আপুনিও দুৱাৰ বন্ধ কৰি বাথৰুম চাফা কৰে নেকি? হ’ব পাৰে স্বাস্থ্যৰ এই ডাঙৰ ক্ষতি…

Bathroom Clean: বাথৰুম সদায় পৰিষ্কাৰ কৰি ৰখা প্ৰয়োজন। কিয়নো বাথৰুমত বিভিন্ন বিষাক্ত বেক্টেৰিয়া থাকে। কিন্তু বাথৰুম চাফা কৰাৰ সময়ত কিছুমান বিশেষ দিশৰ ওপৰত গুৰুত্ব দিব লাগে। অন্যথা সমস্যা আহিব পাৰে।

আপুনিও দুৱাৰ বন্ধ কৰি বাথৰুম চাফা কৰে নেকি? হব পাৰে স্বাস্থ্যৰ এই ডাঙৰ ক্ষতি...

বাথৰুম

Published: 

17 Dec 2025 23:00 PM

প্ৰতিটো ঘৰৰ বাথৰুম এটা গুৰুত্বপূৰ্ণ অংশ। বাথৰুম (Bathroom) সদায় পৰিষ্কাৰকৈ ৰখা প্ৰয়োজন। কিন্তু সৰু সৰু কিছুমান ভুলে আমাক সমস্যাত পেলাব পাৰে। বেছিভাগ সময়তে মানুহে বাথৰুম পৰিষ্কাৰ কৰাৰ সময়ত দুৱাৰ বন্ধ কৰি লোৱা দেখা যায়। স্বাস্থ্য বিশেষজ্ঞৰ মতে, দুৱাৰ-খিৰিকী বন্ধ কৰি বাথৰুম পৰিষ্কাৰ কৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। কেমিকেল ক্লিনাৰ ব্যৱহাৰ কৰিলে ই আৰু অধিক ভয়ংকৰ হৈ পৰিব পাৰে। বন্ধ বাথৰুমত বিষাক্ত গেছ সহজে জমা হয়, আৰু এনে অৱস্থাত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে।

কি কি ক্ষতি হয়

হাওঁফাওঁৰ বাবে ক্ষতিকাৰকঃ বাথৰুম চাফা কৰাৰ সময়ত ব্যৱহাৰ কৰা কেমিকেল যেনে ফিনোল, ব্লিচিং পাউডাৰ, এচিড ক্লিনাৰ আদিত ক্ষতিকাৰত ৰাসায়নিত পদাৰ্থ মিহলি হৈ থাকে। এইবোৰ ব্যৱহাৰ কৰাৰ ফলত বিষাক্ত গেছ বিয়পি পৰে। বাথৰুমৰ দুৱাৰ খিৰিকী বন্ধ কৰিলে এই গেছ ভিতৰতে জমা হয় আৰু উশাহৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। এই পদাৰ্থই ব্য়ক্তিৰ হাওঁফাওঁত বেয়া প্ৰভাৱ পেলায়।

অন্য সমস্যা

চাফা কৰাৰ সময়ত আমাৰ শৰীৰক অধিক শক্তিৰ প্ৰয়োজন হয়। যাৰ ফলত উশাহ বেছিকৈ লোৱা হয়। যদি আমি বহুত বেছি বিষাক্ত গেছ উশাহৰ জৰিয়তে ভিতৰলৈ লৈ যাও তেন্তে ই হাওঁফাওঁৰ ক্ষতি কৰিব পাৰে। দীৰ্ঘদিন এনে কৰিলে হাওঁফাওঁৰ সংক্ৰমণ, এলাৰ্জি, হাপানী আদি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

কেনেকৈ পৰিষ্কাৰ কৰিব

বাথৰুম পৰিষ্কাৰ কৰাৰ পূৰ্বে দুৱাৰ আৰু খিৰিকীবোৰ সম্পূৰ্ণৰূপে খুলি দিয়ক। বাথৰুমত এক্সজেষ্ট ফেন আছে যদি অন কৰি দিয়ক। ইয়াৰ দ্বাৰা বিষাক্ত গেছ বাহিৰ হোৱাত সহায় হয়। মাস্ক আৰু গ্ল’ভছ পৰিধান কৰি বাথৰুম চাফা কৰিব পাৰে। এনে কৰিলে ৰাসায়নিক পদাৰ্থৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ নাহে।

 

অন্য খবৰ পঢ়কঃ লিভাৰৰ সমস্যা হৈছে নেকি? ৬টা প্ৰাৰম্ভিক লক্ষণ কি, জানক চিকিৎসকৰ পৰা…

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী