Diabetes: প্ৰস্ৰাৱত দেখা দিয়ে নেকি ডায়েবেটিছৰ লক্ষণ? জানক চিকিৎসকৰ পৰা…

বৰ্তমান সময়ত ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে বহুতে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। যেতিয়া এই ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু সাধাৰণ বুলি ভাবি মানুহে আওকাণ কৰে। এইবোৰ জনা দৰকাৰ।

Diabetes: প্ৰস্ৰাৱত দেখা দিয়ে নেকি ডায়েবেটিছৰ লক্ষণ? জানক চিকিৎসকৰ পৰা...

ডায়েবেটিছৰ লক্ষণ

Published: 

26 Dec 2025 | 06:31 AM

আজিৰ সময়ত ডায়েবেটিছ(Diabetes) ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। পৰিৱৰ্তিত জীৱনশৈলী, খাদ্যভাস আদিৰ বাবে এই ৰোগ বেছিকৈ হোৱা দেখা যায়। শৰীৰত তেজৰ চেনিৰ মাত্ৰা যেতিয়া স্বাভাৱিকতকৈ বেছি হৈ যায় তেতিয়া ডায়েবেটিছ হোৱা বুলি কয়। ই শৰীৰৰ আন অংগতো প্ৰভাৱিত কৰে। এবাৰ ডায়েবেটিছ হ’লে সম্পূৰ্ণৰূপে ঠিক নহয়, কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। যেতিয়া ডায়েবেটিছ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু সাধাৰণ বুলি মানুহে এইবোৰ আওকাণ কৰে।

প্ৰস্ৰাৱত জ্বলা-পোৰা হ’ব পাৰে নেকি লক্ষণ?

ডায়েবেটিছ ৰোগ সন্দৰ্ভত সবিশেষ জনাইছে আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ সুভাষ গিৰীয়ে। তেওঁ কয় যে, প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাতো কেতিয়াবা সাধাৰণ কথা। কিন্তু কিছুমান ক্ষেত্ৰত ই ডায়েবেটিছৰ আৰম্ভণিৰ লক্ষণ হ’ব পাৰে বা ডায়েবেটিছৰ সৈতে জড়িত হ’ব পাৰে। ডায়েবেটিছত তেজত শৰ্কৰা বৃদ্ধি পোৱাৰ বাবে শৰীৰত অধিক প্ৰস্ৰাৱ উৎপন্ন হয়, যাৰ ফলত সঘনাই প্ৰস্ৰাৱ হয়।

এই অৱস্থাত শৰীৰত পানীৰ অভাৱ হ’ব পাৰে, যাৰ ফলত প্ৰস্ৰাৱ অধিক ঘনীভূত হৈ পৰে। ইয়াৰ ফলত কেতিয়াবা জ্বলা-পোৰা, অস্বস্তি অনুভৱ কৰা আদি সহজ কথা। কিন্তু কেতিয়াবা আন কাৰণতো প্ৰস্ৰাৱ জ্বলা-পোৰা হ’ব পাৰে। যেনে- প্ৰস্ৰাৱৰ সংক্ৰমণ, পানী পৰ্যাপ্ত পৰিমাণে নোখোৱা আদি। গতিকে এটা লক্ষণ দেখা দিলেই ডায়েবেটিছ হোৱা বুলি ক’ব নোৱাৰি। দীৰ্ঘদিন ধৰি প্ৰস্ৰাৱ জ্বলা-পোৰা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

ডায়েবেটিছৰ আন লক্ষণসমূহ কি কি?

ডায়েবেটিছৰ লক্ষণসমূহ লাহে লাহে দেখা দিয়ে। ইয়াৰ ভিতৰত সঘনাই পিয়াহ লগা, সঘনাই প্ৰস্ৰাৱ, হঠাতে ওজন কমি যোৱা, বাৰে বাৰে প্ৰস্ৰাৱ অহা, ভাগৰ লগা আদি। ইয়াৰোপৰি ভাগৰ স্থায়ী হ’ব পাৰে, লগতে ঘাঁ হ’লে পলম হোৱাত সময় লগা, দৃষ্টিশক্তি ম্লান হোৱা, ভোক বৃদ্ধি আদিও এই ৰোগৰ লক্ষণ হ’ব পাৰে। কিছুমানৰ হাত-ভৰিত জিনজিননি বা অজ্ঞানতা অনুভৱ হয়। দীৰ্ঘদিন এই লক্ষণবোৰ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

প্ৰতিৰোধৰ উপায়

  • জীৱনশৈলী উন্নত কৰক।
  • খাদ্যভাস ভাল কৰক।
  • ব্যায়াম কৰক।
  • ওজন নিয়ন্ত্ৰণত ৰাখক।
  • পৰ্যাপ্ত পৰিমাণে পানী খাব।
  • মানসিক চাপ নিয়ন্ত্ৰণত ৰাখক।

 

অন্য খবৰ পঢ়কঃ আপুনিও পুৱাৰ আহাৰ নাখাই নেকি? তেন্তে হ’ব পাৰে এইসমূহ সমস্যা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...