Water: ৩০ দিন প্ৰতিদিনে ৩ লিটাৰকৈ পানী খালে কি হ’ব? জানক বিশেষজ্ঞৰ পৰা…

Water: পানী আমাৰ সকলোৰে বাবে প্ৰয়োজনীয়। প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। কিন্তু আপুনি জানেনে, প্ৰতিদিনে যদি ৩ লিটাৰকৈ পানী খোৱা যায় তেন্তে কি হ'ব? এই সন্দৰ্ভত জনাইছে বিশেষজ্ঞই।

Water: ৩০ দিন প্ৰতিদিনে ৩ লিটাৰকৈ পানী খালে কি হব? জানক বিশেষজ্ঞৰ পৰা...

পানী

Published: 

07 Dec 2025 18:16 PM

পানী আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ। ই শৰীৰ হাইড্ৰেট কৰি ছাল, পাচনতন্ত্ৰ, চুলি আদি সকলোৰে উপকাৰ সাধন কৰে। এই সন্দৰ্ভত নিউট্ৰেছিয়ান বেনিকা জৈনে সামাজিক মাধ্যমত সবিশেষ জনাইছে। তেওঁ কৈছে যদি আপুনি প্ৰতিদিনে ৩ লিটাৰকৈ অন্তত এক মাহ পানী খাই তেন্তে স্বাস্থ্যই বহু সুফল লাভ কৰিব। ইয়াৰ ফলত শৰীৰে কি কি উপকাৰ লাভ কৰিব সেই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল।

প্ৰথম সপ্তাহঃ প্ৰথম সপ্তাহত আপুনি বাৰে বাৰে টয়লেট যাব লাগিব পাৰে। কাৰণ বৃক্কই শৰীৰত জমা থকা বেয়া পদাৰ্থ বাহিৰ কৰা আৰম্ভ কৰে। কিছুদিন পাছত প্ৰস্ৰাৱ পাতল হয়। এই সময়ত শৰীৰে অতিৰিক্ত নিমখ বাহিৰ উলিয়াই দিয়ে যাৰ ফলত শৰীৰ ফুলা কম অনুভৱ হয়। শৰীৰৰ ভিতৰৰ পৰিষ্কাৰৰ কাম আৰম্ভ হোৱাৰ ই প্ৰথম প্ৰক্ৰিয়া।

দ্বিতীয় সপ্তাহঃ ছালত পৰিৱৰ্তন দেখিব। পানীয়ে ছালৰ কোষবোৰ হাইড্ৰেট কৰে। যাৰ ফলত মুখ উজ্বল হৈ উঠে। ছাল কোমল আৰু ধুনীয়া হৈ উঠে। ইয়াৰোপৰি পাচন তন্ত্ৰ উন্নত হয়। মল বৃহদান্ত্ৰৰ মাজেৰে সহজে পাৰ হয়, কোষ্ঠকাঠিন্য কমি যায়। এই সপ্তাহত বহুতৰ খাদ্যৰ প্ৰতি আকৰ্ষণ কমে।

তৃতীয় সপ্তাহঃ মনোযোগ ভাল হয়। তেজৰ ডাঙৰ অংশ পানীৰ দ্বাৰা নিৰ্মিত। এনে অৱস্থাত পানী খালে তেজৰ চলাচল ভাল হয় আৰু মগজুলৈ অক্সিজেন যায়। ইয়াৰ ফলত মানসিক স্বাস্থ্য উন্নত হয়। ইয়াৰোপৰি পানীয়ে মাংসপেশীক আৰাম প্ৰদান কৰে। মাংসপেশীৰ বিষ কম হয়।

চতুৰ্থ সপ্তাহঃ চুলি আৰু নখৰ পৰিৱৰ্তন দেখিব। চুলি আৰু নখ ধুনীয়া হৈ পৰে। ইয়াৰোপৰি ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, হৃদৰোগ উন্নত কৰে। পৰ্যাপ্ত পৰিমাণৰ পানী খালে আমাৰ সমগ্ৰ শৰীৰটোৱে সুফল লাভ কৰে।

মুঠতে পানী আমাৰ শৰীৰৰ বাবে ভাল। চুলিৰ স্বাস্থ্যৰ পৰা শৰীৰলৈ, ই বিভিন্ন উপকাৰ সাধন কৰে। কিন্তু আপোনাৰ যদি কিডনীৰ সমস্যা বা আন কোনো সমস্যা আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ একেৰাহে কেইবাদিন পালেং শাক খালে কি হ’ব? জানক ৫টা উপকাৰী গুণ…

যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
পুৱা দেখা পোৱা এই ৫ টা বস্তু হ'ব পাৰে শুভ দিনৰ সংকেত! জানক...
চকু দুৰ্বল হোৱাৰ আৰম্ভণিতে এইসমূহ লক্ষণে দেখা দিয়ে, জানক...
নিশা দেৰিলৈকে মোবাইল ব্যৱহাৰো হ’ব পাৰে নেকি ডায়েবেটিছৰ কাৰণ? বিপদৰ পূৰ্বে জানি লওক এতিয়াই
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...