পুৱা দাঁত ব্ৰাছ কৰাৰ পাছত চাহ খোৱা ভাল নে বেয়া? জানক…

পুৱা দাঁত ব্ৰাছ কৰা আমাৰ জীৱনশৈলীৰ এক অংগ। বহুতে দাঁত ব্ৰাছ কৰাৰ পাছত চাহ বা কফি খায়। কিন্তু ই ভাল নে বেয়া আপুনি জানেনে? ইয়াৰ বিষয়ে জনা আৱশ্যক।

পুৱা দাঁত ব্ৰাছ কৰাৰ পাছত চাহ খোৱা ভাল নে বেয়া? জানক...

দাঁত ব্ৰাছ

Published: 

03 Aug 2025 20:23 PM

পুৱা উঠি দাঁত ব্ৰাছ কৰা আমাৰ দৈনন্দিন জীৱনশৈলীৰ এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু প্ৰশ্ন হয়, ব্ৰাছ কৰাৰ পাছত চাহ খালে দাঁতত বেয়া প্ৰভাৱ পৰে নেকি? উল্লেখ কৰা প্ৰয়োজন যে, ব্ৰাছ কৰাৰ পাছত আমাৰ দাঁতৰ তৰপ অতি সংবেদনশীল হৈ থাকে তেনেস্থলত চাহত থকা এচিডিক মৌল আৰু কেফেইনে দাঁতৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত দাঁতত দাগ পৰাৰ লগতে ইনামল দুৰ্বল হ’ব পাৰে। ইয়াৰোপিৰ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাও প্ৰভাৱিত হ’ব পাৰে। দাঁত ব্ৰাছ কৰাৰ লগে লগে গৰম বস্তু খোৱা দাঁতৰ স্বাস্থ্যৰ বাবে বেয়া।

ব্ৰাছ কৰাৰ পাছত কোনবোৰ অভ্যাস পৰিহাৰ কৰা দৰকাৰ সেই বিষয়ে জনা দৰকাৰ। কিয়নো তাৰ ফলতহে আপোনাৰ দাঁত দীৰ্ঘদিনলৈ সুস্থ আৰু ধুনীয়া হৈ থাকিব। পুৱাৰ ভাগত দাঁত ব্ৰাছ কৰা আমাৰ স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু আপুনি জানেনে দাঁত ব্ৰাছ কৰাৰ পাছত চাহ খালে কি প্ৰভাৱ পৰিব পাৰে।

ব্ৰাছ কৰাৰ পাছত চাহ খালে কি হয়

ব্ৰাছ কৰাৰ সময়ত টুথপেষ্টত থকা ফ্ল’ৰাইড আৰু অন্যান্য উপাদানসমূহে আমাৰ দাঁতৰ পৃষ্ঠভাগ পৰিষ্কাৰ কৰাৰ লগতে কিছু সংবেদনশীল কৰি তোলে। এনে পৰিস্থিতিত যদি আমি লগে লগে চাহ খাওঁ তেন্তে চাহত থকা কেফেইন, টেনিন আৰু এচিডে আমাৰ ইনামেল দুৰ্বল কৰি তুলিব পাৰে। ইয়াৰ ফলত দাঁতত দাগ পৰিব পাৰে। লগতে ইনামেল দুৰ্বল হৈ দীৰ্ঘকাললৈ দাঁতৰ ক্ষতি বা বিষৰ সমস্যা হ’ব পাৰে।

ব্ৰাছ কৰাৰ লগে লগে কি খাব নালাগে

  • ব্ৰাছ কৰাৰ লগে লগে বহুত চাহ বা গৰম বস্তু খাব নালাগে।
  • বেছি ঠাণ্ডা বস্তু, জুছ য’ত ছাইট্ৰিক এচিড থাকে সেয়া খাব নালাগে।
  • মিঠা বস্তু খাব নালাগে।
  • ব্ৰাছ কৰাৰ ৩০ মিনিট মান পাছত চাহ বা আন সামগ্ৰী খাব পাৰে।
  • যদি নিশা ব্ৰাছ কৰে, তেন্তে তাৰ পাছত মিঠা বস্তু নাখাব।
  • ব্ৰাছ কৰাৰ পাছত নেমু বা এপল চাইডৰ ভিনেখাৰ খোৱা দাঁতৰ বাবে বেয়া। এনে ড্ৰিংক ষ্ট্ৰৰে খাব লাগে।
  • ব্ৰাছ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰা দৰকাৰ।
  • ইয়াৰ বিষয়ে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ এইসমূহ সাধাৰণ অভ্যাস হ’ব পাৰে বৃক্ক সংক্ৰমণৰ কাৰণ! জানক ইয়াৰ লক্ষণ আৰু সকলো…

জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
শৰীৰত বেয়া কলেষ্টেৰল কম কৰে এই ৫ খাদ্যই! জানক সকলো...
ইউৰিক এচিড হ’লে এনে খাদ্য হ’ব পাৰে বিপজ্জনক, অন্যথা হ’ব পাৰে অধিক সমস্যা
প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা