ননদে পলুৱাই লৈ গ’ল বৌয়েকক! চিন্তিত স্বামী কাষ চাপিল আৰক্ষী…

আপুনি হয়তো প্ৰেমৰ লগত জড়িত বিভিন্ন কাহিনী শুনিছে। শেহতীয়াকৈ এনে এক কাহিনী পোহৰলৈ আহিছে যিয়ে আচৰিত কৰিব আপোনাক। এগৰাকী ননদে বোয়েকক পলুৱাই লৈ যায়।

ননদে পলুৱাই লৈ গল বৌয়েকক! চিন্তিত স্বামী কাষ চাপিল আৰক্ষী...

বৌয়েক-ননদ

Published: 

26 Sep 2025 | 10:31 AM

মোৰ ভগ্নীয়ে মোৰ পত্নীক পলুৱাই লৈ গৈছে- এই ডাঙৰ অভিযোগ এগৰাকী মহিলাৰ স্বামীৰ। তেওঁ অভিযোগ কৰে যে, পত্নী আৰু তেওঁৰ ভগ্নীৰ মাজত সম্পৰ্ক অতি ঘনিষ্ঠ হৈ পৰিছিল। পাছত দুয়ো একেলগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু হঠাতে এতিয়া তেওঁৰ পত্নী নিৰুদ্দেশ হৈ পৰিছে। ইফালে ভগ্নী ঘৰলৈ উভতি আহিছে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰত।

ঘটনা সন্দৰ্ভত পোহৰলৈ  অহা তথ্য অনুসৰি, ৩০ বছৰীয়া আশুতোষ বংশালে প্ৰায় সাত বছৰ পূৰ্বে সন্ধ্যা নামৰ যুৱতীগৰাকীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। প্ৰথম অৱস্থাত তেওঁলোকৰৰ সম্পৰ্কত পৰিয়ালে আপত্তি দৰ্শাইছিল যদিও পাছত মানি লৈছিল। দুয়োৰে এটা পুত্ৰ সন্তানো আছিল।

পৰৱৰ্তী সময়ত তেওঁলোকে চাকৰিসূত্ৰে ভাড়াঘৰত থাকিবলৈ লয়। কিন্তু তেতিয়াই তেওঁলোকৰ ঘৰলৈ আশুতোষৰ মোমায়েকৰ ভগ্নী মানসী আহিবলৈ আৰম্ভ কৰে। লাহে লাহে সন্ধ্যাৰ সৈতে মানসীৰ ঘনিষ্ঠতা বৃদ্ধি পাই আহে। এই ক্ষেত্ৰত আশুতোষেও কোনো সন্দেহ কৰা নাছিল। কিন্তু হঠাতে এদিন ১৩ আগষ্টৰ পুৱা দুয়ো নিৰুদ্দেশ হয়।

আশুতোষে দিন-ৰাতি পত্নীক বিচাৰে যদিও কোনো খবৰ লাভ নকৰে। পাছত নিজে নিজে আহি ঘৰত উপস্থিত হয় সন্ধ্যা আৰু মানসী। কেইটামান দিন সকলো স্বাভাৱিক আছিল যদিও পুনৰ ২২ আগষ্টত দুয়ো নিৰুদ্দেশ হয়। সেই সময়ত আশুতোষৰ সন্দেহ ওপজে। যাৰ বাবে তেওঁ সন্ধ্যাই এৰি যোৱা ফোনটো চেক কৰে। যেতিয়া আশুতোষে বৌয়েক আৰু ভগ্নীৰ মেছেজ দেখা পাই তেতিয়া আচৰিত হৈ পৰে। কিয়নো দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। পলাই যোৱাৰ পৰিকল্পনা দুয়ো কৰিছিল।

কিন্তু আচৰিত কথা এয়াই যে, এইবাৰ মানসী ঘৰলৈ উভতি আহিছে আৰু সন্ধ্যাৰ কোনো খা-খবৰ নাই। যাৰ বাবে স্বামীয়ে ভগ্নীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এই সমগ্ৰ বিষয়টোত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিন্তু এতিয়ালৈকে সন্ধ্যাৰ কোনো সম্ভেদ পোৱা নাই।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানক আঘাত! কাশ্মীৰ বিষয়টোৰ ওপৰত আমেৰিকাৰ ডাঙৰ মন্তব্য, ক’লে- আমি আগ্ৰহী নহয়…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...