দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্য সমস্যাৰ পৰা কেনেকৈ উপশম পাব ? বাবা ৰামদেৱৰ পৰামৰ্শ…

বিভিন্ন কাৰণত পেটৰ সমস্যা হ’ব পাৰে, যেনে আঁহৰ অভাৱ, পানীৰ অভাৱ, আনকি কিছুমান ঔষধৰ প্ৰভাৱত এই সমস্যা হ’ব পাৰে। বাবা ৰামদেৱৰ পৰা জানোঁ আহক কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কি পদক্ষেপ ল’ব পাৰে।

দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্য সমস্যাৰ পৰা কেনেকৈ উপশম পাব ? বাবা ৰামদেৱৰ পৰামৰ্শ...

ৰাজদেৱ

Updated On: 

07 Oct 2025 17:54 PM

কোষ্ঠকাঠিন্য পেটৰ এক সাধাৰণ সমস্যা যদিও পাছত ই আন গুৰুতৰ সমস্য়াৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰা উপশম পাবলৈ বাবা ৰামদেৱে কিছুমান সহজ প্ৰতিকাৰৰ কথা উল্লেখ কৰিছ। ৰামদেৱৰ এই পৰামৰ্শ পালন কৰিলে দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্যৰ পৰাও উপশম পোৱাত সহায় কৰিব পাৰে।

কোষ্ঠকাঠিন্য হ’ল এনে এক অৱস্থা, য’ত মলত্যাগ নিয়মীয়া নহয়, যাৰ ফলত পাচনতন্ত্ৰত মল জমা হয় আৰু মল কঠিন হৈ পৰে। বিভিন্ন কাৰণত এই সমস্যা হ’ব পাৰে, যেনে আঁহৰ অভাৱ, পানীৰ অভাৱ, আনকি কিছুমান ঔষধৰ প্ৰভাৱত এই সমস্যা হ’ব পাৰে। বাবা ৰামদেৱৰ পৰা জানোঁ আহক কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কি পদক্ষেপ ল’ব পাৰে।

কোষ্ঠকাঠিন্যৰ লক্ষণসমূহ কি কি?

কোষ্ঠকাঠিন্যত আক্ৰান্ত লোকসকলে শৌচ কৰিবলৈ অসুবিধাৰ সন্মুখীন হোৱাই নহয়, পেটত অহৰহ গধুৰ অনুভৱ কৰা, ক্ৰেম্প, বিষ, শৌচ কৰাৰ সময়ত বিষ,বমি আদি সমস্যাও অনুভৱ কৰে।

পেটৰ সমস্যাৰ কাৰণ

স্বামী ৰামদেৱৰ মতে, পেটৰ (পাচনতন্ত্ৰ) সমস্যাৰ অন্যতম প্ৰধান কাৰণ হ’ল-ভালদৰে খাদ্য চোবাই নোখোৱা। ইয়াৰ ফলত হজম প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়। যদি আপুনি আপোনাৰ খাদ্য সঠিকভাৱে চোবাই নাখায়, তেন্তে শৰীৰক প্ৰয়োজনীয় পুষ্টিকৰ উপাদান নাপাব পাৰে, যাৰ ফলত শাৰীৰিক দুৰ্বলতাকে ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

সঠিকভাৱে খোৱাটো অতি প্ৰয়োজনীয়

বাবা ৰামদেৱে কৈছে যে, কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা উপশম পাবলৈ লাহে লাহে আহাৰ খাব লাগে আৰু খাদ্য ভালদৰে চোবাই খাব লাগে। দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ গ্ৰহণত ৩০ মিনিট সময় দিব লাগে, আৰু ব্ৰেকফাষ্টৰ বাবে ১৫-২০ মিনিট সময় দিব লাগে। এই অভ্যাসে আপোনাৰ হজম শক্তি উন্নত কৰাই নহয় অতিমাত্ৰা খাদ্য খোৱাতো ৰোধ কৰিব।

