নিশা শুৱাৰ পাছত বাৰে বাৰে মুখ শুকাই যায় নেকি? এয়া কিহৰ লক্ষণ, জানক…

কিছুমান মানুহৰ নিশা বাৰে বাৰে মুখ শুকাই যায়। কেতিয়াবা এনে হোৱা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন ধৰি যদি নিশা এই সমস্যা হয় তেন্তে ই কোনো ৰোগৰ লক্ষণ হ'ব পাৰে। এই বিষয়ে জনা দৰকাৰ।

নিশা শুৱাৰ পাছত বাৰে বাৰে মুখ শুকাই যায় নেকি? এয়া কিহৰ লক্ষণ, জানক...

মুখ শুকাই যোৱা

Published: 

17 Nov 2025 | 11:02 PM

নিশা শুবলৈ যোৱাৰ পাছতে বাৰে বাৰে মুখ শুকাই যায় নেকি? প্ৰায়ভাগ মানুহৰে এনে হয়। যাক চিকিৎসা বিজ্ঞানৰ ভাষাত জেৰষ্টোমিয়া বুলি কয়। মুখত লেলাউটি উৎপাদন কম হ’লে মুখখন আঠা আঠা হয় আৰু শুকাই যায়। টোপনিৰ সময়ত আমাৰ শৰীৰে স্বাভাৱিকতকৈ কম লেলাউটি উৎপাদন কৰে। গতিকে কেতিয়াবা মুখ শুকাই যোৱা সাধাৰণ কথা। কিন্তু যদি দীৰ্ঘদিন এনে সমস্যা হয় তেন্তে ইয়াক সহজভাৱে ল’ব নালাগে।

কেতিয়াবা পানীৰ অভাৱ, মুখ মেলি শুৱা, কফি বা মদ সেৱন, কিছুমান ঔষধ সেৱন কৰাৰ ফলত এনে হ’ব পাৰে। ইয়াৰ ফলত দাঁতৰ সমস্যা, মুখত ঘাঁ, দুৰ্গন্ধ আদিৰ সমস্যা হোৱা দেখা যায়।

মুখ শুকাই যোৱাৰ লগতে কেতিয়াবা জিভাত জলা বা ৰুক্ষতা অনুভৱ কৰা, কথা কোৱা, গিলিবলৈ অসুবিধা পোৱা, ওঁঠ ফাটি যোৱা, মুখৰ পৰা দুৰ্গন্ধ ওলোৱা আদি লক্ষণে দেখা দিয়ে। কেতিয়াবা মানুহে বস্তুৰ সোৱাদো অনুভৱ নকৰে বা কমকৈ পায়। দীৰ্ঘদিন ধৰি মুখ শুকাই যোৱাৰ সমস্যা হ’লে দাতঁৰ লগত জড়িত বিভিন্ন সমস্যা হ’ব পাৰে। লেলাউটিয়ে বেক্টেৰিয়া আঁতৰ কৰাত সহায় কৰে। কিন্তু যেতিয়া লেলাউটি নোলাই তেতিয়া সমস্যা হ’ব পাৰে। এনে অৱস্থাত ডিঙিৰ বিষ, পিয়াহ লগা, টোপনিত সমস্যা আদি হ’ব পাৰে।

কিহৰ লক্ষণ

  • তেজত চেনিৰ মাত্ৰা বৃদ্ধি পালে পানীৰ অভাৱ হয়। এক কথাত বাৰে বাৰে মুখ শুকাই যোৱা ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে।
  • থাইৰয়ডৰ সমস্যা থাকিলে মুখ শুকাব পাৰে।
  • কিছুমান স্লিম এপনিয়াত আক্ৰান্ত। এনে অৱস্থাত মুখ মেলি শুয়ে। যাৰ ফলত মুখ শুকাব পাৰে।
  • শ্বোগ্ৰেন চিণ্ড্ৰমৰ দৰে অটোইম্যুন ৰোগৰ ফলতো মুখ শুকাব পাৰে।
  • চৰ্দি হ’লে মুখ শুকাব পাৰে।
  • এলাৰ্জিৰ সমস্যা হ’লে মুখ শুকাই যায়।
  • এন্টিহিষ্টামিন, এন্টিডিপ্ৰেছন, আৰু ৰক্তচাপৰ ঔষধ আদিৰ ফলতো এনে হ’ব পাৰে।

পৰিত্ৰাণৰ উপায়

  • পৰ্যাপ্ত পৰিমাণৰ পানী খাব।
  • শুৱাৰ পূৰ্বে মদ, কফি আদি নাখাব।
  • মখু মেলি নুশুব।
  • শুৱাৰ আগতে মাউথৱাছ বা লালা বৃদ্ধি কৰা জেল ব্যৱহাৰ কৰিব লাগে।
  • দীৰ্ঘদিন ধৰি এনে সমস্যা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ কাবুলি বুট খালে শৰীৰে কি কি উপকাৰ লাভ কৰে? জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...