অজানিতেই আক্ৰান্ত হৈছে নেকি ছাৰ্ভাইকেল কেঞ্চাৰত! বিশেষজ্ঞই আঙুলিয়াই দিছে এই তিনিটা লক্ষণ

বিশেষজ্ঞৰ মতে ছাৰ্ভাইকেল কেঞ্চাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ প্ৰায়ে সাধাৰণ সংক্ৰমণৰ দৰে অনুভৱ হয়। কিন্তু এই লক্ষণসমূহ সহজভাৱে লৈ আওকাণ কৰিলে বিপদজনক হৈ উঠিব পাৰে। ৰোগৰ তিনিটা প্ৰধান লক্ষণৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানো আহক।

অজানিতেই আক্ৰান্ত হৈছে নেকি ছাৰ্ভাইকেল কেঞ্চাৰত! বিশেষজ্ঞই আঙুলিয়াই দিছে এই তিনিটা লক্ষণ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

23 Oct 2025 17:36 PM

সাম্প্ৰতিক সময়ত কেঞ্চাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ উদ্বেগজনক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে মহিলাৰ ক্ষেত্ৰত কেঞ্চাৰ ৰোগৰ ভিতৰত ছাৰ্ভাইকেল কেঞ্চাৰ অন্যতম। জৰায়ুৰ তলৰ অংশ অৰ্থাজৰায়ুৰ যোনিৰ সৈতে সংযোগ কৰা ছাৰ্ভাইক্সত এই ৰোগ হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় ৬ লাখ নতুন মহিলা এই ৰোগত আক্ৰান্ত হয় আৰু প্ৰায় ৩ লাখ ৫০ হাজাৰ মহিলাৰ মৃত্যু হয়। ভাৰতত মহিলাৰ ক্ষেত্ৰত হোৱা কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰত দ্বিতীয় স্থানত এই ছাৰ্ভাইকেল কেঞ্চাৰ বিশেষকৈ ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ মহিলাৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ দেখা যায়

ছাৰ্ভাইকেল কেন্সাৰ দুটা প্ৰকাৰৰ: স্ক্ৱামাছ চেল কাৰ্চিনোমা আৰু এডিন’কাৰ্চিনোমাস্ক্ৱামাছ চেল কাৰ্চিনোমা জৰায়ুৰ মুখৰ বাহিৰৰ পৃষ্ঠত থকা কোষত বিকশিত হয়, আনহাতে এডিন’কাৰ্চিনোমা ভিতৰৰ গ্ৰন্থিৰ কোষত বৃদ্ধি পায়। এইচ পি ভি (হিউমেন পেপিলোমা ভাইৰাছ) সংক্ৰমণৰ প্ৰধান কাৰণ।

ইয়াৰ উপৰিও অসুৰক্ষিত যৌন সম্পৰ্ক, ধূমপান, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা, অতি কম বয়সতে যৌন সম্পৰ্ক স্থাপন কৰা, একাধিক সংগী থকা আদি কাৰণৰ ফলতো এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। অৱশ্যে আগতীয়াকৈ ধৰা পৰিলে এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা যায়

মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ তিনিটা প্ৰধান লক্ষণ

আৰ এম এল হাস্পতালৰ সহকাৰী অধ্যাপক ডাঃ ছালনী চদ্ধাই জানিবলৈ দিয়া মতে ছাৰ্ভাইকেল কেঞ্চাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ প্ৰায়ে সাধাৰণ সংক্ৰমণৰ দৰে অনুভৱ হয় কিন্তু এই লক্ষণসমূহ সহজভাৱে লৈ আওকাণ কৰিলে বিপদজনক হৈ উঠিব পাৰে তেওঁ এই ৰোগৰ তিনিটা প্ৰধান লক্ষণৰ বিষয়েও আঙুলিয়াই দিছে

চিকিৎসকগৰাকীয়ে উল্লেখ কৰা মতে, ছাৰ্ভাইকেল কেঞ্চাৰৰ তিনিটা প্ৰধান লক্ষণ হ’ল যোনিৰ পৰা অস্বাভাৱিক ৰক্তক্ষৰণ (মাহেকীয়াৰ মাজত, যৌন সম্পৰ্কৰ পিছত বা ৰজোনিবৃত্তিৰ পিছত হঠাতে হ’ব পাৰে), অস্বাভাৱিক স্ৰাৱ (প্ৰায়ে দুৰ্গন্ধযুক্ত, সামান্য ৰক্তাক্ত হ’ব পাৰে), শ্ৰোণী অংশত বা যৌন সম্পৰ্কৰ সময়ত বিষ (সময়ৰ লগে লগে এই বিষ অধিক হয় আৰু পেটৰ তলৰ অংশত স্থায়ীভাৱে গধুৰ হয়)

দুৰ্বলতা, ওজন কমি যোৱা, পিঠি বা ভৰিৰ বিষ, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা হোৱা, বা সঘনাই প্ৰস্ৰাৱ কৰা আদিও ছাৰ্ভাইকেল কেঞ্চাৰৰ আন কিছুমান লক্ষণ হ’ব পাৰে। কেঞ্চাৰ বৃদ্ধিৰ লগে লগে এই লক্ষণসমূহ অধিক ভয়াৱহ হৈ পৰে। গতিকে এনে সমস্যা থাকিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী, কিয়নো আগতীয়াকৈ চিকিৎসা কৰিলে এই ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য কৰিব পৰা যায়

কিদৰে প্ৰতিৰোধ কৰিব পাৰি?

৯ৰ পৰা ২৬ বছৰ বয়সৰ ভিতৰত এইচ পি ভি ভেকচিন লওক এই ভেকচিনক আটাইতকৈ ফলপ্ৰসূ হিচাপে গণ্য কৰা হয়

প্ৰতি ৩ বছৰৰ মূৰে মূৰে পেপ স্মিয়ৰ টেষ্ট কৰক

অসুৰক্ষিত যৌন সম্পৰ্ক পৰিহাৰ কৰক।

ধূমপান বা মদ্যপানৰ পৰা বিৰত থাকক

স্বাস্থ্যসন্মত খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ দিয়ক

কোনো অস্বাভাৱিক লক্ষণক আওকাণ নকৰিব।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কি খাব লাগে? জানিলে দূৰ হ’ব মনৰ শংকা
এডিলেইডত বিশ্ব অভিলেখ গঢ়িলে ৰোহিতে, পিছ পৰিল পাকিস্তানৰ এইগৰাকী তাৰকা
বাৰে বাৰে কাহ হৈ থাকে নেকি? কি ৰোগৰ লক্ষণ, জানক...
পুৱাৰ সময়ত মূৰৰ বিষ হয় নেকি? জানক ইয়াৰ কাৰণ...