শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঘোৰ অন্ধকাৰ! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰিল বাহন, মেঘালয়ত মৃত্যু ৫ জনৰ…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫জনকৈ লোকে। দেওবাৰে নিশা মেঘালয়ত সংঘটিত হয় এই ঘটনা। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘোৰ অন্ধকাৰ! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰিল বাহন, মেঘালয়ত মৃত্যু ৫ জনৰ…
বাহনখন
barasha-sarma
Barasha Sarma | Updated On: 04 Aug 2025 16:18 PM

এক মৰ্মান্তিক ঘটনা। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫জনকৈ লোকে। জানিব পৰা মতে, দেওবাৰ (৩আগষ্ট) নিশা শিলচৰ-ডাৱকী পথত বাহন এখন দুৰ্ঘটনাতপতিত হয়। যাৰ ফলত এই আটাইকেইজন লোকে প্ৰাণ হেৰুৱায়। ঘটনাৰ বিৱৰণী অনুসৰি নিশা বাহনখন গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে। ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংগাইনত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাহনখন শ্বিলঙৰ পৰা পাইনুৰ্ছলালৈ গৈ আছিল। কিন্তু দুৰ্বল দৃশ্যমানতা আৰু গাৰ্ড ৱাল নথকাৰ বাবে চালকে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই আৰু দুৰ্ঘটনা সংঘটিত হয়। ঘাইপথৰ নিৰ্মাণৰত অংশৰ সমীপত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, ২০২৩ চনৰ পৰা এই ঘাইপথটো নিৰ্মাণৰ কাম চলি আছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, নিশা প্ৰায় ৯:০২ বজাত এজন পথচাৰীৰ পৰা তথ্য লাভ কৰে যে ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংগাইনত এখন বাহন দ’ খাৱৈত পৰি যায়। লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুৰ্ঘটনাতপতিত হোৱা গাড়ীখনৰ নম্বৰ ML05-U-4926 । এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাহনখনো যথেষ্ঠ ক্ষতিগ্ৰস্ত হয়।

আৰক্ষীয়ে জনাই যে ঘটনাস্থলীৰ পৰা লোককেইজনৰ পৰিচয়পত্ৰ উদ্ধাৰ কৰি চিনাক্তকৰণৰ কাম কৰা হয়। তাৰ পাছতে পৰিয়ালক ঘটনা সন্দৰ্ভত খবৰ দিয়ে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

 

অন্য খবৰ পঢ়কঃ ১৬ খনকৈ ৰে’ল ভাড়াত লৈছে চৰকাৰে! পুনৰ কিহৰ আয়োজন মহম্মদ ইউনুছৰ…