শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ব্ৰেইন বুষ্টৰ পৰা পেটৰ সমস্যালৈ… সিজোৱা মগুৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি!

প্ৰায়ে প্ৰ’টিন আৰু ভিটামিনৰ অভাৱত মানুহে বহু সমস্যাত ভুগিব লগীয়া হয়। যদি আপুনি খাদ্যৰ তালিকাত মগু অন্তৰ্ভুক্ত কৰে, তেন্তে আপোনাৰ শৰীৰত উপযুক্ত পৰিমাণৰ প্ৰ’টিন আৰু ভিটামিন উপলব্ধ হ'ব।

ব্ৰেইন বুষ্টৰ পৰা পেটৰ সমস্যালৈ… সিজোৱা মগুৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি!
Benefits of eating boiled green moong dal
barasha-misra
Barasha Misra | Published: 26 Jul 2025 12:24 PM

আজিকালি প্ৰায় সকলোৱে স্বাস্থ্যৰ প্ৰতি সচেতন। প্ৰ’টিন আৰু ভিটামিনৰ বাহিৰেও মগুত আন বহুতো পুষ্টিকৰ উপাদান থাকে, যিবোৰ আমাৰ শৰীৰৰ সামগ্ৰিক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি দৈনিক সঠিকভাৱে মগু খোৱাৰ অভ্যাস কৰে, তেন্তে আপুনি বহুতো উপকাৰ লাভ কৰিব।

সেউজীয়া মগুত ভিটামিন চি, ভিটামিন কে, আইৰণ, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু কপাৰ আদি পুষ্টিকৰ উপাদান থাকে। সেউজীয়া মগুত কেল’ৰি কম আৰু ইয়াত প্ৰ’টিন, ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ অধিক উৎস থাকে। সিজোৱা মগু খালে উপকাৰিতা অধিক পোৱা যায়।

সিজোৱা মগুৰ উপকাৰিতা

  • সিজোৱা মগুত যথেষ্ঠ পৰিমাণে প্ৰ’টিন থাকে, যিয়ে পেশীৰ শক্তি বৃদ্ধিত সহায় কৰে। কেৱল এয়াই নহয়, সিজোৱা মগুৱে আপোনাৰ পেশীবোৰ সুস্থ কৰি ৰখাত সহায় কৰে।
  • মগুৱে ব্ৰেইন বুষ্টাৰৰ কাম কৰে। ই আপোনাৰ স্নায়ুৰ স্বাস্থ্য উন্নত কৰে, লগতে বহু সমস্যাৰ পৰাও আপোনাক ৰক্ষা কৰে। ইয়াৰ উপৰিও মগুত থকা প্ৰ’টিনে আপোনাৰ হৰম’নৰ স্বাস্থ্য উন্নত কৰে।
  • সিজোৱা মগু পেটৰ বাবেও বহু উপকাৰী। ইয়াত যথেষ্ঠ পৰিমাণৰ ফাইবাৰ থাকে, যিয়ে পাচন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাত সহায় কৰে। ই আপোনাৰ কোষ্ঠকাঠিন্যৰ দৰে সমস্যা ৰোধ কৰে। ইয়াৰ উপৰিও যিসকল লোকৰ হজম শক্তি দুৰ্বল আৰু গেছ-বদহজমৰ দৰে সমস্যা আছে তেওঁলোকৰ বাবেও ই উপকাৰী।