ইলাচি খালে কি হয়? জানক সকলো...

ইলাচি

Published: 

03 Dec 2025 | 11:00 PM

প্ৰায় সকলোৰে ঘৰত ইলাচি থাকে। চাহৰ পৰা আৰম্ভ কৰি খাদ্যৰ সোৱাদ বৃদ্ধি কৰালৈকে, সকলো ক্ষেত্ৰতে ইলাচি (Elaichi) ব্যৱহাৰ কৰা হয়। ইলাচিৰ বহু উপকাৰী গুণ আছে। খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ই পাচনতন্ত্ৰ, মানসিক স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত ভাল। বহুতে মুখৰ গোন্ধ দূৰ কৰাৰ বাবেও ইলাচি খায়। কিন্তু আপুনি জানেনে, নিশা শুৱাৰ পূৰ্বে দুটা ইলাচি খালে বিভিন্ন সুফল পোৱা যায়। মাত্ৰ কেইটামান দিনৰ ভিতৰতে ইয়াৰ পৰিণাম দেখিবলৈ পাব।

প্ৰকাৰ

ইলাচি দুই প্ৰকাৰৰ থাকে। এটা ইলাচি সেউজীয়া আৰু এটা ক’লা। সৰু সেউজীয়া ইলাচিৰ প্ৰভাৱ শীতল, আনহাতে ক’লা ইলাচিৰ প্ৰভাৱৰ গৰম। নিশা শুৱাৰ পূৰ্বে আপুনি সেউজীয়া ইলাচি দুটা খাব পাৰে।

শুৱাৰ পূৰ্বে খালে কি হয়

  • নিশা শুৱাৰ পূৰ্বে ইলাচি খালে ভাল টোপনি আহে।
  • পাচনতন্ত্ৰ ভাল হয়।
  • মুখৰ দুৰ্গন্ধ নোহোৱা হয়।
  • মগজু শান্ত কৰি টোপনি অনাত সহায় কৰে।
  • ওজন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰে।
  • মানসিক চাপ কম কৰে।
  • ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায়ক।
  • ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ ৰাখে।
  • যকৃত বিষমুক্ত কৰাত সহায় কৰে আদি।

কেনেকৈ খাব

নিশা খাদ্য গ্ৰহণ কৰাৰ পাছত শুবলৈ যোৱাৰ পূৰ্বে দুয়া ইলাচি খাব। পাছত অলপ গৰম পানী খাব। মাত্ৰ কেইদিনমান এনেকৈ খালে আপুনি সুফল লাভ কৰিব। ইলাচিয়ে পাচন প্ৰক্ৰিয়া, ওজন নিয়ন্ত্ৰণ, শ্বাস-প্ৰশ্বাসৰ সমস্যা, ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ, শৰীৰ ডিটক্স আদি বিভিন্ন কাম কৰে।

উল্লেখ্য যে, ইলাচিৰ বহু উপকাৰী গুণ আছে। ই মানসিক স্বাস্থ্যৰ পৰা শাৰীৰিক স্বাস্থ্যলৈ ফলপ্ৰসূ। কিন্তু আপোনাৰ যদি বিশেষ কিবা ৰোগ আছে তেন্তে যিকোনো বস্তু গ্ৰহণ কৰাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ নাভিৰ কাষত বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...