Durga Puja 2025: দুৰ্গা পূজাত আপোনজনলৈ প্ৰেৰণ কৰক এই শুভকামনা

শাৰদীয় দুর্গা পূজাৰ আজি ষষ্ঠী। আজি ষষ্ঠীৰ বেদীত দেৱীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ’ব। এই দিনকেইটাত আপোনজনক দিয়ক শুভেচ্ছা...

Durga Puja 2025: দুৰ্গা পূজাত আপোনজনলৈ প্ৰেৰণ কৰক এই শুভকামনা

আজি ষষ্ঠী

Updated On: 

28 Sep 2025 | 07:48 AM

আজি শাৰদীয় দুৰ্গা পূজাৰ ষষ্ঠী। বেলবোধনেৰে দেৱীক আদৰিবলৈ সাজু ৰাজ্যবাসী। আজিৰে পৰা ঢাক–ঢোলৰ শব্দৰে মুখৰিত হ’ব ৰাজ্যৰ আকাশ–বতাহ। ইতিমধ্যে মা দুৰ্গাক আদৰিবলৈ সাজু হৈছে সকলো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটক ধুনীয়াকৈ সজাই–পৰাই তোলা হৈছে পূজাৰ মণ্ডপসমূহ। আজি সন্ধিয়া বেলবৰণেৰে মা দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰা হ’ব। সেয়ে পূজাত আপোনজনলৈ প্ৰেৰণ কৰক এই শুভকামনা…

  1. দুৰ্গা পূজা হৈছে সুখৰ দিন, আপোনাৰ জীৱন সুখেৰে ভৰি থাকক আৰু প্ৰতিটো ইচ্ছা পূৰণ হওঁক।
  2. সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
  3. দুৰ্গপূজাৰ পবিত্ৰ ক্ষণত আপোনাৰ পৰিয়ালৰ সুস্বাস্থ্য, সুখ-সম্পদ কামনা কৰি মা দুৰ্গাৰ এই পৱিত্ৰ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
  4. শাৰদীয় দুৰ্গা পূজা উপলক্ষে সকলোলৈ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুৰ্গোৎসৱৰ প্ৰতিটো মুহূৰ্ত ভক্তি, আধ্যাত্মিকতা আৰু আনন্দৰ সমাহাৰেৰে পৰিপূৰ্ণ হৈ আমাৰ মাজৰ ভাতৃত্ববোধক অধিক শক্তিশালী কৰি তোলক।
  5. দুৰ্গা পূজা হৈছে সুখৰ দিন, আপোনাৰ জীৱন সুখেৰে ভৰি থাকক আৰু প্ৰতিটো ইচ্ছা পূৰণ হওঁক।
  6. মা দুৰ্গাৰ পবিত্ৰ খোজেৰে ধৰালৈ আগমণ। আপুনি অপৰিসীম সুখ আৰু সম্পদ লাভ কৰক, দুৰ্গা পূজাৰ শুভেচ্ছা গ্ৰহণ কৰক… শুভ দুৰ্গা পূজা

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব