পুৱা খালী পেটত গাখীৰ চাহ খাই নেকি? তেন্তে হ’ব পাৰে বিপদ, জানক বিশেষজ্ঞৰ পৰা সকলো…

পুৱা খালী পেটত চাহ খোৱা একাংশৰ অভ্যাস। কিন্তু এই অভ্যাসে আপোনাৰ বিপদ মাতি আনিব পাৰে। বিশেষকৈ পুৱা খালী পেটত গাখীৰ চাহ খালে বহু স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে।

পুৱা খালী পেটত গাখীৰ চাহ খাই নেকি? তেন্তে হব পাৰে বিপদ, জানক বিশেষজ্ঞৰ পৰা সকলো...

চাহ

Published: 

09 Jul 2025 | 07:18 PM

প্ৰায়ভাগ ভাৰতীয়ই একাপ চাহেৰে দিনটোৰ আৰম্ভণি কৰে। বহুতে সাৰ পোৱাৰ লগে লগে চাহ খোৱা অভ্যাস। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে পুৱা খালী পেটত চাহ খালে আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে? ই পেটত এচিড বৃদ্ধি কৰে নেকি? বিশেষজ্ঞসকলৰ মতে এই অভ্যাসে হজম শক্তি আৰু আন্ত্ৰিক স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

পুৱাৰ চাহে আপোনাৰ মুড সতেজ কৰি তুলিব পাৰে, কিন্তু খালী পেটত সেৱন কৰিলে লাহে লাহে আপোনাৰ পাচনতন্ত্ৰৰ ক্ষতি হ’ব পাৰে। গতিকে স্বাস্থ্যৰ দিশটোত গুৰুত্ব দিয়া দৰকাৰ।

খালী পেটত চাহ খালে কিয় এচিডিটিৰ সম্ভাৱনা বৃদ্ধি পায়?

চিকিৎসক আৰু পুষ্টি বিশেষজ্ঞৰ মতে পুৱা সাৰ পোৱাৰ সময়ত পেট খালী হৈ থাকে। এই সময়ত পেটত থকা গেষ্ট্ৰিক ৰস অৰ্থাৎ এচিড সক্ৰিয় হৈ থাকে। এই সময়ত যদি আপুনি চাহ (বিশেষকৈ গাখীৰৰ চাহ) খায় তেন্তে ই পেটৰ এচিডিক প্ৰকৃতি আৰু অধিক বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত এচিডিটি, হাৰ্টবাৰ্ণ, গেছ, পেট ফুলা আদি সমস্যা হ’ব পাৰে।

খালী পেটত চাহ খালে কি হয়

চাহত থকা কেফেইন আৰু টেনিনে পেটৰ হজম শক্তিও নষ্ট কৰিব পাৰে। টেনিন এবিধ যৌগ যিয়ে পাচন শক্তি লেহেমীয়া কৰে আৰু ভোক নোহোৱা কৰে। গতিকে খালী পেটত চাহ খালে পেটৰ প্ৰাকৃতিক আৱৰণৰ ক্ষতি হ’ব পাৰে, যাৰ ফলত পিছত গেষ্ট্ৰিক সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়।

চাহৰ ফলত হব পৰা ক্ষতি

  •  পুৱা খালী পেটত চাহ খোৱাৰ লগে লগে পেটত গধুৰতা অনুভৱ কৰিব পাৰে।
  • ডিঙিত টেঙা ভাব বা জলা-পোৰা অনুভৱ কৰা।
  • ভোক কমি যোৱা বা খাদ্য খাবলৈ মন নোযোৱা।
  • পেটত গেছ আৰু পেট ফুলা।
  • যদি এই লক্ষণসমূহ বাৰে বাৰে অনুভৱ কৰে, তেন্তে আপুনি পুৱা খালী পেটত চাহ খোৱাৰ অভ্যাস কমাই দিয়া প্ৰয়োজন।

এচিডিটিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

  • চাহ খোৱাৰ আগতে কিবা অলপ খাই লব লাগে, যেনেঃ তিয়াই থোৱা আলমণ্ড, কল, বা শুকান টোষ্ট।
  • বনৌষধি চাহ বা গ্ৰীণ টি খাব পাৰে।
  • পুৱা প্ৰথমতে কুহুমীয়া পানী খাব লাগে।
  • চাহ খাব লগা হ’লে ব্ৰেকফাষ্টৰ লগত বা তাৰ পিছত খোৱাই ভাল।

বিশেষজ্ঞসকলে কি কয়?

পুষ্টিবিদসকলে কয় যে পুৱা খালী পেটত চাহ খোৱাৰ অভ্যাস যদি দীৰ্ঘদিন ধৰি চলি থাকে, তেন্তে ই ক্ৰনিক এচিডিটি আৰু গেষ্ট্ৰাইটিছৰ দৰে পেটৰ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

পুৱা খালী পেটত চাহ খোৱাৰ পৰিৱৰ্তে আপুনি এই বিকল্পসমূহ বাছি ল’ব পাৰে:

১) নাৰিকল পানী বা ফলৰ ৰসঃ নাৰিকল পানী বা ফলৰ ৰস খালে শৰীৰত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান পোৱা যায়।

২) দৈ বা মাখনঃ দৈ বা মাখন সেৱন কৰিলে পাচনতন্ত্ৰ মজবুত হয়।

৩) গ্ৰীণ টি বা আদা চাহঃ গ্ৰীণ টি বা আদা চাহ খালে শৰীৰত এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদান পোৱা যায়।

 

অন্য খবৰ পঢ়কঃ সঘনাই কঁকাল, আঁঠুৰ বিষ হৈ থাকে নেকি? বিশেষজ্ঞৰ পৰা জানক ইয়াৰ কাৰণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...