দাঁতৰ বিষৰ সমস্যাত প্ৰায়ে ভুগি থাকে নেকি? এয়া অন্য ৰোগৰ লক্ষণ নেকি জানক
দাঁতৰ বিষ এটা সাধাৰণ সমস্যা। আজিৰ সময়ত পৰিৱৰ্তিত জীৱনশৈলীৰ বাবেই অধিকাংশ লোকেই এই সমস্যাত ভুগিবলগীয়া হৈছে ।
দাঁতৰ বিষ বিভিন্ন কাৰণৰ বাবে হ’ব পাৰে— পোঁকে খোৱাৰ পৰা আৰম্ভ কৰি দাঁত ভঙা বা বেক্টেৰিয়াৰ সংক্ৰমণলৈকে। কিছুমান দাঁতৰ বিষ দাঁতৰ আলু দুৰ্বলৰ বাবেও হ’ব পাৰে। কিন্তু বেছি দাঁতৰ বিষৰ বাবে পেছাদাৰী চিকিৎসাৰ প্ৰয়োজন হয়। কেতিয়াবা অসহ্যকৰ দাঁতৰ বিষত জ্বৰো হ’ব পাৰে। সেয়ে সময় থাকোতে চিকিৎসকৰ ওচৰলৈ যোৱাটো উচিত।
দাঁতৰ সাধাৰণতে হোৱা দুবিধ ৰোগ হ’ল দন্তক্ষয় বা ডেন্টেল কেৰিজ আৰু পাইৰিয়া বা দাঁতৰ মাৰি বা আলুৰ ৰোগ। ডেন্টেল কেৰিজ বা দন্তক্ষয় ৰোগ, দাঁতৰ কঠিন কলা অংশ যেনে- এনামেল বা ডেন্টিল বা চিমেন্টামত হোৱা এবিধ ৰোগ। এই ৰোগ সংক্ৰামক আৰু কিছুমান বেমাৰ সংক্ৰমিত কৰিব পৰা সূক্ষ্ম জীৱাণু বা বেক্টেৰিয়াৰ পৰা হয়। ডেন্টেল কেৰিজ হ’লে দাঁতৰ কঠিন অংশৰ অজৈৱিক পদাৰ্থসমূহ গলি যায়। ফলস্বৰূপে দাঁতৰ ওপৰত কিছুমান সৰু সৰু গাঁত বা ছিদ্ৰৰ সৃষ্টি হয়, যাক দন্ত চিকিৎসা বিজ্ঞানত কেভিটী বোলা হয়।
দাঁতৰ মাৰি বা আলুৰ ৰোগক পৰ্যায়ক্ৰমে জিঞ্জিভাইটিছ, পেৰিয়ডন্টাইটিছ বা পাইৰিয়া বুলিও কোৱা হয়। মুখগহ্বৰত থকা, বেমাৰ সৃষ্টি কৰিব পৰা জীৱাণুবোৰৰ সংক্ৰমণৰ ফলত দাঁতৰ মাৰি বা আলুৰ ৰোগ হয়। অপৰিষ্কাৰ মুখগহ্বৰত, হৰম’নৰ তাৰতম্য আৰু কিছুমান শৰীৰৰ আভ্যন্তৰীণ ৰোগ, যেনে- ডায়েবেটিছ, পেটৰ ৰোগ, শ্বাস-প্ৰশ্বাসৰ ৰোগ, কিডনীৰ ৰোগ আদিত ভুগি থাকিলে দাঁতৰ মাৰি বা আলুৰ ৰোগ সততে হোৱা দেখা যায়। এই ৰোগত দাঁতৰ মাৰি ফুলি উঠে, দাঁতৰ মাৰিৰ পৰা তেজ ওলায় আৰু মুখ গোন্ধায়।
ঘৰতে বিষ দূৰ কৰক
- যেতিয়া দাঁতৰ বিষ হয়, আপুনি দুটা নহৰুৰ বাকলি পেলাই দিয়ক আৰু ইয়াক দাঁতেৰে চোবাওক, বিশেষকৈ বিষ হৈ থকা দাঁতেৰে। এনে কৰিলে আপুনি বিষৰ পৰা মুক্তি পাব ।
- হিঙৰ ব্যৱহাৰে দাঁতৰ বিষ উপশম কৰাত সহায় কৰে। তিনি বা চাৰি চিমটা হিং লওক আৰু তিনি বা চাৰি টোপাল নেমুৰ ৰস মিহলি কৰক। আৰু দাঁতত লগাওক।
- লঙে দাঁতৰ বিষ উপশম কৰিবলৈ যথেষ্ট সহায় কৰে। ইয়াৰ বাবে আপুনি তিনি বা চাৰিটা লং মঠি বিষ হোৱা দাঁতৰ তলত দি থব পাৰে। ইয়াৰ বাবে আপুনি লং তেলো ব্যৱহাৰ কৰিব পাৰে।