টাইপ-১ ডায়েবেটিছৰ সমস্যা সহজে হ’ব দূৰ; বাবা ৰামদেৱে আগবঢ়াইছে বিধান, মাত্ৰ কৰক এই কাম
যোগগুৰু বাবা ৰামদেৱে যোগাসন আৰু সঠিক খাদ্যাভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দি টাইপ-১ ডায়েবেটিছৰ কিছুমান ফলপ্ৰসূ দিহা আগবঢ়াইছে। কি কৈছে বাবা ৰামদেৱে। জানো আহক তেওঁ আগবঢ়োৱা সহজ বিধানৰ বিষয়ে।

বাবা ৰামদেৱে আগবঢ়াইছে বিশেষ বিধান
টাইপ-১ ডায়েবেটিছ হৈছে এক জটিল ‘অটোইমিউন’ সমস্যা। ইয়াত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ভুলবশতঃ ইনচুলিন উৎপাদন কৰা কোষবোৰকে ধ্বংস কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত ব্লাড চুগাৰৰ মাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পায়। প্ৰায়ে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মৰ মাজত এই ৰোগ অধিক পৰিমাণে দেখা যায়। বহুতে ইয়াৰ লক্ষণসমূহক সাধাৰণ বুলি ভাবি আওকাণ কৰে যদিও সঠিক সময়ত সজাগ হ’লে আৰু সুশৃংখল জীৱনশৈলীৰ সহায়ত ইয়াক নিয়ন্ত্ৰণ কৰা সম্ভৱ। এই ক্ষেত্ৰত যোগগুৰু বাবা ৰামদেৱে যোগাসন আৰু সঠিক খাদ্যাভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দি কিছুমান ফলপ্ৰসূ দিহা আগবঢ়াইছে।
ডায়েবেটিছৰ লক্ষণসমূহ চিনি থওক
অত্যাধিক পিয়াহ লগা, সঘনাই প্ৰস্ৰাৱ হোৱা, নিৰন্তৰ ভাগৰ অনুভৱ কৰা আৰু চকুৰে ধুঁৱলি-কুঁৱলি দেখা— এইবোৰেই হৈছে ডায়েবেটিছৰ প্ৰাথমিক সংকেত। এই লক্ষণসমূহক কেতিয়াও অৱহেলা কৰিব নালাগে। যদিও ডায়েবেটিছৰ কোনো স্থায়ী সমাধান নাই বুলি ভবা হয়, কিন্তু বাবা ৰামদেৱৰ মতে কিছুমান বিশেষ পদ্ধতিৰে নিয়ন্ত্ৰণলৈ আনি পুনৰ সুস্থ জীৱন ঘূৰাই পাব পাৰি।
বাবা ৰামদেৱৰ মতে ডায়েবেটিছৰ মূল কাৰণসমূহ
যোগগুৰু বাবা ৰামদেৱৰ মতে ডায়েবেটিছৰ তিনিটা প্ৰধান কাৰণ আছে। প্ৰথমটো হ’ল পেনক্ৰিয়াছ অকামিলা হোৱা, যাৰ বাবে ইনচুলিনৰ উৎপাদন বাধাগ্ৰস্ত হয়। বহু সময়ত অত্যাধিক ঔষধৰ পাৰ্শ্বক্ৰিয়ায়ো (বিশেষকৈ শিশুৰ ক্ষেত্ৰত) এই সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও বৰ্তমানৰ প্ৰদূষণ আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস তথা জীৱনশৈলী ডায়েবেটিছৰ বাবে সমানেই দায়ী।
খাদ্য তালিকাত আনিবলগীয়া পৰিৱৰ্তন
আহাৰৰ প্ৰভাৱ আমাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত পৰে। ডায়েবেটিছ থাকিলে বিলাহী আৰু ইয়াৰ ৰস, তিয়ঁহ, কেৰেলাৰ ৰস আদি নিয়মিত খোৱা উচিত। ইয়াৰ উপৰিও লাউ, ব্ৰকলি, ভেণ্ডি, পালেং শাক আৰু বিনৰ দৰে পাচলিক অগ্ৰাধিকাৰ দিব লাগে। ডায়েটৰ পৰা ‘চিম্পল কাৰ্বহাইড্ৰেট’ আৰু অধিক গ্লাইচেমিক ইণ্ডেক্স থকা খাদ্য আঁতৰাই শস্য, প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বিযুক্ত খাদ্য (Healthy Fats) অন্তৰ্ভুক্ত কৰক। চেনি, প্ৰচেছড ফুড আৰু চেচুৰেটেড ফেটৰ পৰা সম্পূৰ্ণ আঁতৰি থকাটোৱেই মংগল।
নিম-কেৰেলাৰ বিশেষ থেৰাপী
ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে বাবা ৰামদেৱে এক অতি সহজ অথচ কাৰ্যকৰী থেৰাপীৰ পৰামৰ্শ দিছে। ইয়াৰ বাবে নিম আৰু কেৰেলা ভালদৰে পিহি এটা সমান তলি থকা পাত্ৰত ৰাখিব লাগে আৰু তাৰ ওপৰত প্ৰতিদিনে কিছু সময় খোজ কাঢ়িব লাগে। বাবা ৰামদেৱৰ মতে এই বিশেষ থেৰাপীয়ে ডায়েবেটিছত সকাহ প্ৰদান কৰে।
উপকাৰী যোগাসনসমূহ
ডায়েবেটিছ মুক্ত জীৱনৰ বাবে তেওঁ কেইটামান বিশেষ যোগাসনৰ কথা উল্লেখ কৰিছে। সেইবোৰ হ’ল— মণ্ডূকাসন, যোগ মুদ্ৰাসন, পৱনমুক্তাসন, উত্তানপাদাসন, বজ্ৰাসন আৰু বক্ৰাসন। দৈনন্দিন ৰুটিনত ৫ৰ পৰা ১০ মিনিট সময় এই আসনবোৰ কৰিলে অভূতপূৰ্ব সুফল পোৱা যায়। আনকি যিসকল লোক অসুস্থ নহয়, তেওঁলোকেও ভৱিষ্যতে ৰোগমুক্ত হৈ থাকিবলৈ যোগাসনক জীৱনৰ অংগ কৰি লোৱা উচিত।
সকলোৰে বাবে যোগৰ প্ৰয়োজনীয়তা
পতঞ্জলিৰ প্ৰতিষ্ঠাপক বাবা ৰামদেৱে বিশ্বজুৰি যোগৰ প্ৰসাৰ ঘটাই আহিছে। ভাৰতীয় বৈদিক পৰম্পৰাত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ এক অনন্য স্থান আছে। বৰ্তমান সময়ত বিদেশী লোকেও এই ভাৰতীয় জীৱনশৈলী আঁকোৱালি লৈছে, অথচ আমি নিজৰ শিপাক পাহৰি যোৱাৰ বাবেই কম বয়সতে ৰোগৰ চিকাৰ হৈছো। সেয়েহে সুস্বাস্থ্যৰ বাবে যোগ, ব্যায়াম আৰু পুষ্টিকৰ আহাৰৰ কোনো বিকল্প নাই বুলি বাবা ৰামদেৱে কয়।