‘ছোৱালী দুজনীক লৈ সেইদিনা পলাই নোযোৱাহেঁতেন…’, মুৰ্শিদাবাদ হিংসাৰ ভয়াৱহতাৰ বৰ্ণনা এগৰাকী ভুক্তভোগী মহিলাৰ

চৌপাশে তেতিয়া সশস্ত্ৰ দুৰ্বৃত্তৰ দপদপনি । ইটোৰ পাছত সিটো ঘৰত তাণ্ডৱ চলাইছিল সেই দুৰ্বৃত্তই । নিজৰ দুই কন্যাক লৈ কোনোমতে প্ৰাণটো বচোৱাৰ চেষ্টা কৰিছিল দিগৰী গাঁৱৰ পাল দম্পতীয়ে ।

ছোৱালী দুজনীক লৈ সেইদিনা পলাই নোযোৱাহেঁতেন..., মুৰ্শিদাবাদ হিংসাৰ ভয়াৱহতাৰ বৰ্ণনা এগৰাকী ভুক্তভোগী মহিলাৰ

মুৰ্শিদাবাদ হিংসাৰ ভুক্তভোগী

Published: 

18 Apr 2025 14:00 PM

ৱাকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ মাজতে পশ্চিমবংগৰ মুৰ্শিদাবাদত সংঘটিত হিংসাত্মক ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছে । একাংশ দুৰ্বৃত্তই অস্ত্ৰ-শস্ত্ৰ লৈ অঞ্চলটোৰ একাংশ লোকক আক্ৰমণ কৰা দেখা গৈছে । জ্বলাই দিয়া হৈছে আৰক্ষীৰ বাহন । আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে আৰক্ষীক । চোৰাংচোৱা সূত্ৰমতে বাংলাদেশী মৌলবাদী এই ঘটনাৰ আঁৰত জড়িত আছে । বাংলাদেশৰ পৰা সীমা পাৰহৈ অহা একাংশ যুৱকক সীমামূৰীয়া স্থানৰ অবৈধ মাদ্ৰাছাত প্ৰশিক্ষণ দিয়া হৈছিল হিংসা বিয়পোৱাৰ বাবে । এই হিংসাৰ বলি হোৱা এগৰাকী মহিলাই বৰ্ণনা কৰিলে এই নৃশংসতাৰ ।

চৌপাশে তেতিয়া সশস্ত্ৰ দুৰ্বৃত্তৰ দপদপনি । ইটোৰ পাছত সিটো ঘৰত তাণ্ডৱ চলাইছিল সেই দুৰ্বৃত্তই । নিজৰ দুই কন্যাক লৈ কোনোমতে প্ৰাণটো বচোৱাৰ চেষ্টা কৰিছিল দিগৰী গাঁৱৰ পাল দম্পতীয়ে । যেতিয়া তেওঁলোকে বুজি পালে যে দুৰ্বৃত্তক বাধা দিয়া অসম্ভৱ, তেতিয়া পাল দম্পতী আৰু তেওঁলোকৰ দুই কন্যাই কেনেবাকৈ ঘৰৰ পিছফালৰ দুৱাৰেদি ওলাই আহি ওখ দেৱাল বগাই পলায়ন কৰে । বিদ্যুৎ বিভাগৰ অভিযন্তা তথা দিগৰী গাঁৱৰ বাসিন্দা কেষ্ট পালৰ পত্নীয়ে কান্দি কান্দি কয়, “সেইদিনা আমি যদি আমাৰ ছোৱালীকেইজনীক লৈ পলাই নাহিলোহেঁতেন তেন্তে হয় আমাৰ ছোৱালীকেইজনীক লৈ গ’লহেঁতেন, নহয়তো ঘৰৰ ভিতৰতে জীৱন্তে জ্বলাই দিলেহেঁতেন । সেই দুস্কৃতিকাৰীয়ে আমাক জীয়াই থাকিবলৈ নিদিলেহেঁতেন । সকলো লৈ গুচি গ’ল । ঘৰৰ ভিতৰত একোৱেই বাকী নাথাকিল ।”

কেইবছৰমান আগতে তেওঁলোকৰ ডাঙৰ ছোৱালীজনীক বিয়া দিছিল । মাজু আৰু সৰু ছোৱালী দুজনীৰ বিয়াৰ বাবে ১০ ভৰী সোণ আৰু প্ৰায় এক লাখ টকা ঘৰৰ আলমাৰীত ৰাখিছিল । সেই টকা আৰু সোণৰ গহনাবোৰ সকলো লুটি নিয়ে দুৰ্বৃত্তই । “সকলো বস্তু লুটি লৈ গুচি গ’ল” মহিলাগৰাকীয়ে চকুলো টুকি কয় । ঘৰৰ ভিতৰত দেখা গ’ল লোহাৰ আলমাৰীটো ভাঙি পেলাইছে । পাকঘৰৰ ফ্ৰীজৰ পৰা আৰম্ভ কৰি গেছ অ’ভেনলৈকে সকলো থান-বান কৰি পেলোৱা হৈছে । ঘৰৰ বিভিন্ন অংশত অগ্নিসংযোগ কৰা হৈছে । মহিলাগৰাকীয়ে আক্ষৰিক অৰ্থত কন্যা সন্তানৰ জীৱনৰ বাবে ভিক্ষা মাগে । জীয়াই থাকিব বিচাৰে তেওঁলোক । কিন্তু সেই ভয়াৱহতা শাম কাটিলেও ভয়ানক স্মৃতি এতিয়াও দুচকুত ভাঁহি আছে । গতিকে অসহায় দম্পতীটোৱে সেই অঞ্চলত থাকিব খোজা নাই ।

যোৱা শুকুৰবাৰৰ পৰা শনিবাৰৰ বিয়লিলৈকে শ্বমশ্বেৰগঞ্জৰ বিভিন্ন অঞ্চলত অব্যাহত থাকে হিংসাত্মক ঘটনা । তৃণমূলৰ বিধায়কগৰাকীয়ে জনপ্ৰতিনিধি হিচাপে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিছেনে? নেতাজী ইনড’ৰ ষ্টেডিয়ামত সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধিৰ বৈঠকত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনপ্ৰতিনিধি সম্পৰ্কে কৰা মন্তব্যৰ পিছত এই প্ৰশ্নটোৱে তাৎপৰ্য বহন কৰিছে । বৃহস্পতিবাৰে পুৱা অঞ্চলটোৰ বিধায়কগৰাকীয়ে ঘৰে ঘৰে গৈ শ্বমশ্বেৰগঞ্জৰ অন্যতম প্ৰধান ক্ষতিগ্ৰস্ত অঞ্চল ডিগৰী গাঁৱত বাসিন্দাসকলৰ ঘৰ পৰিদৰ্শন কৰা দেখা গৈছিল ।

কিছু ক্ষোভেৰে তেওঁ কয়, “সেই ঘটনা ঘটাৰ দিনৰে পৰা মই সাধাৰণ মানুহৰ অঞ্চললৈ গৈছোঁ । কোনে অভিযোগ কৰিছে তাক মই গুৰুত্ব নিদিওঁ । মানুহে জানে যে মই তেওঁলোকৰ পক্ষত আছো । মই মোৰ বিধানসভা সমষ্টিৰ প্ৰতিটো অঞ্চল ভ্ৰমণ কৰি আহিছো য’ত ক্ষতি হৈছে । গতিকে মোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভুল ।”

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension