হ’ব বিপদ! ভুলতো ষ্টীলৰ পাত্ৰত নাৰাখিব এইসমূহ খাদ্য, জানক সকলো…

Steel: আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। গতিকে সহায় সাৱধান হৈ থকা ভাল। আপুনি জানেনে, কিছুমান খাদ্য-বস্তু ষ্টীলৰ পাত্ৰত ৰাখিব নালাগে। ইয়াৰ ফলত খাদ্যৰ ৰঙাৰ পৰা আৰম্ভ কৰি সোৱাদো সলনি হ'ব পাৰে।

হব বিপদ! ভুলতো ষ্টীলৰ পাত্ৰত নাৰাখিব এইসমূহ খাদ্য, জানক সকলো...

ষ্টীলৰ পাত্ৰ

Published: 

30 Nov 2025 | 07:51 PM

মানুহে বছৰ বছৰ ধৰি খাদ্য বা বিভিন্ন বস্তু ৰাখিবলৈ ষ্টীলৰ সামগ্ৰী ব্যৱহাৰ কৰি আহিছে। প্ৰায় সকলোৰে ঘৰত ষ্টীলৰ সামগ্ৰী থাকে। কিন্তু আপুনি জানেনে কিছুমান খাদ্য বস্তু ষ্টীলৰ পাত্ৰত ৰাখিব নালাগে। ইয়াৰ ফলত সেই খাদ্যসমূহৰ সোৱাদ সলনি হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰোপৰি ই স্বাস্থ্যৰ ক্ষতি কৰিবও পাৰে। গতিকে কোনবোৰ খাদ্যবস্তু ষ্টীলৰ পাত্ৰত ৰাখিব নালাগে সেয়া জনা দৰকাৰ।

দৈঃ দৈত এচিড থাকে। যদি দৈ ষ্টীলৰ পাত্ৰত বহু সময় ধৰি থৈ দিয়ে তেন্তে সোনকালে নষ্ট হৈ যায় আৰু সোৱাদৰ পৰিৱৰ্তন হ’ব পাৰে। দৈ সদায় কাঁচ, প্লাষ্টিক বা মাটিৰ বাচনত ৰাখিব লাগে।

ফলঃ কটা ফল যেনে তৰমূজ, অমিতা, আপেল, কমলা আদি ষ্টীলৰ পাত্ৰত ৰাখিব নালাগে। এনে কৰিলে ইয়াৰ ৰং আৰু সোৱাদ সলনি হ’ব পাৰে। ইয়াৰ বাবে কাঁচ, মাটি বা অন্য বাচনত ফল ৰাখিব লাগে।

বিলাহীঃ বিলাহীত এচিড থাকে। গতিকে বিলাহীৰ চাটনি, চুপ বা বিলাহীৰ দ্বাৰা প্ৰস্তুত কৰা অন্য খাদ্য ষ্টীলৰ পাত্ৰত ৰাখিব লাগে। ইয়াৰ ফলত ইয়াৰ ৰং সলনি হ’ব পাৰে। গতিকে কাঁচ, চিৰেমিক বা অন্য পাত্ৰত এয়া ৰাখিব লাগে।

আচাৰঃ আচাৰত বহুত নিমখ, মচলা থাকে। ষ্টীলৰ সৈতে ইয়াৰ প্ৰতিক্ৰিয়া হ’ব পাৰে। ইয়াৰ প্ৰভাৱ শৰীৰত পৰিব পাৰে। গতিকে এনে পাত্ৰত আচাৰ ৰাখিব নালাগে।

নেমু আৰু এচিডিক বস্তুঃ নেমু, ডালিম, আমলখি আদিত এচিড থাকে। গতিকে এই বস্তুবোৰ ষ্টীলৰ বাচনত ৰাখিব নালাগে। ইয়াক দীৰ্ঘসময় ষ্টীলৰ পাত্ৰত ৰখাটো বেয়া।

উল্লেখ্য যে, ষ্টীলত বেছি  এচিড থকা বস্তু ৰাখিব নালাগে। খাদ্য অনুযায়ী ইয়াক ৰখা পাত্ৰ বেলেগ বেলেগ হ’ব পাৰে। কিয়নো বাচনৰ প্ৰভাৱ মানুহৰ স্বাস্থ্যত পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।

 

অন্য খবৰ পঢ়কঃ শীতকালত সুৰাপান কৰিলে কি হয়? এদিনত কিমান খালে ক্ষতিৰ সম্ভাৱনা কম, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...