8 October 2025
TV9 ASSAM
আপোনাৰ কেঁচা আদা খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ উপকাৰিতা আৰু ই কি কি ৰোগৰ পৰা সকাহ দিব পাৰে জানোঁ আহক।
কেঁচা আদা খালে হজম শক্তি উন্নত হয়। ইয়াৰ লগতে ই গেছ, কোষ্ঠকাঠিন্য আৰু বদহজমৰ দৰে সমস্যা ৰোধ কৰাত সহায় কৰে ৷
কেঁচা আদাত এণ্ট-ইনফ্লেমেটৰী যৌগ থাকে, যিয়ে গাঁঠিৰ বিষ আৰু বাতবিষৰ দৰে সমস্যাৰ পৰা প্ৰাকৃতিভাৱে সকাহ দিব পাৰে।
কেঁচা আদাত এণ্টিঅক্সিডেন্ট থাকে। যিয়ে বেক্টেৰিয়া, ভাইৰাছৰ সংক্ৰমণ আদিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
কেঁচা আদাই ডায়েবেটিছ ৰোগীৰ তেজৰ চুগাৰৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে। চুগাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ কেঁচা আদা খাব পাৰে।
কেঁচা আদাই কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে ৰক্ত সঞ্চালন উন্নত কৰে। হৃদযন্ত্ৰৰ বাবেও অতি উপকাৰী।
কেঁচা আদা খালে ডিঙিৰ বিষ আৰু ঠাণ্ডাৰ দিনত দেখা দিয়া বিভিন্ন লক্ষণৰ পৰা উপশম পোৱা যায়।
পঢ়িবলৈ ক্লিক কৰক