Children’s Day Wishes In Assamese: প্ৰিয় শিশুটিক এনেদৰে জনাওক ‘শিশু দিৱস’ৰ শুভেচ্ছা, হৈ পৰিব সুখী…

Children's Day Wishes In Assamese: প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো দেশত শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত দেশৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ত অনুষ্ঠানৰ আয়োজন হয়। ইয়াৰ লগত সংগতি ৰাখি প্ৰিয় শিশুটিক প্ৰেৰণ কৰিব পাৰে শিশু দিৱসৰ শুভেচ্ছা।

Childrens Day Wishes In Assamese: প্ৰিয় শিশুটিক এনেদৰে জনাওক শিশু দিৱসৰ শুভেচ্ছা, হৈ পৰিব সুখী...

শিশু দিৱসৰ শুভেচ্ছা

Published: 

13 Nov 2025 11:00 AM

দেশত প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰাক্তন তথা প্ৰথম  প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষে এই দিনটোত শিশু দিৱস পালন কৰা হয়। নেহৰুৱে শিশুসকলক যথেষ্ঠ মৰম কৰিছিল। যাৰ বাবে শিশুসকলে তেওঁক ‘নেহৰু চাচা’ বুলি সম্বোধন কৰিছিল। প্ৰধানমন্ত্ৰী হোৱাৰ পাছত নেহৰুৱে শিশুৰ কল্যান তথা বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। শিশুৰ প্ৰতি মৰম আৰু অৱদানৰ বাবে তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়।

এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়-মহাবিদ্যালয় আদিত অনুষ্ঠানৰ আয়োজন হয়। য’ত শিশুসকল বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই দিনটোত শিশুসকলক জনোৱা হয় শুভেচ্ছা। গতিকে আপুনিও তলত দিয়া ধৰণে শিশু দিৱসৰ শুভেচ্ছা জনাব পাৰে।

  1. শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা। আশা কৰো তুমি আগুৱাই যোৱা আৰু সফলতাৰ নতুন শিখৰ স্পৰ্শ কৰা।
  2. নেহৰুৱে কৈছিল- আজিৰ শিশুই ভৱিষ্যতে এখন উন্নত ৰাষ্ট্ৰ গঠন কৰিব। শিশু দিৱসৰ শুভেচ্ছা।
  3. তোমালৈ শিশু দিৱসৰ বহুত শুভেচ্ছা। আশা কৰো, জীৱনত বিচৰা প্ৰতিটো সুখেই তুমি লাভ কৰা।
  4. শিশু দিৱসৰ শুভেচ্ছা। আশা কৰো তুমি আগুৱাই যোৱা। নিজৰ লগতে পিতৃ-মাতৃ আৰু এই সমাজৰ গৌৰৱ হোৱা।
  5. তোমালৈ শিশু দিৱসৰ শুভেচ্ছা। সদায় হাঁহি, আনন্দ কৰি থকা। সুখী হোৱা।
  6. শিশুকালতো সদায় বিশেষ, পাহৰিব নোৱাৰা  এক সময়। আশা কৰো এই সময়ৰ প্ৰতিটো ক্ষণেই তুমি উপভোগ কৰা। শিশু দিৱসৰ বহুত শুভেচ্ছা।
  7. সাৰ্থক হওক তোমাৰ প্ৰতিটো সপোন, লাভ কৰা তুমি প্ৰতিটো সুখ…শিশু দিৱসৰ বহুত শুভেচ্ছা।
  8. জীৱনৰ প্ৰত্যাহ্বান নেওচি আগুৱাই যোৱা। পূৰণ কৰা প্ৰতিটো সপোন। আমি সদায় আছো তোমাৰ স’তে। তোমালৈ শিশু দিৱসৰ বহুত শুভেচ্ছা।
  9. শিশুৰ হাঁহিতেই থাকে সুখৰ জগত! শিশু দিৱসৰ বহুত শুভেচ্ছা।
  10. তোমাৰ সৰু চকুযুৰিত সপোনৰ পয়োভৰ! আশা কৰো সেই সপোনবোৰ গঁজালি মেলি বট বৃক্ষ হৈ পৰক। তোমালৈ শিশু দিৱসৰ শুভেচ্ছা।
  11. তুমি মুক্ত হোৱা, আগুৱাই যোৱা আৰু এজন ভাল নাগৰিক হোৱা…তোমালৈ শিশু দিৱসৰ বহুত শুভেচ্ছা।
  12. তুমি মোৰ সপোন, জীয়াই থকাৰ প্ৰেৰণা, তোমাৰ উপস্থিতিতেই মোৰ সুখ! তোমালৈ শিশু দিৱসৰ শুভেচ্ছা।

 

অন্য খবৰ পঢ়কঃ কিয় ‘শিশু দিৱস’ পালন কৰা হয় ? জানক এই দিৱসৰ ইতিহাস, গুৰুত্ব আদি সকলো…

সপোনত সাপ দেখাটো কিহৰ ইংগিত? ভাল নে বেয়া জানক...
কণীৰ লগত কেতিয়াও নাখাব এই ৫ বিধ বস্তু! হ'ব সমস্যা...
প্ৰতিদিনে ১টা আমলখি খালে কম হ'ব পাৰে এই ৫টা ৰোগৰ আশংকা! জানক...
স্বাস্থ্য ভালে ৰাখিবলৈ শীতকালত খাওক এইবোৰ শাক-পাচলি, সবিশেষ জানক...