Dhanteras 2025: ধনতেৰাচত ক্ৰয় নকৰিব এনে সামগ্ৰী, অন্যথা অসন্তুষ্ট হ’ব দেৱী লক্ষ্মী!

যিদৰে ধনতেৰাচত কিছুমান সামগ্ৰী ক্ৰয় কৰাটো শুভ বিবেচিত হয়, সেইদৰে আন কিছুমান সামগ্ৰী ক্ৰয় কৰা বা ঘৰৰ ভিতৰলৈ অনাটোও অত্যন্ত অশুভ বিবেচিত হয় বুলি কোৱা হয়। অৱশ্যে এই বিষয়ে বহুলোকেই জ্ঞাত নহয়। জানো আহক এই বিষয়ে।

Dhanteras 2025: ধনতেৰাচত ক্ৰয় নকৰিব এনে সামগ্ৰী, অন্যথা অসন্তুষ্ট হ’ব দেৱী লক্ষ্মী!

ধনতেৰাচ ২০২৫

Updated On: 

17 Oct 2025 22:50 PM

পোহৰৰ উৎসৱ দীপাৱলীৰ পূৰ্বে কাইলৈ উদযাপন কৰা হ’ব ধনতেৰাচ। এই দিনটোত সোণ, ৰূপ বা নতুন বাচন-বৰ্তন ক্ৰয় কৰিলে ঘৰখনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰা যায় বুলি বিশ্বাস কৰা হয়। এনে সামগ্ৰীৰ লগতে ঝাড়ু ক্ৰয় কৰিলেও সৌভাগ্যৰ দুৱাৰ মুকলি হয় বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে। যিদৰে ধনতেৰাচত কিছুমান সামগ্ৰী ক্ৰয় কৰাটো শুভ বিবেচিত হয়, সেইদৰে আন কিছুমান সামগ্ৰী ক্ৰয় কৰা বা ঘৰৰ ভিতৰলৈ অনাটোও অত্যন্ত অশুভ বিবেচিত হয় বুলি কোৱা হয়।

অৱশ্যে এই বিষয়ে বহুলোকেই জ্ঞাত নহয়। জ্যোতিষ আৰু প্ৰাচীন বিশ্বাস অনুসৰি এই ভুল সামগ্ৰী ক্ৰয় কৰিলে আপোনাৰ আৰ্থিক সমৃদ্ধিৰ পথত বাধাৰ সৃষ্টি কৰিব পাৰে। লগতে ইয়াৰ দ্বাৰা ধন-সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মী দেৱীক অসন্তুষ্ট কৰিব পাৰে। গতিকে ধনতেৰাচত নিজৰ লগতে পৰিয়ালৰ দুৰ্ভাগ্যৰ পৰা হাত সাৰিবলৈ কেনে সামগ্ৰী ক্ৰয় কৰিব নালাগে, জানি লোৱা উচিত।

ধনতেৰাছৰ দিনা ভুলতো ক্ৰয় নকৰিব এনে সামগ্ৰী—

ধনতেৰাৰ শুভ দিনত কিছু সামগ্ৰী ক্ৰয় কৰাটো অত্যন্ত অশুভ বুলি গণ্য কৰা হয়। এইবোৰ সামগ্ৰী ক্ৰয়ে ঘৰখনলৈ নেতিবাচকতা আৰু আৰ্থিক সমস্যা কঢ়িয়াই আনিব পাৰে। জানো আহক এই বিষয়ে।

ধাৰ থকা সামগ্ৰী

এই দিনটোত কটাৰী, কেঁচি, পিন বা বেজী আদি কোনো ধৰণৰ ধাৰ কা সামগ্ৰী ক্ৰয়ৰ পৰা বিৰত থাকক। এই সামগ্ৰীসমূহে সৌভাগ্যত বাধাৰ সৃষ্টি কৰিব পাৰে বুলি বহুলোকে বিশ্বাস কৰে।

ক’লা সামগ্ৰী

ক’লা ৰঙক সাধাৰণতে নেতিবাচকতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ধনতেৰাচৰ শুভ দিনটোত ক’লা কাপোৰ বা আন কোনো ক’লা সামগ্ৰী ক্ৰয় কৰিব নালাগে।

লোহা বা তীখাৰ বাচন-বৰ্তন

বাচন-বৰ্তন ক্ৰয় কৰাটো শুভ যদিও এইবাৰ ধনতেৰাচ শনিবাৰে হোৱাৰ বাবে লোহা বা তীখাৰ সামগ্ৰী পৰিহাৰ কৰাটো ভাল। জ্যোতিষৰ মতে শনিবাৰে লো ক্ৰয় কৰিলে শনিৰ অশুভ প্ৰভাৱ পৰিব পাৰে।

কাঁচৰ সামগ্ৰী

কাঁচক দুৰ্বল সামগ্ৰী হিচাপে গণ্য কৰা হয়। ই আৰ্থিক স্থিতিশীলতাৰ অভাৱৰ ইংগিত দিব পাৰে বা ঋণাত্মক শক্তিক আকৰ্ষণ কৰিব পাৰে। গতিকে কাঁচৰ সামগ্ৰী ক্ৰয়ৰ পৰা বিৰত থাকক।

তেল বা ঘিউ

বহুলোকে বিশ্বাস কৰে যে ধনতেৰাচৰ দিনা ঘিউ বা তেল ক্ৰয় কৰাটো শুভ নহয়, কিয়নো ই আৰ্থিক লোকচানৰ প্ৰতীক। প্ৰয়োজন হ’লে আগতীয়াকৈ ক্ৰয় কৰা উচিত হ’ব।

খালী পাত্ৰ

যিকোনো নতুন পাত্ৰ বা বাচন-বৰ্তন ক্ৰয় কৰিলে কেতিয়াও ঘৰলৈ খালীকৈ নানিব। এনে বাচনত চাউল, শস্য বা মিঠাই ভৰাই ঘৰত সোমালেহে ভাল।

ধনতেৰাচ কেৱল সোণ ক্ৰয়ৰ দিন নহয়, ই এক বিশ্বাস। ক্ৰয় ক্ষমতা অনুসৰি যিকোনো সামগ্ৰী ক্ৰয় কৰিব পাৰি, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আপোনাৰ ভক্তি আৰু বিশ্বাস। লগতে ওপৰত উল্লেখ কৰা সামগ্ৰীসমূহ ক্ৰয় নকৰিলে ভাল ফলাফল পাব পাৰি।

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত দিয়া তথ্য হিন্দু শাস্ত্ৰ তথা ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam -এ নিজা কোনো মতামত প্ৰকাশ কৰা নাই।

মুখৰ ভিতৰত ঘাঁ কিয় হয়? প্ৰতিৰোধৰ উপায় জানক...
ৰাতিপুৱা খালী পেটত মধুৰিৰ পাত খালে কি কি ৰোগৰ পৰা উপশম পাব?
দীপাৱলীত গৰ্ভৱতী মহিলাই কি কি বস্তু পৰিহাৰ কৰিব লাগে?
১৪৮ বছৰীয়া ক্ৰিকেট ইতিহাসত পূৰ্বে হোৱা নাই এনে, এতিয়া কোহলীৰ হাতত ‘কৰি দেখুওৱাৰ’ সুযোগ