নিশা শৰীৰ কঁপা, পিয়াহ লাগি থকা… হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

আপোনাৰ পিয়াহ বেছিকৈ লাগে নেকি? বা নিশা শুই থকাৰ সময়ত শৰীৰ কঁপি উঠে নেকি? যদি দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকে তেন্তে ইয়াক সহজভাৱে নল'ব। কিয়নো ই এক ডাঙৰ ৰোগৰ সংকেত হ'ব পাৰে।

নিশা শৰীৰ কঁপা, পিয়াহ লাগি থকা... হব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা...

ডায়েবেটিছৰ লক্ষণ

Published: 

25 Aug 2025 | 08:06 PM

মানুহ যিমানেই ব্যস্ত হৈ গৈছে সিমানেই বেছি স্বাস্থ্যজনিত সমস্যাই দেখা দিছে। শৰীৰত হোৱা প্ৰতিটো সমস্যাই ইয়াৰ সংকেত আমাক দিয়ে। কিন্তু বহু সময়ত মানুহে ইয়াক আওকান কৰা দেখা যায়। কিছুমানে নিশা কোনো কাৰণ নোহোৱাকৈ ঘামি থকা দেখা যায়। ইয়াৰোপৰি কিছুমানৰ প্ৰস্ৰাৱত সমস্যা, শৰীৰ দুৰ্বল, ঘামি থকা,কঁপি উঠা আদি সমস্যাত ভোগা দেখা যায়। দীৰ্ঘদিন ধৰি যদি এই সমস্যা হৈ থাকে তেন্তে ইয়াক সহজভাৱে নলব। ই ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে।

ডায়েবেটিছ এনে এক ৰোগ যি লাহে লাহে শৰীৰ দুৰ্বল কৰি তোলে। জীৱনশৈলী, খাদ্য, মেদবহুলতা, হাই ব্লাড প্ৰেছাৰ আদিকে ধৰি বিভিন্ন কাৰণত এই ৰোগ হয়। বহু মানুহে প্ৰাৰম্ভিক অৱস্থাত ডায়েবেটিছৰ লক্ষণসমূহ আওকান কৰে। যাৰ বাবে সময়মতে ইয়াৰ চিকিৎসা নহয়। বিশেষকৈ নিশা দেখা দিয়ে কিছুমান লক্ষণে এই ৰোগৰ সংকেত দিছে।

ভাগৰুৱা আৰু দুৰ্বলতা: যদি টোপনি সম্পূৰ্ণ হোৱাৰ পাছতো পুৱা ভাগৰুৱা অনুভৱ কৰে তেন্তে এয়া সহজভাৱে নল’ব। এয়া ডায়েবেটিছ বা ব্লাড চুগাৰ স্তৰৰ ভাৰসাম্যহীনতাৰ সংকেত হ’ব পাৰে। ইয়াৰ লগতে দৃষ্টিশক্তি ম্লান হ’ব পাৰে। যদি এনে সমস্যা হয় তেন্তে এয়া ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে।

নিশা ঘাম ওলোৱা আৰু হৃদস্পন্দন বৃদ্ধি: নিশা শুৱাৰ সময়ত আপোনাৰ ঘাম ওলাই নেকি? ইয়াৰোপৰি হৃদস্পন্দন দ্ৰুত হয় নেকি? যদি এই দুয়োটা সমস্যা হয় তেন্তে ব্লাড চুগাৰ স্তৰৰ ভাৰসাম্যহীনতাৰ সংকেত হ’ব পাৰে। এনে সময়ত শৰীৰ কঁপি উঠা, অস্বস্তি অনুভৱ, দুৰ্বলতা আদি হ’ব পাৰে। বাৰে বাৰে মুখ শুকাই যোৱাও ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে।

বাৰে বাৰে পিয়াহ লগা আৰু প্ৰস্ৰাৱৰ সমস্যা: যদি নিশা বাৰে বাৰে পিয়াহ লাগে আৰু পানী খোৱাৰ পাছতো পুনৰ পিয়াহ লাগি থাকে তেন্তে ই ডায়েবেটিছৰ সংকেত হ’ব পাৰে। ইয়াৰোপৰি নিশা বাৰে বাৰে প্ৰস্ৰাৱ অহা এই সমস্যাৰ লক্ষণ হ’ব পাৰে। এই লক্ষণসমূহ আওকান কৰিব নালাগে।

ঘাঁ ভাল হোৱাত সময়ঃ ইয়াৰোপৰি ডায়েবেটিছ ৰোগীৰ শৰীৰত কাটিলে বা ঘাঁ হ’লে সেয়া শুকোৱাত সাধাৰণতকৈ বেছি সময় লাগে।

ভোক বৃদ্ধিঃ ভোক বৃদ্ধি ডায়েবেটিছৰ আন এটা লক্ষণ। কোষবোৰ শক্তিৰ বাবে অনাহাৰে থকাৰ লক্ষণ এয়া।

ওজন হ্ৰাসঃ ডায়েবেটিছ ৰোগীৰ অস্বাভাৱিকভাৱে ওজন হ্ৰাস হোৱা দেখা যায়। কোনো কাৰণ নোহোৱাকৈ ওজন কমিবলৈ আৰম্ভ কৰে।

গতিকে আপোনাৰ দীৰ্ঘদিন ধৰি যদি এইসমূহ লক্ষণে দেখা দিছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ বাৰে বাৰে টোপনিৰ পৰা সাৰ পাই নেকি? তেন্তে হ’ব পাৰে শৰীৰৰ এই সমস্যাৰ লক্ষণ…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...