কণীৰ সৈতে চুলিত লগাওক এই কেইবিধ সামগ্ৰী, জিলিকিব আপোনাৰ চুলি!
প্ৰদূষিত পানী, অত্যাধীক প্ৰদূষণ, মানসিক চাপ আদি চুলি সৰাৰ অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে। কিন্তু ঘৰুৱা উপায়েৰে এই সমস্যাৰ পৰা বহু খিনি সকাহ পাব পাৰে।

কণীত বহু পৰিমাণে প্ৰটিন থাকে। প্ৰটিনে চুলি শক্তিশালী হোৱাত বহু পৰিমাণে সহায় কৰে। চুলিত কণী লগালে চুলিখিনি কোমল আৰু চিকমিকিয়া হোৱাই নহয়, চুলিকো শক্তিশালী কৰে, যাৰ ফলত চুলি সৰাও ৰোধ হয়। কণীৰ লগত কিছু উপাদান মিহলাই চুলিত লগালে দুগুণ সুফল পাব পাৰে। গতিকে কণীত কোনবোৰ বস্তু লগালে চুলি মসৃণ আৰু চিকমিকিয়া হ’ব জানক।
আমলখি আৰু কণীঃ কণীৰ লগত মিহলাই আমলখি লগাব পাৰে। আমলখিয়ে চুলিক শক্তিশালী কৰিব যদিও কণীয়ে জিলিকি থকা আৰু শক্তি দুয়োটা দিয়াৰ কাম কৰিব। এই উপাদানসমূহ মিহলাই ১৫ দিনত এবাৰ লগালে চুলি সুস্থ হ’বলৈ আৰম্ভ কৰিব।
দৈ আৰু কণীঃ দৈ আৰু কণীৰ সংমিশ্ৰণ চুলিৰ বাবে উপকাৰী। প্ৰথমে এটা বাটিত কণীটো বিট কৰি তাৰ পিছত তাত দৈ দি মিহলাই লওক। প্ৰস্তুত কৰা হেয়াৰ মাস্কটো মূৰৰ ছালৰ পৰা মূৰলৈকে চুলিত লগাব লাগে। প্ৰতি সপ্তাহত এই মাস্ক লগালে চুলি কেৱল কোমল আৰু মসৃণ হোৱাই নহয়, ইয়াৰ বাহিৰেও উফি, মূৰ ফাটি যোৱা, চুলি সৰা আদি সমস্যাও আঁতৰি যাবলৈ আৰম্ভ কৰিব।
এভকাডোৰ লগত কণী মিহলাই লওকঃ এভকাডোৰ লগত কণী মিহলাই চুলিত লগাব পাৰে। এভকাডোৰ ভিতৰ অংশ উলিয়াই ভালদৰে গুড়ি কৰি লওক বা মিহলাই লওক। ইয়াৰ পিছত প্ৰয়োজন অনুসৰি এটা বা দুটা কণী দিব। এই মিক্সাৰ চুলিত লগাওক আৰু কমেও ৩০ মিনিটৰ পিছত চুলি ধুব। ইয়াৰ ফলত আপোনাৰ চুলিখিনি পুষ্টি লাভ কৰাৰ লগতে কোমল হোৱাৰ লগতে শক্তিশালীও হ’ব।