কোনসকল লোকৰ ডিপ্ৰেছন হোৱাৰ আশংকা বেছি? ইয়াৰ লক্ষণ কি, জানক বিশেষজ্ঞৰ পৰা…

Depression Symptoms: কেৱল শাৰীৰিকেই নহয়, আজিকালি মানুহৰ বিভিন্ন মানসিক স্বাস্থ্যজনিত সমস্যাইও দেখা দিয়ে। বহু মানুহে নাজানেই যে তেওঁলোক ডিপ্ৰেছনত ভুগি আছে। গতিকে ইয়াৰ লক্ষণ জনা ভাল।

কোনসকল লোকৰ ডিপ্ৰেছন হোৱাৰ আশংকা বেছি? ইয়াৰ লক্ষণ কি, জানক বিশেষজ্ঞৰ পৰা...

ডিপ্ৰেশ্যন

Published: 

05 Sep 2025 | 06:55 AM

শৰীৰ সুস্থ কৰি ৰখাৰ লগতে মানুহৰ মন সুস্থ কৰি ৰখাও অতি প্ৰয়োজন। বহু মানুহে আজিকালি ডিপ্ৰেছন বা হতাশাত ভুগি থকা দেখা যায়। মানসিক স্বাস্থ্যৰ প্ৰতি অৱহেলা বা সজাগতাৰ অভাৱৰ বাবে বহুতে ইয়াৰ বিষয়ে গমেই নাপায়। ডিপ্ৰেছন হ’ল এনে এক মানসিক স্বাস্থ্যজনিত সমস্যা য’ত ৰোগীজনে অনবৰত দুখ, ভাগৰ আৰু নেতিবাচক চিন্তাৰ সন্মুখীন হৈ থাকে। ই আমাৰ কেৱল মনটো অশান্ত কৰি ৰখাই নহয়, ইয়াৰ ফলত আমাৰ চিন্তা, কাম কৰাৰ ক্ষমতা, জীৱনটো উপভোগ কৰা ক্ষমতা আদিত প্ৰভাৱ পৰে।

কাৰণ

হৰম’নৰ ভাৰসাম্যহীনতা, মগজুৰ ৰাসায়নিক পৰিৱৰ্তন, মানসিক চাপৰ পৰিস্থিতি, দীৰ্ঘদিনীয়া অসুস্থতা বা কোনো ডাঙৰ ক্ষতি আদি বিভিন্ন দিশ হতাশাৰ কাৰণ হ’ব পাৰে।  আজিকালি মানুহৰ জীৱনশৈলী, কামৰ হেঁচা, সামাজিক মাধ্যমৰ ব্যৱহাৰ আদিৰ বাবেও ডিপ্ৰেছন বৃদ্ধি পাইছে। কেতিয়াবা ইয়াৰ জিনীয় কাৰণ থাকে। গতিকে ইয়াৰ বিষয়ে, বা লক্ষণসমূহ জনা দৰকাৰ।

প্ৰকাৰ

ডিপ্ৰেছন বা হতাশাৰ বিভিন্ন প্ৰকাৰ থাকে। কিছুমান প্ৰকাৰ-

  • মেজৰ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ। এই অৱস্থাত এজন ব্যক্তিয়ে দীৰ্ঘদিন ধৰি বহুত দুখ অনুভৱ কৰি থাকে।
  • পাৰ্চিষ্টেণ্ট ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ। এইটো দীৰ্ঘস্থায়ী লক্ষণ। বিশেষকৈ মহিলাৰ প্ৰসৱৰ পাছত এই প্ৰকাৰৰ ডিপ্ৰেছন হোৱা বেছিকৈ দেখা যায়।
  • ছেচনেল এফেক্টিভ ডিছঅৰ্ডাৰ। যি বতৰ পৰিবৰ্তনৰ ওপৰত নিৰ্ভৰ কৰে।

কাৰ ডিপ্ৰেছনৰ আশংকা বেছি

  • যিসকলৰ মানসিক চাপ বেছি,
  • হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবে,
  • দীৰ্ঘদিনীয়া ৰোগ বা পাৰিবাৰিক ইতিহাস থাকিলে তেওঁলোক হতাশাত ভোগাৰ আশংকা বেছি,
  • মহিলা, কিশোৰী, বৃদ্ধসকল,
  • অত্যধিক মদ বা ড্ৰাগছ সেৱন কৰাসকল।

লক্ষণ

গাজিয়াবাদ জিলা চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ ডাঃ এ কে বিশ্বকৰ্মাই কয় যে, ডিপ্ৰেছন হঠাৎ নহয়। ই এক বহু মাহ বা বছৰ ধৰি চলি থকা প্ৰক্ৰিয়া। দীৰ্ঘদিন মানসিক স্বাস্থ্যৰ অৱনতি ঘটিলে ডিপ্ৰেছন হয়। যেতিয়া ইয়াৰ আৰম্ভণি হয়, তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে মানুহে জনা উচিত। কিছুমান লক্ষণ যেনে-

  •  অনবৰতে দুখ বা একো নথকা যেন অনুভৱ কৰা,
  • টোপনিৰ সমস্যা,
  • খিংখিঙীয়া,
  • ক্লান্তি,
  • কামৰ প্ৰতি আগ্ৰহৰ অভাৱ,
  • খাদ্যাভাসৰ পৰিবৰ্তন,
  • খাদ্য় কোনোবাই বেছিকৈ খায়, কাৰোবাৰ মন নাযায়,
  • আত্মবিশ্বাসৰ অভাৱ,
  • নেতিবাচক চিন্তা,
  • নিজকে অসাৰ বুলি ভবা আদি।

যদি এই সমস্যাসমূহ দীৰ্ঘদিন ধৰি হৈ থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল। কিয়নো পৰিয়ালৰ সহায়, পৰামৰ্শ আৰু সঠিক সময়ত চিকিৎসাৰ সহায়ত হতাশা নিয়ন্ত্ৰণ কৰিব পাৰি।

পৰিত্ৰাণৰ উপায়

  • সুষম খাদ্য গ্ৰহণ কৰক।
  • ব্যায়াম বা যোগাসন।
  • মানসিক চাপ কম কৰক।
  • নিচাৰ পৰা আঁতৰত থাকক।
  • মনৰ কথা আনৰ লগত শ্বেয়াৰ কৰক।
  • প্ৰয়োজন হ’লে মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ বৃক্ক নষ্ট হোৱাৰ পূৰ্বে কি ৫টা লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব