টান কাপোৰ পিন্ধিলে, পকেটত মোবাইল ৰাখিলে প্ৰজনন ক্ষমতা হ্ৰাস পাই নেকি? জানক গৱেষণাৰ তথ্য…
আজিকালি একাংশ পুৰুষে টান কাপোৰ পিন্ধি ভাল পায়। কিন্তু আপুনি জানেনে ইয়াৰ ফলত কি ক্ষতি হ'ব পাৰে। বহু গৱেষণাত প্ৰকাশ পাইছে যে টান কাপোৰ পুৰুষৰ বাবে বেয়া।

টান কাপোৰ
আজিকালি ফেশ্বনৰ সময়। মানুহে বিভিন্ন ধৰণ কাপোৰ পিন্ধি ভাল পায়। বৰ্তমান টাইট কাপোৰ পৰিধান কৰাটো ট্ৰেণ্ডত পৰিণত হৈছে। বিশেষকৈ যুৱকসকলে টাইট জিন্স বা আণ্ডাৰগাৰ্মেণ্ট পিন্ধি ভাল পায়। তেওঁলোকে ভাবে যে ইয়াৰ ফলত বেছি ধুনীয়া দেখি। কিন্তু ই আপোনাৰ শৰীৰত কি প্ৰভাৱ পেলাব পাৰে জানেনে? ই আপোনাৰ প্ৰজনন ক্ষমতাত প্ৰভাৱ পেলাই নেকি?
বহু পুৰুষে নাজানে যে তেওঁলোকৰ সাজ-পোছাক বা অভ্যাসে প্ৰজনন ক্ষমতাক প্ৰভাৱিত কৰিব পাৰে। চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ পৰা দেখা গৈছে যে টান কাপোৰ পিন্ধিলে শৰীৰৰ উষ্ণতা বৃদ্ধি পাব পাৰে, বিশেষকৈ অণ্ডকোষৰ আশে-পাশে উষ্ণতা বৃদ্ধি পাব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে, যেতিয়া অণ্ডকোষৰ উষ্ণতা শৰীৰৰ উষ্ণতাৰ তুলনাত অলপ কম হয় তেতিয়াহে শুক্ৰাণু গঠনৰ প্ৰক্ৰিয়া সঠিক হয়।
শুক্ৰাণু এটা অতি সংবেদনশীল কোষ। ই কেৱল স্বাভাৱিক উষ্ণতাতহে গঠন হয় আৰু সঠিকভাৱে বৃদ্ধি পায়। কিন্তু যেতিয়া বাৰে বাৰে টান বা টাইট আণ্ডাৰৱেৰ, জিন্স বা পেণ্ট পিন্ধে তেতিয়া ই শৰীৰত লাগি থাকে আৰু গৰম ওলাই যোৱাৰ ৰাস্তা নাপায়। ইয়াৰ ফলত অণ্ডকোষৰ উষ্ণতা বৃদ্ধি পায় আৰু শুক্ৰানু গঠনৰ প্ৰক্ৰিয়া লেহেমীয়া হয়।
ব্ৰিটেইনত কৰা এক অধ্যয়ন অনুসৰি সঘনাই টান আণ্ডাৰৱেৰ পিন্ধা পুৰুষৰ শুক্ৰাণু ঢিলা পিন্ধাসকলতকৈ কম হয়। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণা অনুসৰি, টাইট আণ্ডাৰগাৰ্মেণ্ট পিন্ধিলে শুক্ৰাণুৰ সংখ্যা ২৫ শতাংশ হ্ৰাস পায়। এই কথা প্ৰমাণিত হৈছে।
টান কাপোৰ পিন্ধিলে শুক্লানু কম হয় নেকি
দিল্লীৰ জিটিবি হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ অজিত কুমাৰে কয় যে এই বিষয়ত এতিয়াও বহু ডাঙৰ গৱেষণা হোৱা নাই। শুক্ৰানুৰ সংখ্যা হ্ৰাস পোৱাৰ বিভিন্ন কাৰণ আছে। কিছুমান অভ্যাস যেনে-কোলাত লেপটপ লৈ অবিৰতভাৱে কাম কৰা , কিয়নো ইলেক্ট্ৰনিক যন্ত্ৰই গৰম ৰশ্মি নিৰ্গত কৰে যিয়ে পেশী সংকুচিত কৰে আৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে। আনকি পেন্টৰ পকেটত মোবাইল ৰাখিলেও শুক্ৰানুৰ সংখ্যা হ্ৰাস পায়।
পুৰুষৰ শুক্ৰানু তৈয়াৰ হ’বলৈ অলপ ঠাণ্ডা ঠাই লাগে। গতিকে সঘনাই টান কাপোৰ পিন্ধিলে শুক্ৰানুৰ ক্ষতি হ’ব পাৰে।
উপায়
- পেণ্টৰ পকেটত ফোনটো নাৰাখিব
- আপোনাৰ ব্যক্তিগত অংশ পৰিষ্কাৰ কৰি ৰাখক
- ব্যায়াম কৰক
- নিচাযুক্ত পদাৰ্থৰ পৰা দূৰত থাকক
- মদ্যপান কৰিলে টেষ্টষ্টেৰনৰ মাত্ৰা হ্ৰাস পায়
- ঢিলা আণ্ডাৰৱেৰ পৰিধান কৰক
- কণী, জামু, আখৰোটৰ দৰে সুষম খাদ্য গ্ৰহণ কৰক,
- সতেজ ফল-মূল আৰু শাক-পাচলি খাওক
যদি আপুনোৰা প্ৰজনন ক্ষেত্ৰত কিবা উদ্বেগ আছে তেন্তে নিশা ঢিলা কাপোৰ পৰিধান কৰক। পাতল কপাহী কাপোৰ ভাল। ইয়াৰ বিষয়ে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ পুৱা দাঁত ব্ৰাছ কৰাৰ পাছত চাহ খোৱা ভাল নে বেয়া? জানক…