ব্ৰেইন টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি জানেনে? জানক সকলো…

Brain Tumor Symptoms: ব্ৰেইন টিউমাৰ এক মাৰাত্মক ৰোগ। যদি সময়মতে এই ৰোগৰ চিকিৎসা কৰা নহয় তেন্তে ই ব্যক্তিৰ প্ৰাণ ল'ব পাৰে। ব্ৰেইন টিউমাৰৰ লক্ষণ চিনিব পাৰিলে ইয়াৰ চিকিৎসা সহজ হৈ পৰে।

ব্ৰেইন টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি জানেনে? জানক সকলো...

ব্ৰেইন টিউমাৰৰ লক্ষণ

Published: 

05 May 2025 16:31 PM

ব্ৰেইন টিউমাৰ এক মাৰাত্মক ৰোগ। বহু ক্ষেত্ৰত এই ৰোগৰ চিকিৎসা সম্ভৱ নহয়। কিন্তু ব্ৰেইন টিউমাৰ হোৱাৰ পূৰ্বে কিছুমান বিশেষ লক্ষণে দেখা দিয়ে। যদি এই লক্ষণসমূহ সময়মতে চিনাক্ত কৰা হয় তেন্তে ইয়াৰ চিকিৎসা কৰিব পৰা যায়। ব্ৰেইন টিউমাৰৰ প্ৰাৰম্ভণিক লক্ষণসমূহ স্পষ্টকৈ ফুটি নুঠে। কিন্তু যিসমূহ লক্ষণ দেখা দিয়ে সেইসমূহ সোনকালে চিনাক্ত কৰা আৱশ্যক। ইয়াৰ পাছত চিকিৎসা পদ্ধতিৰ জৰিয়তে ইয়াৰ সংক্ৰমণ কিছু পৰিমাণে ৰোধ কৰিব পাৰে। প্ৰয়োজন হ’লে ব্ৰেইন টিউমাৰৰ বাবে অস্ত্ৰোপচাৰ কৰা হয়।

ব্ৰেইন টিউমাৰ সাধাৰণতে শেষ পৰ্যায়ত অৰ্থাৎ লাষ্ট ষ্টেজত গম পোৱা যায়। ব্ৰেইন টিউমাৰ হ’লে যদিও লক্ষণ দেখা দিয়ে তথাপিও ইয়াক চিনাক্ত কৰা সহজ নহয়। কিয়নো চিকিৎসা লোৱাৰ পাছত সেই লক্ষণবোৰ নোহোৱা হৈ পৰে। কিন্তু কিছুসময় পাছত এই ৰোগ অতি গুৰুতৰ হৈ পৰে আৰু বাৰে বাৰে লক্ষণ পোহৰলৈ আছে। কেতিয়াবা ব্ৰেইন টিউমাৰ এনে ঠাইত হয় য’ত অস্ত্ৰোপচাৰ সম্ভৱ নহয়। ইয়াৰোপৰি এই ৰোগ বৃদ্ধি হ’লে ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰি।

লক্ষণ

ব্ৰেইন টিউমাৰৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত মূৰৰ বিষ আৰম্ভ হয়। ইয়াৰ লগতে ফোকাচৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হয়। অৰ্থাৎ কোনো এটা বস্তুত আপুনি সঠিক মনোযোগ দিব নোৱাৰে। ব্ৰেইন টিউমাৰৰ কিছুমান লক্ষণ হ’ল-

  • মূৰ বিষ, মাইগ্ৰেইন, ( এই মূৰৰ বিষ পুৱাৰ ভাগত বেছিকৈ হয়)।
  • চাইনাছৰ বিষ।
  • চকুৰ বিষ।
  •  অত্যাধিক চিন্তা।
  • কাহ বাৰে বাৰে হৈ থাকে।
  • বমি।
  • ধোঁৱা ধোঁৱা দেখা, দৃষ্টশক্তি কম হোৱা।
  • কথা কোৱা আৰু শুনাত অসুবিধা।
  • স্মৃতিশক্তি দুৰ্বল, বিভ্ৰান্তি আদি হ’ব পাৰে।
  • কোনো বস্তু খোৱাত অসুবিধা।
  • শাৰীৰিক ভাৰাসাম্যত অসুবিধা।
  • অস্বাভাৱিক গোন্ধ বা সোৱাদৰ অনুভূতি।
  • খিংখিঙীয়া আৰু অত্যধিক খং।
  • পেট বেয়া।
  • পেশীৰ ক্ৰেম্প আৰু জঠৰতা।
  • অজ্ঞানতা, জ্বলা-পোৰা আৰু টিংটিং অনুভূতি আদি।

কি কৰিব

যদি আপোনাৰ এই লক্ষণসমূহে দেখা দিছে তেন্তে তৎক্ষণাত স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ। এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। চিকিৎসকে আপোনাৰ মূৰৰ এম আৰ আই বা চি টি স্কেনও কৰিব পাৰে। প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগ ভাল কৰিব পাৰি। ইয়াৰ বাবে বহুতে থেৰাপীও গ্ৰহণ কৰে। ব্ৰেইন টিউমাৰৰ চিকিৎসাত যিমানেই পলম হয় সিমানেই আৰোগ্য হোৱাৰ সম্ভাৱনা কম। এনে অৱস্থাত সময়মতে ইয়াৰ চিকিৎসা কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ ধোঁৱা ধোঁৱা দেখা, দৃষ্টিশক্তি কমা…হ’ব পাৰে চকুৰ এই বিৰল ৰোগৰ লক্ষণ, সকলো জানক চিকিৎসকৰ পৰা…

তৎক্ষণাত দাঁত বিষৰ পৰা উপশম পাবলৈ গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
ঘৰৰ দক্ষিণ দিশত ৰাখক এইসমূহ বস্তু, দেৱী লক্ষ্মীৰ কৃপাত আগমন ঘটিব ধন-সম্পদৰ
বহু গুৰুতৰ ৰোগৰ অন্যতম এটা কাৰণ মানসিক চাপ, ইয়াৰ পৰা উপশম পোৱাৰ উপায় জানক
১৪ জুলাইৰ পৰা ভাল দিন আৰম্ভ হ'ব এই ৫ ৰাশিৰ...