প্ৰথমে শাৰীৰিক সম্পৰ্ক! পাছত এটা গাঁত খুন্দিলে আৰু…বিবাহিতা প্ৰেমিকাৰ সৈতে প্ৰেমিকৰ ভয়ংকৰ কাণ্ড…

দেশত বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ সম্পৰ্কৰ ঘটনা। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে। এগৰাকী মহিলাই মনে মনে প্ৰেমিকক লগ কৰিবলৈ যায় আৰু হঠাতে নিৰুদ্দেশ হৈ পৰে। যেতিয়া আৰক্ষীয়ে তদন্ত কৰে তেতিয়া ভয়ংকৰ তথ্য পোহৰলৈ আহে।

প্ৰথমে শাৰীৰিক সম্পৰ্ক! পাছত এটা গাঁত খুন্দিলে আৰু...বিবাহিতা প্ৰেমিকাৰ সৈতে প্ৰেমিকৰ ভয়ংকৰ কাণ্ড...

মহিলাগৰাকী-অভিযুক্ত

Published: 

07 Oct 2025 09:32 AM

এক গাৰ নোম শিয়ৰি উঠা ঘটনা। এগৰাকী বিবাহিতা মহিলাৰ লগত প্ৰেমিকে সংঘটিত কৰে ভয়ংকৰ কাণ্ড। জানিব পৰা মতে, মহিলাগৰাকীয়ে বিয়াৰ পাছতো প্ৰাক্তন প্ৰেমিকক লগ কৰি আছিল। কিন্তু সেই প্ৰেমিকে তেওঁক হত্যা কৰে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ নিৱাৰী জিলাত।

তথ্য অনুসৰি, মহিলাগৰাকীয়ে প্ৰায়ে প্ৰেমকিক লগ কৰিছিল। ঘটনাৰ দিনাও তেওঁ প্ৰেমিকক লগ কৰিব গৈছিল। তাৰ পাছত প্ৰেমিকে বিবাহিতা প্ৰেমিকাৰ সৈতে প্ৰথমে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে আৰু পাছত হত্যা কৰে। ইমানেই নহয়, প্ৰেমিকাৰ মৃতদেহ ঘৰৰ মজিয়াত পুতি থয়, আৰু পাছত সেই মৃতদেহ ৰখা মজিয়াতে বিচনা ৰাখি প্ৰেমিকে শুবলৈ আৰম্ভ কৰে।

জানিব পৰা মতে, মহিলাগৰাকী কেইটামান দিন ধৰি নিৰুদ্দেশ হৈ আছিল। এই সন্দৰ্ভত স্বামী আৰু পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে বিয়াৰ পূৰ্বে মহিলাগৰাকীৰ ৰতিৰাম ৰাজপুতৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। বিবাহৰ পাছতো তেওঁলোক যোগাযোগ আছিল। এনে অৱস্থাত সন্দেহৰ ভিত্তিত আৰক্ষীয়ে ৰতিৰামক জেৰা কৰে আৰু পাছত সকলো তথ্য পোহৰলৈ আহে।

অভিযুক্তই কয় যে, মহিলাগৰাকীৰ বিয়াৰ পূৰ্বে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। বিয়াৰ পাছতো তেওঁলোকে সম্পৰ্ক ৰক্ষা কৰিছিল। কিন্তু কেইটামান দিন ধৰি মহিলাগৰাকীয়ে ৰতিৰামক বিয়াৰ বাবে হেঁচা দি আছিল। তেওঁ স্বামীক এৰিবলৈও সাজু আছিল। কিন্তু ৰতিৰামে মহিলাগৰাকীক বিয়া পাতিব বিচৰা নাছিল।

গতিকে ৰতিৰামে হত্যাৰ পৰিকল্পনা ৰচে। অভিযুক্তই কয়, “পৰিকল্পনা অনুসৰি ২ অক্টোবৰত মই তেওঁক মোৰ গাঁৱৰ ঘৰলৈ মাতি পঠিয়াও। প্ৰথমে আমি শাৰীৰিক সম্পৰ্ক স্থাপন কৰো। তাৰ পাছতে তেওঁক ডিঙি চেপি হত্যা কৰো”। ইমানেই নহয়, তেওঁ বন্ধু কালিচৰণ, মুকেশ, জ্ঞান সিঙৰ সৈতে ঘৰৰ মজিয়াত মহিলাগৰাকীৰ মৃতদেহ পুতি থৈ দিয়ে। পাছত মজিয়াখন ভালদৰে গোবৰ-মাটিৰে মচি তাত বিচনা এখন পাৰে। এই বিচনাতে দুটা দিন শুৱে তেওঁ।

আচৰিত কথা এয়াই যে, গ্ৰেপ্তাৰৰ পাছত অভিযুক্তই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গতিকে আৰক্ষীয়ে কেতিয়া অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সেয়া লক্ষণীয় হ’ব।

 

অন্য খবৰ পঢ়কঃ ৰাজনীতিৰ ক্ষেত্ৰখন অতি বেয়া, সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ সুযোগ লৈছেঃ দীপলিনা ডেকা

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...