প্ৰতিদিনে পুৱা তিয়াই থোৱা বুট খালে শৰীৰৰ কি কি লাভ হয়? জানক সকলো…

বহুতে বুট খাই ভাল পায়। প্ৰসাদৰ পৰা আৰম্ভ কৰি বহুতে কেঁচাই, সব্জী বনাই বুট খোৱা দেখা যায়। পিছে আপুনি জানেনে এই বুটৰ বিভিন্ন উপকাৰী গুণ আছে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

প্ৰতিদিনে পুৱা তিয়াই থোৱা বুট খালে শৰীৰৰ কি কি লাভ হয়? জানক সকলো...

বুটৰ উপকাৰিতা

Published: 

18 Jan 2026 | 11:00 PM

প্ৰায় সকলোৰে পাকঘৰত বুট থাকে। ভাৰতত বুট প্ৰসাদ হিচাপে ব্যৱহাৰ কৰাৰ লগতে বিভিন্ন প্ৰকাৰে খায়। বুট (Chickpea)ৰ বিভিন্ন উপকাৰী গুণ আছে। বহুতে কেঁচাই, সব্জী বনাই বুট খোৱা দেখা যায়। বুটত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান পোৱা যায়। যদি আপুনি তিয়াই থোৱা বুট খাই তেন্তে বহু উপকাৰ সাধন নহয়। তিয়াই থোৱা বুটত প্ৰ’টিন, ফাইবাৰ, আয়ৰন, কেলছিয়াম, মেগনেছিয়াম আদিকে ধৰি বহু ভিটামিন তথা পুষ্টিকৰ উপাদান থাকে। যাৰ বাবে ই শৰীৰৰ বাবে উপকাৰী।

কেনেকৈ খাব

নিশা শোৱাৰ পূৰ্বে এমুঠি বুট পানীত তিয়াই থ’ব। পাছত সেয়া পুৱা খালী পেটত চোবাই খাব। আপুনি এয়া চালাদ, বা বিভিন্ন খাদ্যত মিহলাইও খাব পাৰে।

উপকাৰ

শক্তিঃ তিয়াই থোৱা বুটত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে। পুৱা খালী পেটত এয়া খোলাৰ ফলত দিনটো শৰীৰ শক্তি অনুভৱ হৈ থাকে। শিশুৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈ বুট খোৱা ভাল।

ওজনঃ তিয়াই থোৱা বুটত ফাইবাৰ থাকে। ই পেটক দীৰ্ঘসময়ৰ বাবে পূৰ কৰি ৰাখে। এনে অৱস্থাত অধিক খোৱাৰ পৰা শৰীৰক দূৰত ৰাখে। যিসকল লোকে ওজন হ্ৰাস কৰিব বিচাৰে তেনে লোকে তিয়াই থোৱা বুট খাব পাৰে।

পাচনঃ তিয়াই খোৱা বুটত ফাইবাৰ থাকে, যিয়ে পেটৰ লগত জড়িত সমস্যাৰ পৰা শৰীৰক সকাহ প্ৰদান কৰে। কোষ্ঠকাঠিন্যৰ সমস্যা থকাসকলে বুট খোৱা ভাল। পাচনতন্ত্ৰৰ সমস্যাৰ পৰা সকাহ দিয়াৰ ক্ষেত্ৰত বুটে সহায় কৰে।

তেজৰ অভাৱঃ তিয়াই থোৱা বুটত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে। এয়া খোৱাৰ ফলত হিমোগ্লবিনৰ স্তৰ ভাল হয়। গতিকে তেজৰ অভাৱ দূৰ কৰিবলৈ বুট খাব পাৰে।

আৰু কি কিঃ  ইয়াৰোপৰি ব্লাড চুগাৰ নিয়ন্ত্ৰণ, মগজু, ছাল, চুলি আদিৰ স্বাস্থ্যৰ বাবে বুট খোৱা ভাল।

স্পষ্টীকৰণঃ এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। আপোনাৰ যদি কোনো স্বাস্থ্যজনিত সমস্যা আছে, তেন্তে যিকোনো বস্তু খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।)

 

অন্য খবৰ পঢ়কঃ ডায়েবেটিছ হ’লে ছালত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...