আপোনাৰ হাড়বোৰ দুৰ্বল হৈ পৰিছে নেকি? এইসমূহ বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক
হাড়ে আমাৰ শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। কিন্তু উপযুক্ত খাদ্য আৰু কেলচিয়ামৰ অভাৱত হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে যাৰ বাবে আপোনাৰ শৰীৰটো ফিট হৈ নাথাকে। ইয়াৰ বাবে আপুনি আপোনাৰ খাদ্যাভ্যাসৰ উন্নত কৰাৰ প্ৰয়োজন। এই প্ৰতিবেদনৰ জৰিয়তে আমি জানিব পাৰিম কোনবোৰ বীজ খালে আপোনাৰ হাড়বোৰ মজবুত হয়।

শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবে হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। বেয়া জীৱনশৈলী আৰু বেয়া খাদ্যাভ্যাস ইয়াৰ প্ৰধান কাৰণ। শৰীৰত কেলচিয়ামৰ অভাৱৰ বাবে হাড় দুৰ্বল হৈ পৰে। কিন্তু যদি এনেকুৱা অবিৰতভাৱে ঘটে তেন্তে শৰীৰটো আন বহুতো স্বাস্থ্যজনিত সমস্যাৰ বলি হয়। এনে পৰিস্থিতিত মজবুত হাড়ৰ বাবে খাদ্যৰ পৰিৱৰ্তন কৰিব পাৰি। হেল্থলাইনৰ মতে হাড়ৰ স্বাস্থ্যৰ উন্নতিৰ বাবে শৰীৰত কেলচিয়ামৰ সঠিক মাত্ৰা থকাটো অতি প্ৰয়োজনীয়। আচলতে কিছুমান বীজ আছে যিয়ে শৰীৰক শক্তি প্ৰদান কৰাত সহায় কৰে, আপুনি সেইবোৰ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব।
বীজত অধিক পৰিমাণৰ কেলচিয়াম আৰু মেগনেছিয়াম থাকে যিয়ে হাড় মজবুত কৰাত সহায় কৰে। দৈনিক বীজ খালে কেলচিয়ামৰ অভাৱ দূৰ হয় আৰু হাড় শক্তিশালী হোৱাতো সহায় কৰে।
যদি আপোনাৰ হাড় দুৰ্বল হৈ পৰিছে তেন্তে এই ৫টা বীজ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক
চিয়া বীজ
চিয়া বীজত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে যিবোৰ আপোনাৰ ছালৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী। চিয়া বীজত কেলচিয়াম, আইৰণ, ফাইবাৰ, ওমেগা-৩ ফেটি এচিড থাকে যিয়ে হাড় মজবুত কৰাত সহায় কৰে।
তিল
তিলত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। হাড় মজবুত কৰাতো ই ফলপ্ৰসূ। চালাডত ছটিয়াই বা তিলৰ লাড়ু বনাই নিয়মিতভাৱে সেৱন কৰিব পাৰে।
তিচি বীজ
তিচি বীজত কেলচিয়াম আৰু ওমেগা-৩ ফেটি এচিডৰ দৰে পুষ্টিকৰ উপাদান থাকে যিয়ে হাড়ৰ ঘনত্ব শক্তিশালী কৰাত ফলপ্ৰসূ। লাড়ু বনাই খাব পাৰে।
সূৰ্যমুখীৰ বীজ
হাড়ৰ দুৰ্বলতাৰ সমস্যাৰ পৰা মুক্তি পাবলৈ সূৰ্যমুখী বা বেলি ফুলৰ গুটি খাব পাৰে। ইয়াত মেংগানিজ, কেলচিয়াম, ওমেগা-৩ ফেটি এচিড আদি বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে। গজাঁলিৰ লগত মিহলাই বা জলপান হিচাপে ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।
আফু গুটি
আফু গুটিয়ে হাড় মজবুত কৰাত সহায় কৰে। ইয়াত মেংগানিজ, আইৰণ, কেলচিয়াম, মেগনেছিয়াম আদি বহুতো পুষ্টিকৰ উপাদান থাকে যিয়ে হাড়ৰ দুৰ্বলতা হ্ৰাস কৰে। ইয়াৰ চৰবত বনাই গৰমৰ দিনত খাব পাৰে।