কি কি ৰোগৰ বাবে ভাল পানীলাউ? জনালে বাবা ৰামদেৱে…

Baba Ramdev Home Remedies:যোগগুৰু বাবা ৰামদেৱে মানুহক বিভিন্ন সময়ত স্বাস্থ্য সম্পৰ্কীয় সমাধান দিয়ে। শেহতীয়াকৈ তেওঁ পানীলাউৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিছে। পানীলাউ খালে শৰীৰৰ বাবে ভাল আৰু ই মানুহক বহু উপকাৰ সাধন কৰে।

কি কি ৰোগৰ বাবে ভাল পানীলাউ? জনালে বাবা ৰামদেৱে...

পানীলাউ

Published: 

15 Jan 2026 | 02:47 PM

পতঞ্জলিৰ প্ৰতিষ্ঠাপক বাবা ৰামদেৱে মানুহক বিভিন্ন সময়ত স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তেওঁ মানুহক প্ৰচুৰ পৰিমাণে শাক-পাচলি খাবলৈ দিয়ে। শেহতীয়াকৈ তেওঁ এই ভিডিঅ’ত পানীলাউৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিছে। বাবা ৰামদেৱে কৈছে যে, পানীলাউৰ এটা নহয়, বহু ৰোগ নিৰাময়ৰ গুণ আছে। ই হাই কলেষ্টেৰল হ্ৰাস কৰাৰ পৰা আৰম্ভ কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে এই লেখাটোত আমি উল্লেখ কৰিম যে, পানীলাউ খালে কি কি ৰোগ নিৰাময়ত সহায় হয়।

পানীলাউৰ উপাদান

পানীলাউত বহু পুষ্টিকৰ উপাদান থাকি যি পেটৰ বাবে উপকাৰী। ই সহজে হজম হয়। ১০০ গ্ৰাম পানীলাউত ৯২৯৬% পানী, ১৪১৫ কেলৰি, ৩.৫ গ্ৰাম কাৰ্বহাইড্ৰেট, ০.৫১ গ্ৰাম ফাইবাৰ, ০.৬ গ্ৰাম প্ৰটিন থাকে। ইয়াৰ লগতে ভিটামিন চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰোপৰি ইয়াত ভিটামিন বি কমপ্লেক্স, চকুৰ বাবে অপৰিহাৰ্য ভিটামিন এ (বিটা-কেৰটিন), পটেছিয়াম (ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ১৭০ মিলিগ্ৰামৰ পৰা ১৮০ মিলিগ্ৰাম), কেলচিয়াম (শক্তিশালী হাড়ৰ বাবে ২০২৬ মিলিগ্ৰাম), মেগনেছিয়াম (পেশীৰ বাবে ১০১১ মিলিগ্ৰাম), ফছফৰাছ (১২১৩ মিলিগ্ৰাম), আইৰণ (০.৩০ মিলিগ্ৰাম), আৰু অতি কম ছডিয়াম (হৃদযন্ত্ৰৰ অনুকূল) থাকে। লগত থাকে এন্টিঅক্সিডেন্ট আৰু বহু পুষ্টিকৰ উপাদান।

কি ৰোগৰ বাবে উপকাৰী

বাবা ৰামদেৱৰ মতে, স্বাস্থ্যসম্পৰ্কীয় সমস্যা হ্ৰাস বা নিৰ্মূল কৰাত পানীলাউ উপকাৰী। এয়া সঠিক পৰিমাণে খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ই হৃদৰোগৰ সম্ভাৱনা কম কৰে। ছালৰ লগত জড়িত সমস্যা হ্ৰাসত সহায় কৰে। ইয়াৰোপৰি ই বৃক্ক আৰু পেটৰ ৰোগৰ সম্ভাৱনা কম কৰে। পেটৰ সমস্যা থকাসকলে পানীলাউ খাব পাৰে। ইয়াৰোপৰি ই বিভিন্ন ৰোগৰ পৰা আপোনাক দূৰত ৰখাত সহায় কৰিব পাৰে। ই ওজন হ্ৰাসতো সহায় কৰে। স্বাস্থ্যৰ বাবে আশীৰ্বাদস্বৰূপ।

কেনেকৈ খাব

পানীলাউ আপুনি সব্জী বনাই খাব পাৰে। অৱশ্যে মচলা বেছি দিব নালাগে। ই এচিডিটি, বুকু জ্বলা পোৰা আদি কম কৰিব পাৰে। সব্জী বনাই খোৱাৰ লগতে আপুনি জুচ বনাই খালেও ইয়াৰ উপকাৰ লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ হাওঁফাওঁৰ সংক্ৰমণ হ’লে শৰীৰে কি কি ইংগিত দিয়ে, জনালে চিকিৎসকে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব