কিদৰে তেজত বৃদ্ধি কৰিব হিমগ্ল’বিনৰ মাত্ৰা? বাবা ৰামদেৱে দিছে সহজ তথা কম খৰচী উপায়
তেওঁ উল্লেখ কৰিছে যে ল’ হিমগ্ল’বিন অৰ্থাৎ তেজৰ অভাৱ আৰু বেয়া পাচনতন্ত্ৰ আজিকালি জীৱনশৈলীৰ এক অংশ হৈ পৰিছে। ইয়াৰ ফলত শৰীৰত দুৰ্বলতা, হাত-ভৰি ঠাণ্ডা হৈ থকা আৰু শক্তিৰ অভাৱ অনুভৱ হয়। স্বামী ৰামদেৱে এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ আয়ুৰ্বেদিক সহায়ৰ পৰামৰ্শ দিয়ে।

বাবা ৰামদেৱ
যোগগুৰু বাবা ৰামদেৱৰ মতে, শীতকালত শৰীৰক প্ৰাকৃতিকভাৱে ভিতৰৰ পৰা গৰম কৰি ৰাখিব পাৰি। আচলতে কিছুমান মানুহৰ আনতকৈ বেছি জাৰ লাগে আৰু ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে শৰীৰত তেজৰ অভাৱ। ইয়াৰ উপৰিও দুৰ্বল পাচনতন্ত্ৰই শৰীৰত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে। ৰামদেৱৰ মতে, কিছুমান সহজ উপায় অৱলম্বন কৰি আপুনি শৰীৰক দীৰ্ঘসময় ধৰি সুস্থ কৰি ৰাখিব পাৰে। সাধাৰণতে হজম শক্তি দুৰ্বল লোকসকলৰ কেৱল গেছ বা এচিডিটিৰ সমস্যাই নহয়, বৰঞ্চ ডায়েবেটিছৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়।
ইনচুলিন চেন্সিটিভিটি বৃদ্ধি পোৱাৰ বাবে চুগাৰ হোৱাৰ ভয় থাকে। বাবা ৰামদেৱে কয় যে স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসা দেশীয় পদ্ধতিৰে কৰাটো সম্ভৱ। তেওঁ উল্লেখ কৰিছে যে ল’ হিমগ্ল’বিন অৰ্থাৎ তেজৰ অভাৱ আৰু বেয়া পাচনতন্ত্ৰ আজিকালি জীৱনশৈলীৰ এক অংশ হৈ পৰিছে। ইয়াৰ ফলত শৰীৰত দুৰ্বলতা, হাত-ভৰি ঠাণ্ডা হৈ থকা আৰু শক্তিৰ অভাৱ অনুভৱ হয়। স্বামী ৰামদেৱে এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ আয়ুৰ্বেদিক সহায়ৰ পৰামৰ্শ দিয়ে।
হিমগ্ল’বিনৰ অভাৱ কিদৰে দূৰ কৰিব?
বাবা ৰামদেৱে এটা ভিডিঅ’ত জনাইছে যে কিছুমান মানুহে ঠাণ্ডাত অতি জাৰ অনুভৱ কৰে, ইয়াৰ কাৰণ হ’ল তেজৰ অভাৱ। তেওঁৰ পৰামৰ্শ মতে, আপুনি গাজৰ, বিলাহী, বিট আৰু আমলখিৰ ৰস খাই হিমগ্ল’বিন বৃদ্ধি কৰিব পাৰে। শীতকালৰ এই খাদ্যবোৰত প্ৰচুৰ আইৰণ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে। গাজৰে কেৱল তেজেই নবঢ়ায়, ইয়াত থকা ভিটামিন-এ চকুৰ বাবেও খুবেই প্ৰয়োজনীয়।
আমলখি হ’ল ভিটামিন-চিৰ এক ডাঙৰ উৎস। আমলখি খালে বা ইয়াৰ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু চৰ্দি-কাহৰ পৰা ৰক্ষা পৰে। আমলখিয়ে লিভাৰ ডিটক্স কৰা, চুলি সৰা ৰোধ কৰা আৰু পেটৰ গেছ কম কৰাতো সহায় কৰে। যদি আপুনি এই ৰসত আদা মিহলাই খায়, তেন্তে ই শৰীৰক গৰম কৰি ৰাখে। লগতে আদাই বিপাকীয় ক্ৰিয়া উন্নত কৰে বাবে এই পানীয়ই পাচন শক্তিও উন্নত কৰে।
লগতে আদাৰ এণ্টি-ইনফ্লেমেটৰী গুণৰ বাবে শীতকালত হোৱা গাঁঠিৰ বিষো হ্ৰাস পায়। একেদৰে বিটেও আমাৰ সিৰা-উপসিৰাবোৰ তেজেৰে ভৰাই তোলে। ইয়াৰ সেৱনে শীতকালত এনাৰ্জি লেভেল বজাই ৰাখে আৰু মুখৰ উজ্জ্বলতাও বৃদ্ধি কৰে বুলি বাবা ৰামদেৱে উল্লেখ কৰে।
পালেং, জিলমিল আৰু মেথি শাক
আইৰণৰ অভাৱ দূৰ কৰিবলৈ পালেং শাক খাব পাৰি। বাবা ৰামদেৱে কয় যে পালেং শাকৰ সৈতে অলপ জিলমিল আৰু মেথি শাক মিহলি কৰি ৰান্ধি খাব লাগে। এইবোৰে শৰীৰক গৰম কৰি ৰাখে। শাকত নেমু, আদা আৰু হালধি দিলে শৰীৰত গৰম আহে কাৰণ ইয়াৰ ফলত পুষ্টিকৰ উপাদানবোৰ শৰীৰে ভালদৰে শোষণ কৰিব পাৰে। এই শাকসমূহ অতি কম দামতে পোৱা যায় আৰু অলপ শাৰীৰিক পৰিশ্ৰম বা ৱৰ্কআউট কৰিলে এইবোৰ হজম কৰাও সহজ।
প্ৰতিদিনে মণ্ডুকাসন আৰু ভুজংগাসন কৰক
পাচনতন্ত্ৰ শক্তিশালী কৰিবলৈ আপুনি যোগৰ সহায় ল’ব পাৰে। যোগ কৰিলে কেৱল পাচনতন্ত্ৰই সক্ৰিয় নহয়, লিভাৰেও ঠিকমতে কাম কৰিব পাৰে। বাবা ৰামদেৱে প্ৰতিদিনে মণ্ডুকাসন আৰু ভুজংগাসন কৰিবলৈ পৰামৰ্শ দিছে। লগতে তেওঁ ‘হনুমান দণ্ড’ কৰিবলৈও কৈছে কাৰণ ই গোটেই শৰীৰৰ বাবে উপকাৰী। সুস্থ লিভাৰ আৰু কিডনীৰ কাৰ্যক্ষমতা হিমগ্ল’বিন তৈয়াৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়, কাৰণ কিডনীয়ে এৰিথ্ৰ’প’য়েটিন নামৰ হৰমন উৎপন্ন কৰে যি ৰক্তকণিকা গঠনত সহায় কৰে।