নদী,পুখুৰীত গা ধোৱাৰ সময়ত সাৱধান! মগজু খোৱা এমিবাই ল’লে ১৯ জনৰ প্ৰাণ, জানক লক্ষণ…

এমিবা সংক্ৰমণ এক গুৰুতৰ ৰোগ। এই ৰোগত মৃত্যুৰ হাৰ বেছি। শেহতীয়াকৈ কেৰালাত এই ৰোগত আক্ৰান্ত হৈ ১৯ জন লোকৰ মৃত্যু হৈছে। গতিকে প্ৰশ্ন হয়, এই ৰোগ কি, কেনেকৈ হয় আৰু কি কি লক্ষণে দেখা দিয়ে।

নদী,পুখুৰীত গা ধোৱাৰ সময়ত সাৱধান! মগজু খোৱা এমিবাই ললে ১৯ জনৰ প্ৰাণ, জানক লক্ষণ...

এমিবা

Published: 

19 Sep 2025 13:23 PM

শেহতীয়াকৈ এমিবা সংক্ৰমণৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছে। তথ্য অনুসৰি কেৰালাত মগজু খোৱা এমিবা সংক্ৰমণৰ ফলত ১৯ জন লোকৰ মৃত্যু হৈছে। এই কথাই এতিয়া বিভিন্নজনক চিন্তাত পেলাইছে। কিয়নো বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছিল যে, এই বিৰল ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বিশ্বজুৰি ৫০০ তকৈ কম। তেনে ক্ষেত্ৰত কেৱল কেৰালাতে ১২০ জন ৰোগী ধৰা পৰিছে। ৰাজ্যখনত এমিবাৰ সংক্ৰমণ বৃদ্ধি পোৱাতো বিভিন্নজনৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। কিয়নো এতিয়ালৈকে এই ৰোগৰ নিৰ্দিষ্ট চিকিৎসা বা ভেকচিন নাই। এই সংক্ৰমণ মগজু পালে মৃত্যু হ’ব পাৰে।

এমিবা ক’ত থাকে

এমিবা সাধাৰণতে লেতেৰা পানী, গৰম মিঠা পানী আদিত থাকে। গা ধুই থকাৰ সময়ত বা নদীত সাঁতুৰি থকাৰ সময়ত এই এমিবা নাকেৰে শৰীৰত প্ৰৱেশ কৰে। পাছত এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰে। গ্ৰাম্যাঞ্চলত এই ৰোগ বেছিকৈ হোৱা দেখা যায়। কিয়নো বহু লৰা-ছোৱালীয়ে নদী,হ্ৰদ, পুখুৰী আদিত গা ধোৱে।

কেনেকৈ আক্ৰমণ কৰে

এই সন্দৰ্ভত সফদাৰজং হাস্পতালৰ কমিউনিটি মেডিচিন বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ যুগল কিশোৰ সবিশেষ উল্লেখ কৰিছে। তেওঁ কৈছে যে, খোৱা পানীৰ জৰিয়তে এমিবা শৰীৰত প্ৰৱেশ নকৰে। ই নাকেৰে প্ৰৱেশ কৰে। সাঁতোৰা, গা ধোৱা আদি বিভিন্ন প্ৰক্ৰিয়াত নাকেৰে এমিবা শৰীৰত প্ৰৱেশ কৰে। এমিবা পোনে পোনে মগজুলৈ যায়।এই সংক্ৰমণৰ ফলত হোৱা ৰোগক প্ৰাইমেৰী এমিবিক মেনিনগোএনচেফেলাইটিছ (PAM) বুলি কয়।

চিকিৎসকগৰাকীৰ মতে, প্ৰথম অৱস্থাত লক্ষণসমূহ সাধাৰণ ভাইৰাছৰ সংক্ৰমণৰ দৰে লাগে। কিন্তু লাহে লাহে ৰোগীৰ বিভ্ৰান্তি, আক্ৰমণাত্মক স্বভাৱ, কোমাত যোৱাৰ দৰে অৱস্থা আদি হয়। এই সংক্ৰমণ দ্ৰুত গতিত বিয়পি পৰে। ইয়াৰোপৰি এই ৰোগত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ বেছি।

লক্ষণ

  • মূৰৰ বিষ,
  • জ্বৰ,
  • বমি হোৱা,
  • ডিঙিত সমস্যা,
  • ভাগৰ,
  • বিভ্ৰান্তি আদি।

চিকিৎসকগৰাকীয়ে কয় যে, এমিবা সংক্ৰমণ হ’লে প্ৰথম অৱস্থাত ধৰা পেলোৱা কঠিন। কিয়নো বহু ক্ষেত্ৰত লক্ষণে দেখা নিদিয়ে আৰু এই ৰোগ বাঢ়ি গৈ থাকে। ইয়াৰ বাবে মৃত্যুৰ হাৰ ৯৫%তকৈ অধিক।

প্ৰতিৰোধৰ উপায়

  • খোৱা আৰু গা ধোৱাৰ বাবে সদায় পৰিষ্কাৰ বা গৰম পানী ব্যৱহাৰ কৰিব লাগে।
  • পুখুৰী, হ্ৰদ আদি মুকলি পানীত গা ধুওঁতে বা সাঁতুৰি থাকোঁতে নাকত পানী সোমাবলৈ দিব নালাগে।
  • কোনো লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ বুকুত বিষ, উশাহ-নিশাহত কষ্ট…হৃদযন্ত্ৰ বিকল হ’লে দেখা দিয়ে এই ৬ টা লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

ওজন বৃদ্ধি, আৰু ভাগৰ... এয়া বৃক্কজনীত সমস্যাৰ লক্ষণ নেকি?
১০ বছৰ পাছত বিৰল সংযোগ! নৱেম্বৰত কপাল ফুলিব এই ৰাশিৰ লোকৰ...
প্ৰথম প্ৰতিদ্বন্দীয়েই হ’ব পাকিস্তান, এছিয়া কাপ ছুপাৰ-৪ত কেতিয়া ভাৰতৰ মেচ!
বুৰ্জ খালিফাত প্ৰৱেশ কৰিবলৈ কিমান টকাৰ প্ৰয়োজন হয়? জানক...