মুখমণ্ডলৰ দাগক লৈ ভুগিছে নেকি হতাশাত? এইদৰে কৰিব পাৰিব চিন্তা দূৰ…

যিকোনো লোকৰ ক্ষেত্ৰত মুখমণ্ডলত শালমন বা তেনেধৰণৰ ছালৰ সমস্যাই দেখা দিয়াটো সাধাৰণ কথা। কিন্তু কেতিয়াবা এনে সমস্যাৰ বাবে মুখমণ্ডলত দাগ ৰৈ যাব পাৰে। মুখৰ এনে দাগে বহু লোকৰ মনলৈ হতাশাৰ ভাৱ আনে। এনে ক্ষেত্ৰত ঘৰুৱা উপায়ৰ সহায় ল’ব পাৰে।

মুখমণ্ডলৰ দাগক লৈ ভুগিছে নেকি হতাশাত? এইদৰে কৰিব পাৰিব চিন্তা দূৰ…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

29 Apr 2025 23:48 PM

যিকোনো লোকৰ ক্ষেত্ৰত মুখমণ্ডলত শালমন বা তেনেধৰণৰ ছালৰ সমস্যাই দেখা দিয়াটো সাধাৰণ কথা। কিন্তু কেতিয়াবা এনে সমস্যাৰ বাবে মুখমণ্ডলত দাগ ৰৈ যাব পাৰে। বয়স বৃদ্ধিৰ লগে লগে ছালত এনে দাগ অধিক হৈ পৰা দেখা যায়। মুখত পৰা এই দাগবোৰৰ আঁৰৰ সঠিক কাৰণ কি, সেই বিষয়ত বহুলোকেই জ্ঞাত নহয়। অধিকাংশ লোকেই ছালৰ যত্নত হোৱা ভুলৰ বাবে মুখত এনে দাগে দেখা দিয়ে বুলি বিশ্বাস কৰে। কিন্তু মুখত এনে অবাঞ্চিত দাগ কেৱল ছালৰ যত্নৰ ভুলৰ বাবেই নহয়, শাৰীৰিক সমস্যাৰ বাবেও এনে দাগৰ সৃষ্টি হয়।

নিজকে সুন্দৰ কৰি ৰাখিবলৈ বৰ্তমান সময়ত বহু লোকে ৰাসায়নিক চিকিৎসা গ্ৰহণ কৰা দেখা যায়। বয়স বঢ়াৰ লগে লগে যাতে ছালখন টান হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি এনে চিকিৎসাৰ সহায় লোৱা দেখা যায়। কিন্তু বহু সময়ত ছালৰ চিকিৎসাই ছালৰ প্ৰদাহ বৃদ্ধি কৰে। ইয়াৰ ফলত ছালত দাগ পৰাৰো সম্ভাৱনা থাকে। গৰ্ভাৱস্থাত ছালত বিভিন্ন পৰিৱৰ্তন ঘটে। ব্ৰণৰ পৰা আৰম্ভ কৰি দাগলৈকে বিভিন্ন সমস্যাই দেখা যায়।

চিকিৎসা বিজ্ঞানৰ ভাষাত এনে অৱস্থাক মেলাজমা বুলি কোৱা হয়। কিন্তু প্ৰসৱৰ পিছত সকলো দাগ ক্ৰমান্বয়ে নাইকিয়া হৈ যায়। হৰম’নৰ ভাৰসাম্যহীনতাই ছালৰ একাধিক সমস্যাৰ সৃষ্টি কৰে। ছালখন অধিক তেলীয়া হৈ পৰে, ব্ৰণ বেছিকৈ দেখা দিয়ে আৰু বহু সময়ত দাগো ওলায়। থাইৰয়ড আৰু পিচিঅ’ডিৰ ক্ষেত্ৰত এনে লক্ষণে দেখা দিয়ে। তদুপৰি সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ছালত মেলানিন বৃদ্ধি কৰে আৰু তেতিয়াও দাগ ওলায়।

ইফালে ক’ভিদ পৰিস্থিতি দূৰ হ’লেও ইয়াৰ প্ৰভাৱ কম বেছি পৰিমাণে এতিয়াও ভিন্ন ধৰণে দেখা যায়। প্ৰায়ে ক’ভিদৰ পাৰ্শ্বক্ৰিয়া হিচাপে ছালৰ দাগে দেখা দিয়ে। প্ৰথম অৱস্থাত এই দাগবোৰৰ ৰং ৰঙা হয় যদিও লাহে লাহে ক’লা পৰিবলৈ ধৰে। মুখৰ এনে দাগে বহু লোকৰ মনলৈ হতাশাৰ ভাৱ আনে। এনে ক্ষেত্ৰত ঘৰুৱা উপায়ৰ সহায় ল’ব পাৰে।

মুখৰ এনে দাগৰ পৰা পৰিত্ৰাণ পাবলৈ হালধি আৰু চন্দনৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে। মুলেথি পাউদাৰ, হালধি আৰু গোলাপ জলেৰে তৈয়াৰী ফেচ পেক ব্যৱহাৰ কৰিলেও আপুনি সকাহ লাভ কৰিব পাৰে। তদুপৰি আমাৰ পাকঘৰত সততে থকা আলুৰ ৰসো মুখত লগাব পাৰে। ইয়াৰ দ্বাৰাও মুখত থকা দাগৰ সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰে।

নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
ধনী হ'ব বিচাৰে নেকি? ঘৰৰ পৰা আজিয়ে আঁতৰ কৰক এই ৬ বিধ বস্তু...
পাত কচুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? জানিলে কেতিয়াও নকৰে উলাই
খালী পেটত ফল খালে হ'ব পাৰে এই সমস্যা, জানক...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা