Asthma Symptoms: হাঁপানী ৰোগৰ প্ৰাৰম্ভিক লক্ষণ কি কি? জানক চিকিৎসকৰ পৰা…

Asthma Symptoms: হাঁপানী এক গুৰুতৰ ৰোগ। এই ৰোগত ৰোগীয়ে সাধাৰণতে উশাহ-নিশাহত কষ্ট অনুভৱ কৰে। যেতিয়া এই ৰোগৰ আৰম্ভ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

Asthma Symptoms: হাঁপানী ৰোগৰ প্ৰাৰম্ভিক লক্ষণ কি কি? জানক চিকিৎসকৰ পৰা...

হাঁপানী

Published: 

21 Oct 2025 | 02:03 PM

দেৱালীৰ পাছত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ। বৰ্তমান দিল্লীৰ অৱস্থা অতি বেয়া হৈ পৰিছে। অত্যধিক প্ৰদূষণৰ ফলত মানুহৰ উশাহ-নিশাহত সমস্যা, কাহ, ডিঙিত বিষ আদিকে ধৰি বিভিন্ন সমস্যাই দেখা দিছে। এই সমস্যা কেতিয়াবা বহুতে সাধাৰণ বুলি ভাবে। কিন্তু ই হাঁপানীৰ দৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। গতিকে এই বিষয়ে জনা দৰকাৰ।

হাঁপানী ৰোগ

হাঁপানী ৰোগ একপ্ৰকাৰৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, যি দীৰ্ঘদিন ধৰি থাকে। ইয়াৰ ফলত ৰোগীৰ প্ৰদাহ আৰু বায়ুপথ সংকুচিত হয়। যাৰ বাবে ৰোগীয়ে উশাহ-নিশাহত কষ্ট, বুকুত চাপ অনুভৱ, কাহ, হৃদস্পন্দন দ্ৰুত আদি সমস্যা ভুগিব পাৰে। এই ৰোগ হ’লে ৰোগীয়ে নিজৰ যত্ন লোৱা প্ৰয়োজন।

লক্ষণ

এই ৰোগৰ প্ৰাৰম্ভিক অৱস্থাত কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ জিটিবি হাস্পতালৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপক ডাঃ কুলদীপ কুমাৰে। তেওঁ কয়, দীপাৱলীৰ পিছত বৃদ্ধি পোৱা প্ৰদূষণ আৰু ফটকাৰ ধোঁৱাই বতাহত বিষাক্ত কণিকাৰ পৰিমাণ বৃদ্ধি কৰে। এই কণিকাবোৰে হাওঁফাওঁত সৰ্বাধিক প্ৰভাৱ পেলায়। ইয়াৰ ফলত কিছুমান মানুহৰ হাওঁফাওঁৰ প্ৰদাহ হ’ব পাৰে। যেতিয়া হাঁপানী হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। হাঁপানীৰ কিছুমান সাধাৰণ লক্ষণ হ’ল-

  • সঘনাই কাহ,
  • চৰ্দি
  • বুকুখন হেঁচি ধৰাৰ দৰে অনুভৱ
  • উশাহ লোৱাত কষ্ট পোৱা,
  • বুকুৰ পৰা অস্বাভাৱিক শব্দ
  • অস্বস্তি আদি।

যদি এই সমস্যাসমূহ দীৰ্ঘদিন আৰু বাৰে বাৰে দেখা দি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

কেনেকৈ যত্ন লব

ডাঃ কুলদীপ কুমাৰে কয় যে, হাঁপানী ৰোগীসকলে ঘৰত সঠিকভাৱে যত্ন লোৱা প্ৰয়োজন। বেছি প্ৰদূষণ, ধোঁৱা, ধূলি আদিৰ ঠাইত ওলাই যাব নালাগে। বাহিৰত গ’লে N95 মাস্ক  পৰিধান কৰা দৰকাৰ। লঘু, পুষ্টিকৰ খাদ্য খাওক আৰু প্ৰচুৰ পৰিমাণে পানী খাওক যাতে হাইড্ৰেটেড হৈ থাকে। ইয়াৰোপৰি চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ বা ইনহেলাৰ গ্ৰহণ কৰিব লাগে।

কি কি কৰিব

  • পৰিষ্কাৰ ঠাইত থাকক।
  • ব্যায়াম কৰক।
  • মানসিক চাপ কম কৰক।
  • লগত ঔষধ ৰাখিব।
  • বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

 

অন্য খবৰ পঢ়কঃ চকুত দেখা দিছে নেকি এই ৫টা লক্ষণ? হ’ব পাৰে শৰীৰত বেয়া কলেষ্টেৰল বৃৃদ্ধিৰ ইংগিত, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...