এই খাদ্যসমূহ খাব পাৰে

বাবা ৰামদেৱৰ মতে, পাচনতন্ত্ৰ মজবুত কৰাৰ লগতে কোষ্ঠকাঠিন্য দূৰ কৰাৰ বাবে কিছুমান বিশেষ খাদ্য অতি উপকাৰী। কোষ্ঠকাঠিন্যত ভুগি থকা সকলৰ বাবে মধুৰি অতি ভাল। ইয়াৰ উপৰিও আপেলৰ বাকলি খালী পেটত খাব লাগে। হজম শক্তি বেয়া লোকৰ বাবে ই ঔষধ হিচাপে কাম কৰে যদিও আপেল খোৱাৰ আগতে গৰম পানীৰে ধুব লাগে। কোষ্ঠকাঠিন্য দূৰ কৰাত অমিতা উপকাৰী। ১০-১৫টা কিচমিচ আৰু ৩-৫টা ডিমৰু বীজ গৰম পানীত ধুই তাৰ পিছত এঘণ্টাৰ পৰা দুঘণ্টা তিয়াই খালে কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱাই নহয়, হিম’গ্লবিনও বৃদ্ধি পায় আৰু দুৰ্বলতাও কম হয়।

এই খাদ্যসমূহ পৰিহাৰ কৰক

বাবা ৰামদেৱৰ মতে, কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ খাদ্যাভ্যাস উন্নত কৰাটো অতি প্ৰয়োজনীয়। শিশুৱে মেগী, বিস্কুট, চকলেট, ৰিফাইন আটাৰ সামগ্ৰী অত্যধিক সেৱন কৰিলে অন্ত্ৰৰ ক্ষতি হয়, যাৰ ফলত গেছ আৰু কোষ্ঠকাঠিন্য হয়। প্ৰাপ্তবয়স্কসকলেও অত্যধিক তেলযুক্ত আৰু গধুৰ খাদ্য পৰিহাৰ কৰিব লাগে, কিয়নো এনে খাদ্য হজম কৰাটো কঠিন।

এই প্ৰাণায়াম উপকাৰী

বাবা ৰামদেৱৰ মতে, কোষ্ঠকাঠিন্য দূৰ কৰাত কপালভাতি প্ৰাণায়াম অতি ফলপ্ৰসূ। এই প্ৰাণায়ামৰ দৈনিক অভ্যাস কৰিলে মানসিক চাপ হ্ৰাস, শক্তি বৃদ্ধি, ওজন নিয়ন্ত্ৰণ আৰু শ্বাস-প্ৰশ্বাসৰ কাৰ্য উন্নত কৰা আদি উপকাৰ পোৱা যায়। কাহ আৰু চাইনাছৰ দৰে সমস্যাৰ বাবেও ই উপকাৰী।

সুস্থ হজম শক্তিৰ লক্ষণ

বাবা ৰামদেৱৰ মতে, সুস্থ হজম শক্তিৰ লক্ষণসমূহ হ’ল দিনটোত ৰাতিপুৱা, দুপৰীয়া, গধূলি তিনিবাৰকৈ ভোক অনুভৱ কৰা, গেছ নোহোৱা, সঠিক সময়ত মলত্যাগ কৰা, খাদ্য খোৱাৰ পিছত পেটত গধুৰ নোহোৱা আদি। গেছৰ সমস্যা সহজভাৱে ল’ব নালাগে। বহুতৰে বাবে ই এক অতি গুৰুতৰ পৰিস্থিতি হ’ব পাৰে, গতিকে পেটৰ সমস্যাৰ সন্মুখীন হ’লে লগে লগে খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক।

কিয় চুগাৰ বৃদ্ধি পায়? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? সহজ টিপছ জানক
প্ৰদৰ্শনেৰেই নহয়, আচৰণেৰেও হৃদয় জিনিলে ৰিয়ানে; কৰিলে এনে কাম
কি কি ৰোগত আঁঠুৰ বিষ হয় জানেনে? বিশেষজ্ঞৰ পৰা জানক...
খাদ্য খোৱাৰ পিছত চফেই নহয়, এনে প্ৰাকৃতিক সামগ্ৰী চোবাই খালেও পাব অনেক উপকাৰ