প্ৰতিদিনে শোৱাৰ পূৰ্বে এটা লং খালে পুৰুষে কি উপকাৰ পাব? জানক সকলো…

Cloves Benefits: লঙৰ বহু উপকাৰী গুণ আছে। দাঁতৰ সমস্যাৰ পৰা মুখৰ দুৰ্গন্ধ হ্ৰাস কৰালৈকে ই বহু কাম কৰে। কিন্তু আপুনি জানেনে লং খোৱা পুৰুষৰ বাবে ভাল। ইয়াৰ ফলত কি কি লাভ হয় এই লেখাটোত উল্লেখ কৰা হ'ল।

প্ৰতিদিনে শোৱাৰ পূৰ্বে এটা লং খালে পুৰুষে কি উপকাৰ পাব? জানক সকলো...

লঙৰ উপকাৰ

Published: 

06 Jan 2026 | 04:17 PM

প্ৰায় সকলোৰে ঘৰত সহজে লং (Cloves) পোৱা যায়। চাহৰ পৰা আৰম্ভ কৰি খাদ্য প্ৰস্তুত কৰালৈকে সকলোতে লং ব্যৱহাৰ কৰা হয়। পিছে কেৱল সোৱাদৰ ক্ষেত্ৰতে নহয়, লঙৰ বহু উপকাৰী গুণ আছে। মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ লগতে ই দাঁত মজবুত কৰাত সহায় কৰে। যিসকল লোকৰ প্ৰায়ে দাঁতৰ বিষ হৈ থাকে সেইসকল লোকেও লঙৰ পৰা সকাহ পাব পাৰে। ইয়াৰোপৰি পুৰুষসকলৰ বাবে লং বিশেষ উপকাৰী। প্ৰতিদিনে মাত্ৰ এটাকৈ লং খালে আপুনি বহু উপকাৰ লাভ কৰিব পাৰে।

নিশা এটা বা দুটা লং শুৱাৰ পূৰ্বে লাহে লাহে চোবাই থাকিব পাৰে। গতিকে প্ৰতি নিশা লং খালে কি কি উপকাৰ হব পাৰে সেয়া তলত উল্লেখ কৰা হ’ল।

লঙৰ উপকাৰিতা

  • হজম প্ৰক্ৰিয়াঃ যদি আপোনাৰ গেছ, এচিডিটি, কৌষ্ঠকাঠিন্য আদিৰ সমস্যা আছে তেন্তে নিশা লং খাব পাৰে। ইয়াৰ ফলত হজম প্ৰক্ৰিয়া ভাল হয়। ই পেটৰ লগত জড়িত সমস্যা দূৰ কৰাত সহায় কৰে। নিশা খালে পুৱালৈ পেট চাফা হয়।
  • ৰোগ প্ৰতিৰোধ ক্ষমতাঃ লঙত ভিটামিন চি আৰু এন্টিঅক্সিডেন্টছ থাকে। নিশা লং খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ইয়াৰ ফলত আপুনি চৰ্দি, কাহ বা ঋতুগত ৰোগৰ পৰা সকাহ পাব পাৰে।
  • দাঁতঃ লঙত থকা ইউজেনালে দাঁতৰ বিষ আৰু গুড়িৰ ফুলা কম কৰি প্ৰাকৃতিক পেইন কিলাৰৰ দৰে কাম কৰে। দাঁতৰ বিষ কম কৰাত ই সহায় কৰে। নিশা লং খালে মুখৰ দুৰ্গন্ধ কম হয়।
  • ডিঙিঃ চৰ্দি হৈ থাকিল ডিঙিৰো সমস্যা হৈ থাকে। গতিকে লং এটা চোবাই থাকিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। কাহৰ পৰা পৰিত্ৰাণ পোৱাতো ই সহায় কৰে।
  • বিষঃ যদি আপোনাৰ শৰীৰত বিষৰ সমস্যা আছে তেন্তে লং খাব পাৰে। লঙত এন্টি ইমফলমেটৰি গুণ থাকে। যিয়ে বিষ কম কৰাত সহায় কৰে।

পুৰুষৰ বাবে

  • ই পুৰুষৰ অভ্যন্তৰীণ শক্তি বৃদ্ধি কৰে।
  • তেজৰ চলাচল ভাল হয়। যাৰ বাবে ষ্টেমিনা আৰু শক্তি বাঢ়ে।
  • পুৰুষৰ যৌন স্বাস্থ্যৰ বাবে লং উপকাৰী। প্ৰজনন ক্ষমতা ভাল কৰে।

 

অন্য খবৰ পঢ়কঃ একেৰাহে ৭ দিন পুৱা আমলখিৰ ৰস খালে শৰীৰৰ কি কি লাভ হয়? জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...