অলপ সময় খোজকঢ়়াৰ পাছতেই উশাহ লোৱাত কষ্ট হয় নেকি? হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ…

অলপ সময় খোজ কাঢ়িলেই উশাহ-নিশাহত কষ্ট পাই নেকি? মাজে মাজে এনে হোৱা সাধাৰণ কথা। কিন্তু প্ৰায়ে যদি আপোনাৰ লগত এনে হয় তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ'ব পাৰে।

অলপ সময় খোজকঢ়়াৰ পাছতেই উশাহ লোৱাত কষ্ট হয় নেকি? হব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ...

খোজকঢ়া

Updated On: 

01 Aug 2025 | 07:57 AM

খোজ কঢ়া স্বাস্থ্যৰ বাবে ভাল। কিন্তু অলপ সময় খোজ কঢ়া বা চিৰি বগোৱাৰ পাছতে আপোনাৰ উশাহ-নিশাহত কষ্ট হয় নেকি? যদি হয় তেন্তে এয়া স্বাভাৱিক লক্ষণ নহয়। ই আপোনাৰ শৰীৰৰ কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। বহু মানুহে ইয়াৰ কাৰণ বয়স, মেদবহুলতা আদি বহু ভাবে। কিন্তু এই লক্ষণ আওকান কৰিব নালাগে। অন্যথা ই ভৱিষ্যতৰ বাবে বিপদজনক হ’ব পাৰে। গতিকে ইয়াৰ কাৰণসমূহ জনা দৰকাৰ।

 উশাহ লোৱাত কষ্ট পোৱা সাধাৰণ কিন্তু কেতিয়াবা গুৰুতৰ লক্ষণ হ’ব পাৰে। হাওঁফাওঁ, হৃদযন্ত্ৰ বা তেজত অক্সিজেনৰ অভাৱ হ’লে শৰীৰে প্ৰয়োজনীয় পৰিমাণৰ অক্সিজেন নাপায়। ইয়াৰ প্ৰভাৱ উশাহ-নিশাহত পৰে। চিৰি বগোৱা, বেগেৰে খোজ কঢ়াৰ সময়ত বা কেতিয়াবা কোনো কষ্ট নকৰাকৈও এই সমস্যা হ’ব পাৰে। হাঁপানী, ৰক্তহীনতা, হৃদৰোগ, মেদবহুলতা, হাওঁফাওঁৰ সংক্ৰমণ বা পেনিক এটেকৰ দৰে অৱস্থা ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে। যদি সঘনাই উশাহ-নিশাহত কষ্ট পোৱাৰ লদতে ভাগৰ, কাহ আদি হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক।

হৃদৰোগ

দিল্লীৰ ৰাজীৱ গান্ধী হাস্পতালৰ হৃদৰোগ বিভাগৰ ডাঃ অজিত জৈনে কয় যে আমাৰ হৃদযন্ত্ৰই সমগ্ৰ শৰীৰত তেজ পাম্প কৰে। যেতিয়া হৃদযন্ত্ৰৰ পেশীবোৰ দুৰ্বল হৈ পৰে তেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায়। ইয়াৰ ফলত উশাহ-নিশাহৰ কষ্ট হ’ব পাৰে। এনে ৰোগীয়ে অলপ কষ্ট বা খোজ কঢ়াৰ পাছত উশাহ-নিশাহত কষ্ট পায়।

হাওঁফাওঁৰ কোনো সমস্যা

যদি আপোনাৰ হাঁপানী, ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD), হাওঁফাওঁৰ সংক্ৰমণ বা ফাইব্ৰ’ছিছ আদি ৰোগে হাওঁফাওঁৰ কাৰ্য-কলাপত প্ৰভাৱ পেলায়। এনে ক্ষেত্ৰতো উশাহ-নিশাহত কষ্ট হয়। বিশেষকৈ ধূলি, ধোঁৱা বা ঠাণ্ডা বতাহত এই লক্ষণসমূহ বৃদ্ধি পায়।

ৰক্তহীনতা

তেজত হিম’গ্লবিনৰ অভাৱ হলে শৰীৰৰ অংগসমূহে ভালদৰে অক্সিজেন নাপায়। এনে পৰিস্থিতিত অলপ খোজ কাঢ়িলেও ভাগৰুৱা আৰু উশাহ বন্ধ হৈ পৰে। মহিলাৰ ক্ষেত্ৰত এই সমস্যা বেছি হয়।

থাইৰয়ড

হাইপাৰথাইৰয়ডিজমত বিপাকীয় ক্ৰিয়া দ্ৰুত হয়, যাৰ ফলত হৃদস্পন্দনও বৃদ্ধি পায় আৰু শৰীৰ সোনকালে ভাগৰুৱা হ’বলৈ আৰম্ভ কৰে। এনেস্থলত সামান্য কাম কৰিলে বা খোজ কাঢ়িলে ব্যক্তি ভাগৰুৱা হৈ পৰে।

মেদবহুলতা আৰু পানীৰ অভাৱ

অতিৰিক্ত ওজনৰ বাবেও এনে হ’ব পাৰে। ইয়াৰ ফলত হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ ওপৰত চাপ বাঢ়ি যায় আৰু দ্ৰুত উশাহ-নিশাহৰ সৃষ্টি হয়। ইয়াৰোপৰি শৰীৰত পানীৰ অভাৱ হ’লেও এনে সমস্যা হয়।

চিকিৎসকৰ পৰামৰ্শ কেতিয়া লব

  • যদি বাৰে বাৰে উশাহ-নিশাহত কষ্ট পায়।
  • টোপনিৰ সময়ত উশাহ-নিশাহত কষ্ট।
  • বুকুৰ বিষ, নাৰ্ভাছ বা দ্ৰুত হৃদস্পন্দন হয়।
  • যদি কাহ বা বুকুত টান অনুভৱ হয়।
  • এনে ক্ষেত্ৰত চিকিৎসকৰ ওচৰলৈ যাব।

 

অন্য খবৰ পঢ়কঃ সামান্য জ্বৰ-চৰ্দি হ’লেই খাই নেকি এন্টিবায়টিক? হ’ব পাৰে বিপদ, জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...