বুকুৰ পৰা অস্বাভাৱিক মাত ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, কেনেকৈ যত্ন ল’ব জানক সকলো…

হাঁপানী এক গুৰুতৰ ৰোগ। এই ৰোগত ৰোগীয়ে শৰীৰৰ বিশেষ যত্ন লোৱা প্ৰয়োজন। বিশেষকৈ বতৰৰ পৰিৱৰ্তনৰ ফলত এই ৰোগ বেছিকৈ হয়। এই সময়চোৱাত ৰোগীয়ে উশাহ-নিশাহত কষ্ট পায়।

বুকুৰ পৰা অস্বাভাৱিক মাত ওলাই নেকি? ই কি ৰোগৰ লক্ষণ, কেনেকৈ যত্ন লব জানক সকলো...

হাঁপানী

Published: 

16 Oct 2025 | 10:40 AM

আজিকালি বহু লোকে হাঁপানী ৰোগত ভোগা দেখা যায়। বতৰৰ পৰিৱৰ্তনে এই ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। হাঁপানী ৰোগ হ’ল ক্ৰনিক হাওঁফাওঁৰ এক ৰোগ যাৰ ফলত উশাহৰ নলী ফুলি যায় বা বায়ুপথ সংকুচিত হয়। ইয়াৰ ফলত উশাহ লোৱাত অসুবিধা, কাহ, বুকুখন হেঁচি ধৰা, বুকুৰ পৰা শব্দ আদিৰ সমস্যাৰ সৃষ্টি হয়। বতৰৰ পৰিৱৰ্তনৰ ফলত এই ৰোগৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰে। অত্যন্ত ঠাণ্ডা বা গৰম, ধূলি, প্ৰদূষণ আদিয়ে এই ৰোগ বৃদ্ধি কৰিব পাৰে।

বতৰৰ পৰিৱৰ্তনৰ সময়ত আৰ্দ্ৰতা, ঠাণ্ডা বা গৰমৰ হঠাৎ পৰিৱৰ্তন হাঁপানী ৰোগীৰ বাবে সমস্যা হ’ব পাৰে। বৰষুণৰ ফলত ঠাণ্ডা বতাহ বা আৰ্দ্ৰতাৰ হঠাৎ পৰিৱৰ্তনে বায়ুপথ অধিক সংবেদনশীল কৰি তুলিব পাৰে। ইয়াৰ ফলত ৰোগীয়ে উশাহ-নিশাহ লোৱাত কষ্ট পায়, বেছিকৈ কাহ আদি হয়। শিশুৰ পৰা বৃদ্ধিলৈকে যিকোনো লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে।

লক্ষণ

হাঁপানীৰ কিছুমান সাধাৰণ লক্ষণ হ’ল-

  • কাহ
  • উশাহৰ সময়ত হুইচেলৰ দৰে শব্দ
  • উশাহ লোৱাত কষ্ট
  • বুকুখনত টান অনুভৱ কৰা
  • বুকুত হেঁচি ধৰাৰ দৰে অনুভৱ
  • অস্বস্তি
  • চৰ্দি
  • এলাৰ্জি
  • চকুৰ তল ক’লা পৰা
  • নিশাৰ সময়ত বেছিকৈ উশাহত কষ্ট পোৱা আদি।

কেনেকৈ যত্ন ল’ব

দিল্লী এমচিডিৰ ডাঃ অজয় ​​কুমাৰে কয় যে, বতৰৰ পৰিৱৰ্তনৰ সময়ত হাঁপানী ৰোগী সজাগ হোৱা অতি প্ৰয়োজন। ইয়াৰ বাবে চিকিৎসকে দিয়া অনুসৰি প্ৰথমে ঔষধ আৰু ইনহেলাৰ ব্যৱহাৰ কৰক।

  • ঘৰ পৰিষ্কাৰ আৰু ধূলিমুক্ত কৰি ৰাখক।
  • ঠাণ্ডা বতাহ বা বৰষুণত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক।
  • মাস্ক ব্যৱহাৰ কৰিবষ
  • ব্যায়াম আৰু যোগাসন কৰক।
  • শীতকালত কোঠাটোত আৰ্দ্ৰতা বজাই ৰাখিব লাগে
  • গ্ৰীষ্মকালত ভালদৰে বায়ু চলাচল কৰা ঠাইত থাকিব লাগে।

চিকিৎসকগৰাকীয়ে কয় যে, যদি হঠাতে কাহ বা উশাহ লোৱাত বেছি কষ্ট অনুভৱ কৰে তেন্তে চিকিৎসকৰ ওচৰলৈ যাব লাগে। পানী নিয়ন্ত্ৰণত ৰাখিবলৈ নিয়মীয়াকৈ পৰীক্ষা আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা পৰীক্ষা কৰাটোও অতি প্ৰয়োজনীয়।

পৰিত্ৰাণৰ উপায়

  • ধূলি, ধোঁৱা, প্ৰদূষণ পৰিহাৰ কৰক।
  • ঠাণ্ডা বতাহৰ সময়ত পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব।
  • ঘৰ চাফ-চিকুনকৈ ৰাখিব।
  • ধূমপান আৰু ধোঁৱা ওলোৱা ঠাইৰ পৰা আঁতৰি থাকক।
  • উশাহ-নিশাহৰ সমস্যা বেছি হ’লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
  • ঔষধ আৰু ইনহেলাৰ সদায় হাতত ৰাখক।

 

 

অন্য খবৰ পঢ়কঃ বুকুত বিষ হয় নেকি? কেনেকৈ জানিব এয়া হাৰ্ট এটেক নে গেছৰ বিষৰ লক্ষণ, চিকিৎসকে জনালে সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব