অত্যধিক নিমখ খালে বৃক্কত কেনে প্ৰভাৱ পৰে? চিকিৎসকৰ পৰা জানক…

ছডিয়াম ক্লৰাইড বুলি জনাজাত নিমখ আমাৰ জীৱনৰ বাবে এক অপৰিহাৰ্য খনিজ। ই আমাৰ শৰীৰত কেটিয়ন হিচাপে বিদ্যমান আৰু শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰে। কিন্তু আপুনি জানেনে যে সোৱাদ বৃদ্ধি কৰা এই একেটা নিমখে লাহে লাহে বৃক্কৰ ৰোগ সৃষ্টি কৰিব পাৰে?

অত্যধিক নিমখ খালে বৃক্কত কেনে প্ৰভাৱ পৰে? চিকিৎসকৰ পৰা জানক...

নিমখ

Updated On: 

14 Jan 2026 | 10:56 AM

আপুনি জানেনে যে আপোনাৰ পাকঘৰত থকা বগা নিমখ, যিয়ে আপোনাৰ খাদ্যৰ সোৱাদ বৃদ্ধি কৰে, আচলতে এটা নিৰৱ হত্যাকাৰী হ’ব পাৰে? আমাৰ শৰীৰৰ বাবে এচিকুট নিমখ উশাহ-নিশাহৰ দৰেই গুৰুত্বপূৰ্ণ। নিমখে আমাৰ মগজু আৰু হৃদযন্ত্ৰক সঠিকভাৱে কাম কৰাত সহায় কৰে। কিন্তু যেতিয়া এই চিমটি নিমখ পৰামৰ্শ দিয়া পৰিমাণতকৈ বেছি হয়, তেতিয়া আপোনাৰ বৃক্কই প্ৰথমে বিপদত পৰে।

নিমখ কিয় গুৰুত্বপূৰ্ণ?

আমাৰ শৰীৰত ছডিয়ামৰ এটা নিৰ্দিষ্ট মাত্ৰা (১৩৫-১৪৫ mEq/L) থকাটো অতি প্ৰয়োজনীয়। শৰীৰত ছডিয়ামৰ অভাৱ হ’লে ইয়াৰ পৰিণতি মাৰাত্মক হ’ব পাৰে, যেনে-মগজুৰ ক্ষতি, হৃদযন্ত্ৰ বন্ধ হোৱা আদি

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি এজন সুস্থ ব্যক্তিয়ে প্ৰতিদিনে মাত্ৰ ৫ গ্ৰাম (প্ৰায় এক চামুচ) নিমখ (How Much Salt Per Day) খাব লাগে। পশ্চিমীয়া দেশত নিমখৰ পৰিমাণ কম, কিন্তু ভাৰতীয় খাদ্যত নিমখৰ পৰিমাণ অতি বেছি। গড় ভাৰতীয়ই দৈনিক ১০ৰ পৰা ১২ গ্ৰাম নিমখ সেৱন কৰে, যিটো দৈনিক খোৱাৰ পৰামৰ্শ দিয়াতকৈ দুগুণ।

অতিৰিক্ত নিমখৰ ক্ষতিকাৰক প্ৰভাৱ

বৃক্কই আমাৰ শৰীৰত নিমখ আৰু পানীৰ ভাৰসাম্য ৰক্ষা কৰে। অত্যধিক নিমখ সেৱনে কেইবাটাও স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে:

উচ্চ ৰক্তচাপ: অতিৰিক্ত নিমখে পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ ফলত বৃক্কৰ ৰক্তবাহী নলীবোৰ কঠিন আৰু সংকীৰ্ণ হৈ পৰে।

বৃক্কত পাথৰ: প্ৰস্ৰাৱত ছডিয়াম বৃদ্ধি হ’লে কেলচিয়ামৰ মাত্ৰাও বৃদ্ধি পায়, যাৰ ফলত বৃক্কত বিষাক্ত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

প্ৰটিন ইউৰিয়া: অতিৰিক্ত নিমখৰ ফলত প্ৰস্ৰাৱৰ জৰিয়তে প্ৰটিন নিৰ্গত হয়, যিটো বৃক্কৰ ক্ষতিৰ প্ৰধান লক্ষণ।

হৃদৰোগ: অতিৰিক্ত নিমখে ক’ৰ’নাৰী ধমনী ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে, যিটো বৃক্ক বিকল হোৱাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত।

যিসকলৰ বৃক্ক সঠিকভাৱে কাম কৰা নাই তেওঁলোকৰ বাবে নিমখ কমালে ইয়াৰ নিৰাময় হ’ব পাৰে। ইয়াৰ বহুতো সুবিধা আছে, যেনে- ৰক্তচাপ ভালদৰে নিয়ন্ত্ৰণ কৰা হয় শৰীৰৰ ফুলা কমি যায়. উশাহ-নিশাহ লোৱাৰ সমস্যা ভাল হয়।

  • সাৱধান: বৃক্ক ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ পটাছিয়ামযুক্ত নিমখৰ বিকল্প ব্যৱহাৰ কৰিব নালাগে, কিয়নো অতিৰিক্ত পটাছিয়াম ক্ষতিকাৰক হ’ব পাৰে।
  • নাখাব: প্ৰচেছড মাংস, ফাষ্ট ফুড, টেমাত ভৰোৱা খাদ্য, ফ্ৰ’জেন ডিনাৰ, প্ৰচেছড চীজ এৰক।
  • সতেজ খাদ্য: সতেজ ফল-মূল, শাক-পাচলি, ঘৰতে বনোৱা খাদ্য খাব লাগে।
  • পৰিমাণ বিবেচনা কৰক: বৃক্ক ৰোগীয়ে প্ৰতিদিনে ২,৩০০ মিলিগ্ৰাম (আধা চামুচ)তকৈ কম নিমখ খোৱাৰ লক্ষ্য ৰাখিব লাগে।

মনত ৰাখিব, নিমখ কমাব পৰা অভ্যাস এটা ৰাতিটোৰ ভিতৰতে গঢ় লৈ নুঠে। আমাৰ বৃক্ক সুৰক্ষাৰ বাবে আমি আজিয়েই আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ অভ্যাস উন্নত কৰিবলৈ আৰম্ভ কৰিব লাগিব।

লগতে পঢ়ক: প্ৰস্ৰাৱৰ দুৰ্গন্ধ, তেজ, ফেন… এয়া কি ৰোগৰ লক্ষণ? জানক

ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
প্ৰয়োজনতকৈ অধিক খাদ্য খালে শৰীৰে কি কি ইংগিত দিয়ে, জানক...
৩০ দিন একেৰাহে জিৰা পানী খালে শৰীৰৰ কি কি পৰিবৰ্তন হ'ব?জানক...
দৈনিক ৰঙা চাহ খালে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পাৰে? জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি