আচৰিত গুণেৰে ভৰপূৰ মধুৰিআম, কেনেদৰে খালে পাব অধিক উপকাৰিতা?

মধুৰিআমত উচ্চ মাত্ৰাত ভিটামিন চিৰ লগতে ভিটামিন এ, লাইকোপিন, পটাছিয়াম, আঁহ আৰু বহুতো খনিজ পদাৰ্থ থাকে। এই উপাদানসমূহে শৰীৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যসমূহ সক্ৰিয় কৰি ৰখাত সহায় কৰে। কিন্তু এই ফল খোৱাৰ সম্পূৰ্ণ সুফল কেতিয়া আৰু কেনেকৈ পায়?

আচৰিত গুণেৰে ভৰপূৰ মধুৰিআম, কেনেদৰে খালে পাব অধিক উপকাৰিতা?

Benefits Of Eating Guava

Published: 

09 Oct 2025 | 12:41 PM

এন্টিঅক্সিডেন্টৰ শক্তিশালী পেঁপা, ইয়াক খালে কেতিয়া আৰু কেনেকৈ সৰ্বাধিক লাভ পাব পাৰি?

সস্তীয়া, সহজলভ্য আৰু পুষ্টিকৰ কথা ক’বলৈ গ’লে প্ৰথমে মনলৈ আহে মধুৰিআমৰ কথা। কেৱল ভিটামিন চি বা আঁহেই নহয়, এই ফল এন্টিঅক্সিডেন্টৰ প্ৰকৃত ভাণ্ডাৰ। দৈনন্দিন খাদ্য তালিকাত সঠিক সময়ত আৰু সঠিক পদ্ধতিৰে মধুৰিআম অন্তৰ্ভুক্ত কৰিলে আপোনাৰ শৰীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট লাভ কৰিব। বিতংভাৱে জানো আহক।

মধুৰিআমত উচ্চ মাত্ৰাত ভিটামিন চিৰ লগতে ভিটামিন এ, লাইকোপিন, পটাছিয়াম, আঁহ আৰু বহুতো খনিজ পদাৰ্থ থাকে। এই উপাদানসমূহে শৰীৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যসমূহ সক্ৰিয় কৰি ৰখাত সহায় কৰে। কিন্তু এই ফল খোৱাৰ সম্পূৰ্ণ সুফল কেতিয়া আৰু কেনেকৈ পায়? ইয়াৰ বিষয়ে তলত আলোচনা কৰা হৈছে।

১) ব্ৰেকফাষ্টৰ পিছত বা দুপৰীয়া:

ৰাতিপুৱা বা ১০ বজাৰ পৰা ১২ বজাৰ ভিতৰত ব্ৰেকফাষ্টৰ পিছত মধুৰিআম খোৱাটো বৰ ভাল। এই সময়ত মধুৰিআম খালে শৰীৰত শক্তি গঢ় লৈ উঠে। মধুৰিআমত থকা আঁহ আৰু প্ৰাকৃতিক চেনিয়ে দিনটোৰ বাকী সময়খিনি শক্তি প্ৰদান কৰে। ইয়াৰ বাহিৰেও পাচন প্ৰক্ৰিয়াৰ উন্নতি ঘটে। ই পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে আৰু পাচন ক্ষমতা বৃদ্ধিত ভূমিকা পালন কৰে।

২) দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে বা পিছত (ভোক দমন কৰিবলৈ):

যিহেতু মধুৰিআম আঁহ প্ৰচুৰ পৰিমাণে থাকে, সেয়েহে ই পেটটো দীৰ্ঘসময় ধৰি ভৰপূৰ কৰি ৰখাত সহায় কৰে। দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে পেঁপা খালে অতিমাত্ৰা খোৱাটো ৰোধ কৰিব পৰা যায় আৰু ওজন নিয়ন্ত্ৰণতো ই অতি উপকাৰী।

৩) দুপৰীয়াৰ জলপান হিচাপে (ডায়েবেটিছ ৰোগীৰ বাবে):

বিশেষজ্ঞসকলে ডায়েবেটিছ ৰোগীৰ বাবে দুপৰীয়া মধুৰিআম খাবলৈ পৰামৰ্শ দিয়ে। ইয়াক খালে আঁহ নিয়ন্ত্ৰণ কৰি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

কেনেকৈ মধুৰিআমৰ পৰা অধিক সুফল পাব?

১) বাকলিৰ সৈতে চোবাই খাব লাগে (সৰ্বোত্তম উপায়):

মধুৰিআমৰ বাকলি আৰু গুটিত সৰ্বাধিক এন্টিঅক্সিডেন্ট আৰু আঁহ থাকে। গতিকে ভালদৰে ধুই বাকলিৰ সৈতে চোবাই খাব। দাঁত আৰু দাঁতৰ আলু সুস্থ কৰি ৰখাতো ই সহায়ক।

২) পৰিমাণ নিয়ন্ত্ৰণ কৰক:

প্ৰতিদিনে এটা মজলীয়া আকাৰৰ মধুৰিআম খালেই যথেষ্ট। বেছিকৈ মধুৰিআম খালে শৰীৰত একেলগে প্ৰচুৰ পৰিমাণে আঁহ প্ৰৱেশ কৰিব পাৰে। ইয়াৰ ফলত পেটৰ অস্বস্তি বা গেছৰ সৃষ্টি হ’ব পাৰে।

৩) চেনি যোগ কৰাটো পৰিহাৰ কৰক:

মধুৰিআম ইতিমধ্যে মিঠা থাকে। ইয়াৰ ৰস বা আন কোনো ধৰণে খাওঁতে ভুলতে চেনি দিব নালাগে। ইয়াৰ ফলত ফলৰ প্ৰাকৃতিক গুণ হ্ৰাস পায় আৰু কেলৰিৰ পৰিমাণ বৃদ্ধি পায়।

৪) চালাডত বা দৈৰ লগত:

মধুৰিআম সৰু সৰুকৈ কাটি ফলৰ চালাড বা টেঙা দৈৰ লগত মিহলাই দিলে ইয়াৰ পুষ্টিগুণ বৃদ্ধি পায়।

লগতে পঢ়ক: মাইগ্ৰেইন কিয় হয়? ইয়াৰ প্ৰধান কাৰণ, প্ৰাৰম্ভিক লক্ষণসমূহ কি কি জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...