Clove Benefits: নিশা শোৱাৰ পূৰ্বে মাত্ৰ ১টাকৈ লং খালে শৰীৰৰ কি কি লাভ হয়? জানক বিশেষজ্ঞৰ পৰা…

Cloves Benefits: খাদ্যৰ পৰা আৰম্ভ কৰি চাহলৈ বিভিন্ন ক্ষেত্ৰত লং ব্যৱহাৰ কৰা হয়। কিছুমান কেঁচাই চোবাই খোৱাও দেখা যায়। পিছে এই লঙৰ আছে আচৰিত গুণ। যিয়ে আপোনাৰ স্বাস্থ্যত বহু ভাল প্ৰভাৱ পেলায়।

Clove Benefits:  নিশা শোৱাৰ পূৰ্বে মাত্ৰ ১টাকৈ লং খালে শৰীৰৰ কি কি লাভ হয়? জানক বিশেষজ্ঞৰ পৰা...

লং

Updated On: 

15 Dec 2025 | 04:58 PM

প্ৰায় সকলোৰে ঘৰত লং (Cloves) থাকে। খাদ্য বনোৱাৰ পৰা আৰম্ভ কৰি চাহ বা কেঁচাই বহুতে লং খায়। কিন্তু আপুনি জানেনে, লং শৰীৰৰ বাবে বহু উপকাৰী। বিশেষকৈ নিশা শোৱাৰ পূৰ্বে যদি লং খাই তেন্তে বহু সুফল লাভ কৰিব। এই সন্দৰ্ভত নিউট্ৰেচিয়ান ৰাজমনি পেটেলে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা ভিডিঅ’ আপলোড কৰিছে। য’ত তেওঁ লং খোৱাৰ উপকাৰৰ বিষয়ে কৈছে। গতিকে এই সন্দৰ্ভত তদন্ত উল্লেখ কৰা হ’ল।

নিশা লং খোৱাৰ উপকাৰিতা

পাচনতন্ত্ৰঃ লং খালে পাচনৰ এনজাইমৰ নিঃসৰণ বৃদ্ধি কৰে। এনে অৱস্থাত গেছ, এচিডিটি, পেট ফুলা, বদহজম আদি সমস্যাৰ পৰা সকাহ পোৱা যায়।

ৰোগ প্ৰতিৰোধ ক্ষমতাঃ লঙত ইউজেনাল নামৰ এক এন্টিঅক্সিডেন্ট থাকে। যিয়ে বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল কৰে।

চৰ্দিঃ যদি আপোনাৰ চৰ্দি, কাহ আদিৰ সমস্যা হৈ থাকে তেন্তে লঙে সকাহ দিব পাৰে। নিশা লং খালে কাহ, চৰ্দিৰ সমস্যা হ্ৰাস পাই, ইয়াৰোপৰি নাক বন্ধ নহয়।

বিষঃ বিষনাশক গুণ আছে। ই দাঁতৰ বিষ, ডিঙিৰ বিষ আদিৰ বাবে উপকাৰী।

টোপনিঃ লঙত থকা উপাদানে মানসিক চাপ কম কৰাত সহায় কৰে। এনে অৱস্থাত টোপনি ভাল হয়।

ব্লাড চুগাৰঃ  ব্লাড চুগাৰ নিয়ন্ত্ৰণত ই সহায়ক। ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে আৰু গ্লুক’জ বিপাকীয় ক্ৰিয়াত সহায় কৰিব পাৰে।

যকৃতঃ যকৃতৰ স্বাস্থ্যৰ বাবেও লং উপকাৰী।

মুখৰ দুৰ্গন্ধঃ লঙে মুখৰ বেয়া বেক্টেৰিয়া নষ্ট কৰাত সহায় কৰে। গতিকে ই মুখৰ দুৰ্গন্ধ কম কৰাতো সহায় কৰে। পুৱা মুখ সতেজ হৈ থাকে।

নিশা কিমান খাব

বিশেষজ্ঞৰ মতে, নিশা খাদ্য গ্ৰহণ কৰাৰ পাছত লং এটা লাহে লাহে চোবাই থাকিব। পাছত লাহে লাহে গিলিব। প্ৰতিদিনে ১-২ টা লং খাব পাৰে। তাতকৈ বেছি খাব নালাগে।

কোনে খাব নালাগে

  • গৰ্ভৱতী বা স্তনপাৰ কৰোৱা মহিলাসকলে।
  • এচিডিটি, আলচাৰৰ সমস্যা থকাসকলে।
  • ইয়াৰোপৰি আপোনাৰ যদি কিবা বিশেষ ৰোগ আছে তেন্তে যিকোনো বস্তু খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ পুৱা খালী ভৰিৰে নিয়ৰত খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়? জানক…

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...