ভুলতো নলগাব টুথপেষ্ট, নিদিব ঘঁহি! চকু বা ছালত ফটকাই পুৰিলে কি কৰিব? জানক চিকিৎসকৰ পৰা…

আজি দেৱালী। এই সময়চোৱাত বহুতে ফটকা ফুটাই আনন্দ কৰে। কিন্তু এই সময়ত বহু দিশৰ ওপৰত গুৰুত্ব দিব লাগে। অন্যথা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।

ভুলতো নলগাব টুথপেষ্ট, নিদিব ঘঁহি! চকু বা ছালত ফটকাই পুৰিলে কি কৰিব? জানক চিকিৎসকৰ পৰা...

দেৱালী

Updated On: 

20 Oct 2025 | 02:09 PM

আজি সমূহ দেশবাসীয়ে পালন কৰিব দেৱালী। এই সময়চোৱাত বহুতে ফটকা জ্বলাই আনন্দ কৰে। কিন্তু এই সময়চোৱাত কিছুমান দিশৰ ওপৰত গুৰুত্ব দিয়া ভাল। কেতিয়াবা ফটকাৰ গুড়ি চকুত আহি পৰে বা কেতিয়াবা ছালৰ পৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে ছাৰ গংগা ৰাম চিকিৎসালয়ৰ চকু বিভাগৰ ডাঃ এ কে গ্ৰভাৰে। তেওঁৰ মতে, চকুত ফটকা সোমাই হলে ঘঁহি দিব নালাগে। ই এটা ডাঙৰ ভুল। ইয়াৰ ফলত চকু আৰু কৰ্ণিয়াৰ ক্ষতি হ’ব পাৰে।

চকুৰ ক্ষেত্ৰত কি কৰিব

ছাৰ গংগা ৰাম চিকিৎসালয়ৰ চকু বিভাগৰ ডাঃ এ কে গ্ৰভাৰে কয় যে, যদি চকুত ফটকাৰ ধোঁৱা সোমাই তেন্তে পৰিষ্কাৰ পানীৰে ধুই দিয়ক। ইয়াৰ দ্বাৰা মলি বা ৰাসায়নিক পদাৰ্থ আঁতৰি যাব। বেছি সমস্যা হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ। যদি আপুনি কনটেক্ট লেন্স পিন্ধে তেন্তে লগে লগে আঁতৰাই দিয়ক। কাৰণ ই ৰাসায়নিক পদাৰ্থ শোষণ কৰে। ডাঃ গ্ৰভাৰে কয় যে দীপাৱলীৰ সময়ত চকু সুৰক্ষিত ৰাখিবলৈ অত্যধিক ধোঁৱা থকা ঠাইৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। ইয়াৰ লগতে, চকুত ফটকা পৰিলে ভুলতো ঘঁহি দিব নালাগে বুলি তেওঁ কয়।

ছালত পৰিলে কি কৰিব

গাজিয়াবাদৰ মেক্স হাস্পতালৰ ছালৰ ৰোগ বিভাগৰ ডাঃ সৌম্য সাচদেৱাই এই সন্দৰ্ভত সবিশেষ জনাইছে। তেওঁ কয় যে, যদি দেৱালীত ফটকাৰ দ্বাৰা আপোনাৰ ছালখন জ্বলি যায় তেন্তে সেই ঠাইত প্ৰথমে পানী ঢালি দিয়ক। ভুলতো ছালত টুথপেষ্ট, কফি পাউদাৰ বা হালধি নলগাব। ইয়াৰ ফলত সংক্ৰমণ বাঢ়িব পাৰে।

যদি পুৰাৰ ফলত আপোনাৰ ছালত পানীজলা বান্ধে তেন্তে সেয়া ফুটাই নিদিব। ইয়াৰ ফলত ছালৰ ৰক্ষামূলক স্তৰ আঁতৰি যায় আৰু সংক্ৰমণ বিয়পিব পাৰে। জলা-পোৰা বেছি হ’লে চিকিৎসালয়লৈ যাব লাগে। ঘৰুৱা উপায়ে কেতিয়াবা ডাঙৰ সমস্যা কৰিব পাৰে।

শিশুৰ যত্ন

ডাঃ গ্ৰভাৰ আৰু ডাঃ সৌম্য দুয়োজনে শিশুৰ বিশেষ যত্ন লবলৈ বিশেষ পৰামৰ্শ দিছে। কিয়নো ফটকা জ্বলোৱাৰ সময়ত দুৰ্ঘটনাৰ আশংকা থাকে। কৰবাত ফটকা লাগিলে তাত ঠাণ্ডা পৰিষ্কাৰ পানী দিব লাগে আৰু পাছত চিকিৎসকৰ ওচৰলৈ নিব লাগে।

 

অন্য খবৰ পঢ়কঃ জিভাত বগা দাগ পৰিছে নেকি? হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...