পতঞ্জলিৰ এই ঔষধে দূৰ কৰিব বাতবিষৰ সমস্যা, গৱেষণাত প্ৰকাশ গুৰুত্বপূৰ্ণ তথ্য

বয়োজ্যেষ্ঠসকলৰ লগতে এতিয়া কম বয়সীয়া লোককো বাতবিষৰ সমস্যাই জুৰুলা কৰা দেখিবলৈ পোৱা গৈছে। বাতবিষৰ সমস্যাক লৈ এতিয়া অৱশ্যে চিন্তিত হোৱাৰ প্ৰয়োজন নাই, কিয়নো আয়ুৰ্বেদতে এতিয়া এই ৰোগৰ প্ৰতিৰোধ আৰু চিকিৎসা বিধান উপলব্ধ হৈছে। পতঞ্জলিৰ অৰ্থগ্ৰিট ঔষধেৰে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি বুলি প্ৰমাণিত হৈছে।

পতঞ্জলিৰ এই ঔষধে দূৰ কৰিব বাতবিষৰ সমস্যা, গৱেষণাত প্ৰকাশ গুৰুত্বপূৰ্ণ তথ্য

বাতবিষৰ পৰা সকাহ দিব পতঞ্জলিৰ এই ঔষধে

Published: 

05 Jul 2025 | 02:56 PM

বয়স বৃদ্ধিৰ লগে লগে মানুহৰ বাতবিষৰ সমস্যা বৃদ্ধি পায়। এই সমস্যা বয়োজ্যেষ্ঠ লোকৰ ক্ষেত্ৰতে সততে দেখা পোৱা যায়। পিছে এতিয়া কম বয়সীয়া লোককো এই বাতবিষৰ সমস্যাই জুৰুলা কৰা দেখিবলৈ পোৱা গৈছে। বাতবিষৰ সমস্যাক লৈ এতিয়া অৱশ্যে চিন্তিত হোৱাৰ প্ৰয়োজন নাই, কিয়নো আয়ুৰ্বেদতে এতিয়া এই ৰোগৰ প্ৰতিৰোধ আৰু চিকিৎসা বিধান উপলব্ধ হৈছে। পতঞ্জলিৰ অৰ্থগ্ৰিট ঔষধেৰে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি বুলি প্ৰমাণিত হৈছে। পতঞ্জলিয়ে কৰা এক গৱেষণাত এই দাবী প্ৰকাশ পাইছে।

এই গৱেষণা এলচেভিয়াৰ পাব্লিকেচনৰ আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনী ফাৰ্মাক’লজিকেল ৰিচাৰ্চ ৰিপ’ৰ্টছত প্ৰকাশ পাইছে। এই অধ্যয়নত বাতবিষৰ ফলত হোৱা প্ৰদাহ হ্ৰাস কৰা, কাৰ্টিলেজৰ (কোমলাস্থি) সমস্যা ৰোধ কৰা আৰু গাঁঠিৰ কাৰ্যক্ষমতা বজাই ৰখাত অৰ্থগ্ৰিট ফলপ্ৰসূ বিবেচিত হোৱা বুলি উল্লেখ কৰা হৈছে।

পতঞ্জলিৰ সহ-প্ৰতিষ্ঠাপক আচাৰ্য বালকৃষ্ণই কয় যে বৰ্তমান সময়ত আঁঠুৰ বিষ নোহোৱা বৃদ্ধ ব্যক্তি প্ৰায় নাই বুলিব পাৰি। বৰ্তমানৰ চিকিৎসা পদ্ধতিয়ে পিছে মূল সমস্যাৰ ওপৰত নহয়, কেৱল লক্ষণৰ ওপৰতহে কাম কৰে বুলি তেওঁ উল্লেখ কৰে। আয়ুৰ্বেদে প্ৰতিটো ৰোগৰ মূল কাৰণ চিনাক্ত কৰি তাৰ সমাধান দাঙি ধৰে বুলিও তেওঁ লগতে কয়। এই আয়ুৰ্বেদ আৰু আধুনিক বিজ্ঞানৰ সংমিশ্ৰণত অৰ্থগ্ৰিট প্ৰস্তুত কৰা হৈছে আৰু এই ঔষধৰ বাতবিষৰ দৰে সমস্যা নিৰ্মূল কৰাৰ ক্ষমতা আছে বুলি কোৱা হৈছে।

আচাৰ্য বালকৃষ্ণই সদৰী কৰা মতে অৰ্থগ্ৰিট বচ, মুথা, অশ্বগন্ধা, পনৌনোৱা, পচতীয়া ইত্যাদি প্ৰাকৃতিক বনৌষধিৰ পৰা তৈয়াৰ কৰা হৈছে। এই বনৌষধিসমূহ প্ৰাচীন কালৰে পৰা সনাতন সংস্কৃতিত গাঁঠিৰ বিষ, গাঁঠি ফুলি উঠা আদি সমস্যাৰ ক্ষেত্ৰত উপকাৰী হিচাপে বিবেচিত হৈছে। পতঞ্জলি গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ডাঃ অনুৰাগ বাৰ্শ্বণীয়ে কয় যে বাতবিষ হৈছে বিশ্বৰ কোটি কোটি লোক আক্ৰান্ত হোৱা এক দীৰ্ঘদিনীয়া ৰোগ। ‘এই গৱেষণাত আমি মানুহৰ কাৰ্টিলেজ কোষৰ 3D Spheroid আৰু C. elegans ৰ ওপৰত অধ্যয়ন কৰিছো’- এইদৰে কয় ডাঃ অনুৰাগ বাৰ্শ্বণীয়ে।

অৰ্থগ্ৰিটে মানৱ কাৰ্টিলেজ কোষক প্ৰদাহৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰাৰ লগতে Reactive Oxygen Species (ROS) হ্ৰাস কৰিছিল, আৰু IL-6, PEG-2 আৰু IL-1βৰ দৰে প্ৰদাহজনিত চিহ্নিতকাৰীৰ মাত্ৰা হ্ৰাস কৰাৰ লগতে JAK2, COX2, MMP1, MMP3, ADAMTS-4 জিনৰ প্ৰকাশ সংশোধন কৰিছিল বুলিও গৱেষণাত প্ৰকাশ পাইছে। এই ঔষধৰ ওপৰত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে অৰ্থ’গ্ৰিটে কেৱল বাতবিষৰ লক্ষণসমূহ হ্ৰাস কৰাই নহয়, ৰোগৰ প্ৰকোপ বৃদ্ধিতো বাধা দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...