Children’s day 2025 Quotes: নেহৰুৰ ১০ টা মহান বাণীঃ ধন্য হ’ব আপোনাৰ জীৱন, প্ৰতিটো শিশু হ’ব অনুপ্ৰাণিত…

Children's day Quotes: প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। নেহৰুৱে শিশুসকলক বহু মৰম কৰিছিল।

Childrens day 2025 Quotes: নেহৰুৰ ১০ টা মহান বাণীঃ ধন্য হব আপোনাৰ জীৱন, প্ৰতিটো শিশু হব অনুপ্ৰাণিত...

নেহৰু

Published: 

11 Nov 2025 | 05:00 PM

দেশত প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতেই জন্ম লাভ কৰিছিল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী  জৱাহৰলাল নেহৰু। সেই মহান ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্য এই দিনটোত শিশু দিৱস পালন কৰা হয়। শিশুৰ মাজত নেহৰুৰ বিশেষ জনপ্ৰিয়তা আছিল। যাৰ বাবে তেওঁক সকলোৱে ‘নেহৰু চাচা’ বুলি সম্বোধন কৰিছিল।  নেহৰুৱে সদায় শিশুসকলৰ বাবে চিন্তা কৰিছিল আৰু শিশুৰ ভৱিষ্যতৰ বাবে পদক্ষেপ লৈছিল।

১৯৬৪ চনৰ ২৭ মে’ত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল। তাৰ পাছত সংসদত সৰ্বসন্মতিমৰ্মে শিশু দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, আৰু তেতিয়াৰ পৰা নেহৰুৰ জন্ম দিনটোত শিশু দিৱস পালন কৰি অহা হৈছে। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়, মহাবিদ্যালয় আদিত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।

নেহৰুৱে লোক কল্যানৰ হৈ বহু মহান বাণী কৈ গৈছে। তেওঁৰ কেইটামান মহান বাণী তলত উল্লেখ কৰা হ’ল-

  1. আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। প্ৰতিটো শিশুৱে এক মানৱ সম্পদ।
  2. কোনো বিষয়ত অধ্যাৱসায় আৰু দক্ষতাৰে কাম কৰিলে তাৎক্ষণিকভাৱে ইয়াৰ স্বীকৃতি লাভ নকৰিবও পাৰা। কিন্তু শেষত সফলতা লাভ কৰিবা।
  3. শিশুসকল এখন বাগিচাৰ কলিৰ দৰে যাক মৰমেৰে লালন- পালন কৰা উচিত। কিয়নো তেওঁলোক দেশৰ ভৱিষ্যত আৰু কাইলৈৰ নাগৰিক।
  4. অজ্ঞানতাই পৰিৱৰ্তনক ভয় কৰে।
  5. দেৱালত থকা ছবিবোৰ সলনি কৰি আমি ইতিহাস সলনি কৰিব নোৱাৰো।
  6. সংকটৰ সময়ত প্ৰতিটো সৰু সৰু কথাই গুৰুত্বপূৰ্ণ হৈ পৰে।
  7. দেশৰ সেৱাত আছে নাগৰিকত্ব।
  8. আমাৰ আটাইতকৈ ডাঙৰ ভুল এয়াই যে আমি বেছিকৈ কও কিন্তু কাম কম কৰো।
  9. কেৱল সঠিক শিক্ষাৰ জৰিয়তেহে সমাজ ব্যৱস্থা উন্নত কৰিব পাৰি।
  10. আনে আমাৰ বিষয়ে কি ভাৱে, তাতকৈ গুৰুত্বপূৰ্ণ আমি প্ৰকৃততে কি!

 

অন্য খবৰ পঢ়কঃ কিয় ‘শিশু দিৱস’ পালন কৰা হয় ? জানক এই দিৱসৰ ইতিহাস, গুৰুত্ব আদি সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...