১৪ দিন একেৰাহে নৰসিংহ পাত খালে কি উপকাৰ হয়? জানক…
প্ৰায় সকলোৱে নৰসিংহ পাত খায়। বিভিন্ন খাদ্য প্ৰস্তুত কৰোতে নৰসিংহৰ পাত দিয়া হয়। ই কেৱল সোৱাদ বৃদ্ধি কৰাই নহয়, স্বাস্থ্যৰো উপকাৰ সাধন কৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

নৰসিংহ পাত
প্ৰায় বহু মানুহে বিভিন্ন খাদ্য বনালে নৰসিংহৰ পাত কেইটামান দি দিয়ে। ইয়াৰোপৰি নৰসিংহৰ পৰা পকৰি, দাইলৰ চাটনি আদিও বনোৱা হয়। পিছে আপুনি জানেনে, নৰসিংহৰ পাতে কেৱল খাদ্য সোৱাদেই বৃদ্ধি নকৰে, ই স্বাস্থ্যৰো উপকাৰ কৰে। এই সন্দৰ্ভত যোগগুৰু হংসা যোগেন্দ্ৰই সামাজিক মাধ্যমত এটা ভিডিঅ’ আপলোড কৰিছে। য’ত তেওঁ নৰসিংহৰ উপকাৰিতাৰ বিষয়ে কৈছে। তেওঁ কৈছে, একেৰাহে ১৪ দিন নৰসিংহৰ পাত খালে শৰীৰৰ কি কি পৰিবৰ্তন হ’ব।
নৰসিংহ পাতত কি থাকে
হংসা যোগেন্দ্ৰই কয় যে, নৰসিংহৰ পাতত প্ৰাকৃতিক এন্টিঅক্সিডেন্ট, ফাইবাৰ, আয়ৰন, কেলছিয়াম, ভিটামিন এ, বি, চি, ই আদি থাকে। আয়ুৰ্বেদক ইয়াক পাচনতন্ত্ৰ ভাল কৰা এক উপাদান বুলি ধৰা হয়। ইয়াৰোপৰি নৰসিংহৰ পাতত এন্টি়ডায়েবেটিক, এন্টি ইমফলমেটৰি,হাৰ্ট প্ৰডাক্টিভ গুণ আদি থাকে।
১৪ দিন খালে কি হ’ব
বয়সঃ নৰসিংহৰ পাতত থকা এন্টিঅক্সিডেন্ট গুণে শৰীৰত ফ্ৰী ৰেডিকেল্স নষ্ট কৰে। যাৰ ফলত কোষবোৰ সুস্থ হৈ থাকে আৰু অকাল বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া হয়।
পাচনতন্ত্ৰঃ পাচন এনজাইম সক্ৰিয় কৰাত ই সহায় কৰে। ইয়াৰ ফলত খাদ্য ভালদৰে হজম হয়। নৰসিংহ পাত খালে গেছ, পেট ফুলা, বদহজম, কোষ্ঠকাঠিন্য আদি সমস্য়া লাহে লাহে কমি যায়।
ছাল, চুলিঃ নৰসিংহ পাতত বিটা কেৰোটিন আৰু প্ৰ’টিন থাকে। যি চুলি মজবুত কৰাত সহায় কৰে। ই চুলি সৰা কমায়। ইয়াৰোপৰি ছাল ধুনীয়া কৰি ৰাখে। ছাল উজ্বল কৰি তোলে।
ব্লাড চুগাৰঃ নৰসিংহপাতে ইনচুলিনৰ কাৰ্যকলাপবৃদ্ধি কৰাত সহায় কৰে, যিয়ে তেজত চেনিৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰে।
হৃদযন্ত্ৰঃ নৰসিংহ পাতে বেয়া কলেষ্টেৰল (LDL) আৰু ট্ৰাইগ্লিচৰাইডছ কম কৰাত সহায় কৰে। ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে।
তেনেকৈ খাব
পুৱা খালী পেটত ৪-৫ টা নৰসিংহ পাত কুহুমীয়া পানীৰ সৈতে চোবাই খাব। অৱশ্যে আপোনাৰ যদি কোনো বিশেষ ৰোগ আছে তেন্তে যিকোনো বস্তু খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
অন্য খবৰ পঢ়কঃ ৩০ বছৰৰ পাছত কিয় বৃদ্ধি পাই ওজন? জানক ইয়াৰ আঁৰৰ কাৰণ…