হ’ব সৰ্বনাশ! ভুলতো দুবাৰকৈ গৰম কৰি নাখাব এইসমূহ খাদ্য, জানক সকলো…

Food: বহুতে সময় বচাবলৈ খাদ্য বেছিকৈ বনাই থয়, আৰু পাছত বাৰে বাৰে গৰম কৰি খায়। কিন্তু ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। কিছুমান খাদ্য বাৰে বাৰে গৰম কৰি খাব নালাগে।

হব সৰ্বনাশ! ভুলতো দুবাৰকৈ গৰম কৰি নাখাব এইসমূহ খাদ্য, জানক সকলো...

খাদ্য

Published: 

25 Nov 2025 | 11:15 AM

আমাৰ সকলোৰে খাদ্য গৰম কৰি খোৱা অভ্যাস। শাক-পাচলিৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য সামগ্ৰী বাৰে বাৰে গৰম কৰি খোৱা হয়। কিন্তু আপুনি জানেনে প্ৰতিটো খাদ্যৰ প্ৰভাৱ আমাৰ শৰীৰত বেলেগ বেলেগ হয়। এনে কিছুমান খাদ্য আছে যিবোৰ বাৰে বাৰে গৰম কৰি খাব নালাগে। যদি এনে কৰা হয় তেন্তে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ শৰীৰত পৰে। কিছুমান পুষ্টিকৰ উপাদান গৰম কৰিলে ক্ষতিগ্ৰস্ত হয়, আৰু কিছুমান যৌগ বিষাক্ত মাত্ৰালৈ বৃদ্ধি পাব পাৰে। এনেস্থলত এই খাদ্যবোৰ গৰম কৰি খোৱাৰ পৰা বিৰত থাকিব লাগে।

কি কি খাদ্য গৰম কৰিব নালাগে

কিছুমান শাক-পাচলিত যৌগ থাকে যি গৰম কৰিলে ভাঙি ক্ষতিকাৰক যৌগ গঠন হয়। বিশেষকৈ নাইট্ৰেটযুক্ত শাক-পাচলি পুনৰ গৰম কৰিলে নাইট্ৰাইটলৈ ৰূপান্তৰিত হয়। ইয়াৰ ফলত তেজৰ অক্সিজেন ক্ষমতা হ্ৰাস পোৱা মেথেম’গ্লবিনেমিয়াৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ভিতৰত কচু, মেথি, কবি , শাক-পাচলি আদি অন্যতম। এনেখাদ্য গৰম কৰি খালে বমি, মূৰৰ বিষ, পেট বিষ, গেছ, এচিডিটি আদি হ’ব পাৰে।

পালেংঃ পালেং শাক বাৰে বাৰে গৰম কৰি খাব নালাগে। ইয়াক দুবাৰ গৰম কৰিলে নাইট্ৰাইটত বৃদ্ধি পাই আৰু স্বাস্থ্যৰ ক্ষতি হয়।ইয়াৰোপৰি মেথি, সৰিয়হ আদি গৰম কৰি খাব নালাগে।

আলুঃ আলু বাৰে বাৰে গৰম কৰিলে ইয়াত থকা ষ্টাৰচ ভাঙি বিষাক্ত যৌগ গঠন হয়। ইয়াৰ ফলত খাদ্য বিষক্ৰিয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

মাশ্বৰুমঃ মাশ্বৰুম শৰীৰৰ বাবে ভাল। কিন্তু ইয়াক দুবাৰকৈ গৰম কৰি খাব নালাগে। এনে কৰিলে পেটৰ ক্ষতি হ’ব পাৰে। মাশ্বৰুমত থকা প্ৰটিন দুবাৰ গৰম কৰিলে সলনি হয় আৰু গেছ, বমি, পেট গধুৰ আদি হ’ব পাৰে।

কণীঃ কণীৰ সব্জী বা কণীৰ দ্বাৰা তৈয়াৰ কৰা যিকোনো খাদ্য কেতিয়াও গৰম কৰি খাব নালাগে। এনে কৰিলে কণীত থকা প্ৰ’টিন নষ্ট হয়।

ভাতঃ ঠাণ্ডা ভাতত বেচিলাছ চেৰিয়াছ বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়। গতিকে চাউল বাৰে বাৰে গৰম কৰি খাব নালাগে।

সিজোৱা বস্তুঃ সিজোৱা আলু, সিজোৱা মচুৰ দাইলত বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়। এইবোৰ ফ্ৰীজত ৰাখিলে খাদ্য বিষাক্ত হৈ পৰে।

উল্লেখ্য যে, ইয়াক কিছুমান সাধাৰণ দিশহে উল্লেখ কৰা হৈছে। ইয়াৰোপৰি আৰু কিছুমান খাদ্য সামগ্ৰী আছে যিবোৰ বাৰে বাৰে গৰম কৰি খোৱা স্বাস্থ্যৰ বাবে বেয়া। এই ক্ষেত্ৰত বিশেষজ্ঞৰ সহায় লব পাৰে।

 

অন্য খবৰ পঢ়কঃ শীতকালত বেছিকৈ কুহুমীয়া পানী খালে কি শৰীৰৰ কি ক্ষতি হয়? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...