অনবৰতে হাত-ভৰিবোৰ বিষাই থাকে নেকি? জানক ই কি কি ৰোগৰ লক্ষণ …
হাত-ভৰিৰ বিষ বহু ৰোগৰ লক্ষণ হ’ব পাৰে। সাধাৰণতে আমি অত্যধিক কষ্ট বা ভাগৰুৱা হোৱাৰ অজুহাত দেখুৱাই ইয়াক আওকাণ কৰোঁ। লগতে ইয়াৰ বাবে কোনো ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰো। সমস্যা বাঢ়িবলৈ আৰম্ভ কৰিলেহে আমি ডাক্তৰৰ ওচৰলৈ যাওঁ। তেতিয়ালৈকে এই সমস্যা গুৰুতৰ ৰোগত পৰিণত হয়।

হাত-ভৰিৰ বিষ
বয়স বৃদ্ধিৰ লগে লগে প্ৰায়ে হাত-ভৰি বিষ হয়। কিন্তু পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে এই সমস্যা এতিয়া যুৱক-যুৱতীসকলৰ মাজতো হ’বলৈ আৰম্ভ কৰিছে। যদি হাত-ভৰি অনবৰতে বিষ হৈ থাকে আৰু ই অসহ্যকৰ হৈ পৰিছে, তেন্তে ই বহু ৰোগৰ লক্ষণ হ’ব পাৰে। হাত-ভৰিৰ বিষক স্বাভাৱিক বুলি বিবেচনা কৰি ঘৰুৱা উপায় গ্ৰহণ কৰি আওকাণ কৰিব নালাগে। এই প্ৰতিবেদনত আমি আপোনালোকক ক’ম যে হাত-ভৰিৰ বিষ কিয় হয় আৰু ই কি কি ৰোগৰ ইংগিত দিয়ে?
সাধাৰণতে হাত আৰু ভৰিৰ বিষৰ সমস্যা ৫০ বছৰ বয়সৰ পিছত আৰম্ভ হয়।যদি আপোনাৰ ক্ষেত্ৰত এই সমস্যা আগতেই হৈছে তেন্তে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা উচিত। হাত-ভৰিৰ বিষ বহু গুৰুতৰ ৰোগৰ লক্ষণ। ইয়াৰ ভিতৰত কিছুমান ৰোগ সাধাৰণ, কিছুমান গুৰুতৰ আৰু কিছুমান ৰোগ এনেকুৱা যে এবাৰ হ’লে গোটেই জীৱন আপোনাৰ লগত থাকিব। গতিকে যদি হাত, আঙুলি, ভৰিৰ গোৰোহা, ভৰি, ভৰিৰ আঙুলি আদিত বিষ হয় তেন্তে পৰীক্ষা কৰাব লাগে।
এইবোৰ ৰোগৰ লক্ষণ দেখা যায়
হাত-ভৰিৰ বিষ ডায়েবেটিছ, বাতবিষ, স্নায়ুতন্ত্ৰৰ বিকাৰ, তেজৰ সোঁতৰ সমস্যা, ভিটামিনৰ অভাৱ আদিৰ লক্ষণো হ’ব পাৰে। বিষৰ আঁৰৰ কাৰণ পৰীক্ষাৰ পিছতহে জানিব পৰা যায়। ইউৰিক এচিড বৃদ্ধিৰ বাবে হাত-ভৰিৰ সৰু সৰু গাঁঠিবোৰত বিষ হয়। যদি ইয়াক আওকাণ কৰা হয় তেন্তে এই গুৰুতৰ ৰোগ বাতবিষলৈ পৰিণত হয়। ভৰিকোজ ভেইন (Varicose veins) ৰ ফলত ভৰি দুখন ফুলা আৰু বিষ হয়। ভেৰিকোজ ভেইন হ’ল শৰীৰৰ শিৰাবোৰ ফুলা বা বেঁকা হোৱা দেখা দিয়া অৱস্থা। ই বেছিকৈ ভৰিত দেখা দিয়ে যদিও আন যিকোনো অংগত দেখা দিব পাৰে। যিকোনো বয়সতে এনে হ’ব পাৰে। গতিকে বিষ আৰম্ভ হোৱাৰ লগে লগে পৰীক্ষা কৰিব লাগে। যাতে চিকিৎসা আগতীয়াকৈ কৰিব পৰা যায় আৰু ৰোগীজন গুৰুতৰ হোৱাৰ পৰা ৰোধ কৰিব পৰা যায়।
এই সমাধান গ্ৰহণ কৰক
৩০ বছৰ বয়সৰ পিছত ডায়েবেটিছ আৰু ইউৰিক এচিডৰ পৰীক্ষা কৰি থাকিব লাগে। সুস্থ জীৱনশৈলী গ্ৰহণ কৰক। সুষম খাদ্যৰ লগতে ব্যায়াম কৰক। চোডা আৰু শীতল পানীয়ৰ লগতে মদ আৰু ধঁপাত পৰিহাৰ কৰিব লাগে। শৰীৰত ভিটামিনৰ অভাৱ হ’বলৈ নিদিব। নিজকে হাইড্ৰেটেড কৰি ৰাখক আৰু বতৰৰ ফল-মূল খাওক।